--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাছৰ ভিতৰত ৰৌ মাছ বহুতৰে বাবে প্ৰিয় মাছ। ৰৌ মাছৰ সোৱাদো অপূৰ্ব। কেৱল মুখৰ জুতিৰ বাবেই নহয়, ৰৌ মাছে আমাৰ শৰীৰৰ অন্যতম অংগ হৃদযন্ত্ৰক নানান বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। হৃদযন্ত্ৰটোক সুস্থ-সৱল কৰি ৰাখিবলৈ যি ধৰণৰ প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন সেয়া ৰৌ মাছত প্ৰচুৰ পৰিমাণে পোৱা যায়।

সেয়ে মাছৰ ভিতৰত অন্যতম উপকাৰী মাছ হৈছে এই ৰৌ মাছ। ৰৌ মাছে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে।

ৰৌ মাছত আন বহু মাছৰ তুলনাত কেল’ৰিৰ পৰিমাণ কম থাকে বাবে মেদবহুল লোকসকলেও নিয়মিত এই মাছ খাব পাৰে।

ৰৌ মাছৰ তেলত থকা থকা ওমেগা-৩ নামৰ ফেটি এচিডে তেজৰ বাবে ক্ষতিকাৰক কলেষ্ট’ৰেল এলডিএল তথা ভিএলডিএল হ্ৰাস কৰাৰ লগতে উপকাৰী কলেষ্ট’ৰেল এইচডিএলৰ পৰিমাণ বৃদ্ধি কৰে।

ফলত হৃদযন্ত্ৰত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়।


ৰৌ মাছত অমেগা ৩ ফেটি এচিড থাকে। অমেগা ৩ ফেটি এচিড হৈছে অত্যাৱশ্যকীয় ফেটি এচিড, যি বিধ এচিড শৰীৰে নিজে সৃষ্টি কৰিব নোৱাৰে। আমি সেইবোৰ খাদ্যৰ পৰা লাভ কৰিব লাগিব। অমেগা ৩ ফেটি এচিডৰ বহুতো লাভালাভ আছে। এইবোৰে বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ই আনকি ৰক্তচাপ হ্ৰাস কৰিব পাৰে।

আমেৰিকাৰ স্কুল অফ নিউট্ৰিশ্যনৰ জাৰ্ণেলত প্ৰকাশ পোৱা অনুসৰি ৰৌ মাছে উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদ হ্ৰাস কৰে । কাৰণ ৰৌ মাছত থকা অমেগা ৩ ফেটি এচিডে উচ্চ ৰক্তচাপ থাকিলে সেয়া হ্ৰাস কৰাত অনুঘটকৰ ভূমিকা পালন কৰে।

নেশ্যনেল চেন্টাৰ ফৰ বায়’লজিকেল ইনফৰ্মেশ্যনৰ তথ্য অনুসৰি,অমেগা ৩ ফেটি এচিডে তেজৰ অনুচক্ৰিকাক গোট মৰাত বাধা দিয়ে ফলত ষ্ট্ৰোক হোৱাৰ আশংকা কমি যায়।

ৰৌ মাছত উচ্চ প্ৰ’টিন থাকে। সেয়ে এই মাছে দেহৰ বিকাশতো সহায় কৰে।

ৰৌ মাছত ভিটামিন এ, ডি, ই আদি প্ৰচুৰ পৰিমাণে থাকে।

সেইদৰে কেলচিয়াম, জিংক, ছডিয়াম, পটাছিয়াম, আইৰণ তথা খনিজ পদাৰ্থও ৰৌ মাছৰ পৰা পাব পাৰি।

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰৌ মাছত কোলিন নামৰ এবিধ বিশেষ পদাৰ্থ থাকে। এই পদাৰ্থ বিধে শৰীৰত বিভিন্ন প্ৰয়োজনীয় পদাৰ্থ সৃষ্টিত সহায় কৰে। সেয়ে খাদ্য তালিকাত ৰৌ মাছ অন্তৰ্ভূক্ত কৰিবলৈ খাদ্য বিশেষজ্ঞসকলে পৰামৰ্শ দি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ