--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমিষতে থানবান হৈ গ’ল সকলো সপোন৷ শুকুৰবাবে কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত পাঁচ জন সেনা জোৱান ৰ ভিতৰৰে এজন আছিল সিদ্ধান্ত ছেত্ৰী৷ সিদ্ধান্তই মাত্ৰ যোৱা মাহত বিয়া কৰোৱাই পুনৰ কৰ্তব্যস্থলীলৈ উভতি গৈছিল৷ ন কইনাৰ গাৰ পৰা মাহ-হালধীৰ গোন্ধ নৌযাওতেই সিদ্ধান্ত ছেত্ৰীয়ে চিৰ দিনৰ বাবে চকু মুদিলে৷ 

ৰাজৌৰীত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সৈনিকসকলৰ ভিতৰত পেৰাট্ৰুপাৰ সিদ্ধান্ত ছেত্ৰীৰ নামটো দেখি চমকি উঠিছিল বহুজনে৷ সিদ্ধান্তৰ পৰিয়াল আৰু বন্দু-বৰ্গই বিশ্বাস কৰিব পৰা নাছিল সেই খবৰটো৷ ভাৰতীয় সেনাৰ স্বহীদ সিদ্ধান্ই  ২০১৯ চনত সেনা বাহিনীত যোগদান কৰিছিল আৰু ২০২১ চনত পেৰা এছএফলৈ নিৰ্বাচিত হৈছিল।

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰাইফলমেন সিদ্ধান্ত ছেত্ৰীকে ধৰি পাঁচজন সেনা জোৱান নিহত হয়। ২৫ বছৰীয়া পেৰাট্ৰুপাৰ সিদ্ধান্ত ছেত্ৰীয়ে যোৱা মাহত  বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত এপ্ৰিলমাহতহে তেওঁ কৰ্তব্যলৈ উভতি আহিছিল। সিদ্ধান্ত ছেত্ৰী মূলতঃ পশ্চিম বংগৰ দাৰ্জিলিং পুলবজাৰৰ বাসিন্দা আছিল। তেওঁক জম্মুত নিযুক্তি দিয়া হৈছিল।  তেওঁ ভাৰতীয় সেনাৰ  বহু অভিযানত অংশগ্ৰহণ কৰিছিল।

 বিয়াৰ পিছত  তেওঁ ১৪ এপ্ৰিলত জম্মুলৈ উভতি গৈছিল৷কালিৰ আক্ৰমণৰ ঘটনাটোত ছেত্ৰীৰ উপৰিও চাৰিজন শ্বহীদ হৈছে উত্তৰাখণ্ডৰ গেইৰচাইনৰ লেন্স নায়েক ৰুচিন সিং ৰাৱট, হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ নায়েক অৰবিন্দ কুমাৰ, জম্মুৰ আখনুৰৰ হাবিলদাৰ নীলম সিং আৰু হিমাচল প্ৰদেশৰ চিৰমৌৰৰ পেৰাট্ৰুপাৰ প্ৰমোদ নেগী নিহত হয়। সামৰিক পৰম্পৰাৰ  শ্বহীদসকলৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰৰ বাবে তেওঁলোকৰ জন্মস্থানলৈ লৈ যোৱা হৈছে৷ আজি কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৰাজৌৰীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ইপিনে আজি ৰাজৌৰীয়ে সেনাই এজন সন্ত্ৰাসবাদীক গুলীয়াই নিধন কৰে৷ 

 উল্লেখ্য ভাৰতীয় সেনাই শুকুৰবাৰে ৰাজৰীত সন্‌ৰাসবাদ  বিৰোধী অভিযান আৰম্ভ কৰিছিল। সেই সময়তে সন্ত্ৰাসবাদীয়ে বোমা  বিস্ফোৰণ ঘটোৱাত ঘটনাস্থলীত পাঁচজন  সৈনিকৰ মৃত্যু হয়। এই ঘটনাত এজন বিষয়াসহ চাৰি জোৱান  লোক আহত হয়।  কেইদিনমান আগতে সন্ত্ৰাসবাদীয়ে  সেনাৰ এখন ট্ৰাকত  বিস্ফোৰণ ঘটাই পাঁচজন সেনা জোৱানক  হত্যা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল