--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাছৰ ভিতৰত ৰৌ মাছ বহুতৰে বাবে প্ৰিয় মাছ। ৰৌ মাছৰ সোৱাদো অপূৰ্ব। কেৱল মুখৰ জুতিৰ বাবেই নহয়, ৰৌ মাছে আমাৰ শৰীৰৰ অন্যতম অংগ হৃদযন্ত্ৰক নানান বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। হৃদযন্ত্ৰটোক সুস্থ-সৱল কৰি ৰাখিবলৈ যি ধৰণৰ প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন সেয়া ৰৌ মাছত প্ৰচুৰ পৰিমাণে পোৱা যায়।

সেয়ে মাছৰ ভিতৰত অন্যতম উপকাৰী মাছ হৈছে এই ৰৌ মাছ। ৰৌ মাছে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে।

ৰৌ মাছত আন বহু মাছৰ তুলনাত কেল’ৰিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকসকলেও নিয়মিত এই মাছ খাব পাৰে।

ৰৌ মাছৰ তেলত থকা থকা ওমেগা-৩ নামৰ ফেটি এচিডে তেজৰ বাবে ক্ষতিকাৰক কলেষ্ট’ৰেল এলডিএল তথা ভিএলডিএল হ্ৰাস কৰাৰ লগতে উপকাৰী কলেষ্ট’ৰেল এইচডিএলৰ পৰিমাণ বৃদ্ধি কৰে।

ফলত হৃদযন্ত্ৰত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়।


ৰৌ মাছত অমেগা ৩ ফেটি এচিড থাকে। অমেগা ৩ ফেটি এচিড হৈছে অত্যাৱশ্যকীয় ফেটি এচিড, যি বিধ এচিড শৰীৰে নিজে সৃষ্টি কৰিব নোৱাৰে। আমি সেইবোৰ খাদ্যৰ পৰা লাভ কৰিব লাগিব। অমেগা ৩ ফেটি এচিডৰ বহুতো লাভালাভ আছে। এইবোৰে বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ই আনকি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

আমেৰিকাৰ স্কুল অফ নিউট্ৰিশ্যনৰ জাৰ্ণেলত প্ৰকাশ পোৱা অনুসৰি ৰৌ মাছে উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰে । কাৰণ ৰৌ মাছত থকা অমেগা ৩ ফেটি এচিডে উচ্চ ৰক্তচাপ থাকিলে সেয়া হ্ৰাস কৰাত অনুঘটকৰ ভূমিকা পালন কৰে।

নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যনৰ তথ্য অনুসৰি,অমেগা ৩ ফেটি এচিডে তেজৰ অনুচক্ৰিকাক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ আশংকা কমি যায়।

ৰৌ মাছত উচ্চ প্ৰ’টিন থাকে। সেয়ে এই মাছে দেহৰ বিকাশতো সহায় কৰে।

ৰৌ মাছত ভিটামিন এ, ডি, ই আদি প্ৰচুৰ পৰিমাণে থাকে।

সেইদৰে কেলচিয়াম, জিংক, ছডিয়াম, পটাছিয়াম, আইৰণ তথা খনিজ পদাৰ্থও ৰৌ মাছৰ পৰা পাব পাৰি।

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰৌ মাছত কোলিন নামৰ এবিধ বিশেষ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে শৰীৰত বিভিন্ন প্ৰয়োজনীয় পদাৰ্থ সৃষ্টিত সহায় কৰে। সেয়ে খাদ্য তালিকাত ৰৌ মাছ অন্তৰ্ভূক্ত কৰিবলৈ খাদ্য বিশেষজ্ঞসকলে পৰামৰ্শ দি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ