--°C
Loading...
Listen to Article
2 min read
80%

কাজিৰঙা : আছুৰ বিৰুদ্ধে আক্ৰমণাত্মক অগপৰ কেন্দ্ৰীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা৷ ‘আছুৰ কথা এতিয়া কোনেও নুশুনে৷ আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটিছে’- বুলি মন্তব্য কৰে তেওঁ৷ কংগ্ৰেছকো তাচ্ছিল্য বৰাৰ৷ কংগ্ৰেছ এতিয়া মৰুভূমিসদৃশ বুলি কটাক্ষ কৰে বৰাই৷ অগপত ভেজাল ৰাজনীতি নাই বৰং আছুৰহে সম্প্ৰতি মৃত্যু ঘটিছে৷

আৰু পঢ়িব পাৰিব : দেশৰ কনিষ্ঠতম মহিলা পাইলট কাশ্মীৰৰ আয়েছা

আছুৰ অৰাজনৈতিক চৰিত্ৰৰ অৱসান ঘটাই লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ নেতৃত্বই ইতিমধ্যে জাতীয় সংগঠনটোত কফিনৰ শেষ গজালটো মাৰিছে বুলি কটাক্ষ কৰে অতুল বৰাই৷ ৰাজ্যৰ চাহ বাগিচাসমূহত আৰম্ভ হোৱা ‘ধন পুৰস্কাৰ মেলা’ অনুষ্ঠানৰ এক কাৰ্যসূচীৰ বাবে আজি কাজিৰঙাৰ হাতীখুলিত উপস্থিত হৈ আছু সম্বন্ধে এনেধৰণৰ বক্তব্য প্ৰদান কৰে অগপৰ কেন্দ্ৰীয় সভাপতিজনে৷

আৰু পঢ়িব পাৰিব : অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ

তেওঁ কয়, পূৰ্বতে আছুৰ কথা সকলোৱে শুনিছিল, মানিছিল৷ কিন্তু এতিয়া আৰু কোনেও নুশুনে৷ মন্ত্ৰী অতুল বৰাই কংগ্ৰেছক তাচ্ছিল্য কৰি কয় যে কংগ্ৰেছে চুনামী আনিব নোৱাৰে, বৰং কংগ্ৰেছ মানেহে চুনামী৷ কংগ্ৰেছ এতিয়া মৰুভূমিসদৃশ৷ ইপিনে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে চাহ জনগোষ্ঠীকে প্ৰমুখ্যে সকলো পিছপৰা জাতি-জনগোষ্ঠীক আগবঢ়াই নিয়াৰ বাবে কচৰৎ কৰিছে বুলি অতুল বৰাই দোহাৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ