--°C
Loading...
Listen to Article
2 min read
80%

কাজিৰঙা : আছুৰ বিৰুদ্ধে আক্ৰমণাত্মক অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা৷ ‘আছুৰ কথা এতিয়া কোনেও নুশুনে৷ আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছে’- বুলি মন্তব্য কৰে তেওঁ৷ কংগ্ৰেছকো তাচ্ছিল্য বৰাৰ৷ কংগ্ৰেছ এতিয়া মৰুভূমিসদৃশ বুলি কটাক্ষ কৰে বৰাই৷ অগপত ভেজাল ৰাজনীতি নাই বৰং আছুৰহে সম্প্ৰতি মৃত্যু ঘটিছে৷

আৰু পঢ়িব পাৰিব : দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা

আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটাই লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ নেতৃত্বই ইতিমধ্যে জাতীয় সংগঠনটোত কফিনৰ শেষ গজালটো মাৰিছে বুলি কটাক্ষ কৰে অতুল বৰাই৷ ৰাজ্যৰ চাহ বাগিচাসমূহত আৰম্ভ হোৱা ‘ধন পুৰস্কাৰ মেলা’ অনুষ্ঠানৰ এক কাৰ্যসূচীৰ বাবে আজি কাজিৰঙাৰ হাতীখুলিত উপস্থিত হৈ আছু সম্বন্ধে এনেধৰণৰ বক্তব্য প্ৰদান কৰে অগপৰ কেন্দ্ৰীয় সভাপতিজনে৷

আৰু পঢ়িব পাৰিব : অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ

তেওঁ কয়, পূৰ্বতে আছুৰ কথা সকলোৱে শুনিছিল, মানিছিল৷ কিন্তু এতিয়া আৰু কোনেও নুশুনে৷ মন্ত্ৰী অতুল বৰাই কংগ্ৰেছক তাচ্ছিল্য কৰি কয় যে কংগ্ৰেছে চুনামী আনিব নোৱাৰে, বৰং কংগ্ৰেছ মানেহে চুনামী৷ কংগ্ৰেছ এতিয়া মৰুভূমিসদৃশ৷ ইপিনে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে চাহ জনগোষ্ঠীকে প্ৰমুখ্যে সকলো পিছপৰা জাতি-জনগোষ্ঠীক আগবঢ়াই নিয়াৰ বাবে কচৰৎ কৰিছে বুলি অতুল বৰাই দোহাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক