--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বুধবাৰে কেনেডি চেণ্টাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে যদি ৰাছিয়াই যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াক সকীয়াই দিছে যে যদিহে ইউক্ৰেইনত চলি থকা যুদ্ধ বন্ধ নকৰে তেন্তে ইয়াৰ অতি গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।


বুধবাৰে কেনেডি চেণ্টাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে যদি ৰাছিয়াই যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


ৰাছিয়াৰ ওপৰত সম্ভাৱ্য ব্যৱস্থা


সাংবাদিকজনে প্ৰশ্ন কৰে যে যদি আপোনাৰ শুকুৰবাৰৰ বৈঠকৰ পিছত ভ্লাদিমিৰ পুটিনে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয় তেন্তে ৰাছিয়াই কিবা পৰিণতিৰ সন্মুখীন হ’ব লাগিব নেকি? ট্ৰাম্পে উত্তৰ দিলে - হয়, ৰাছিয়াই ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ ভিতৰত শুল্ক আৰু নিষেধাজ্ঞা অন্তৰ্ভুক্ত হ’ব।


আলাস্কাত পুটিনক সাক্ষাৎ কৰিব ট্ৰাম্পে


১৫ আগষ্টত আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ এই বক্তব্য প্ৰকাশ পাইছে।সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ দ্বিতীয়খন বৈঠকৰ বাবেও লবী কৰিব য’ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিও অন্তৰ্ভুক্ত হ’ব।


ট্ৰাম্পে কয়, "যদি প্ৰথমখন বৈঠক ভাল হয় তেন্তে আমাৰ অতি সোনকালে দ্বিতীয়খন বৈঠক হ'ব। মই লগে লগে কৰিব বিচাৰিম, আৰু যদি তেওঁলোকে মোক মাতিব বিচাৰে তেন্তে ৰাষ্ট্ৰপতি পুটিন, ৰাষ্ট্ৰপতি জেলেনস্কি আৰু মোৰ মাজত দ্বিতীয়খন বৈঠক অতি সোনকালে হ'ব।"


ইউৰোপীয় নেতাসকলৰ সৈতে ভাৰ্চুৱেল বৈঠক


ইউৰোপীয় নেতাসকলৰ সৈতে প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল বৈঠকৰ পিছতে ট্ৰাম্পৰ এই মন্তব্য। ইয়াত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতিৰ অগ্ৰাধিকাৰ দিছে। একে সময়তে জেলেনস্কিয়ে কয় যে পুটিনে “ব্লাফিং” কৰি আছে আৰু তেওঁ ইউক্ৰেইনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে যাতে ৰাছিয়াই সমগ্ৰ ইউক্ৰেইন দখল কৰিবলৈ সক্ষম যেন দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ