--°C
Loading...
Listen to Article
2 min read
80%


১০ মে' ২০২৪, শুকুৰবাৰ

মেষ ৰাশি : কামত প্ৰত্যাশিত ফল পাব । সন্তানক লৈ উদ্বিগ্ন হোৱাৰ আশংকা আছে। কৰ্মক্ষেত্ৰৰ ব্যস্ততা বাঢ়িব । বেয়া চিন্তা আৰু আচৰণৰপৰা দূৰত থাকক। অনাৱশ্যক দায়িত্ব পালন নকৰিব । 

বৃষ ৰাশি : উৎসাহ, দৃঢ়তা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব । কামত প্ৰত্যাশিত ফল পাব।  কৰ্মক্ষেত্ৰত অনুকূল ৷ বিত্তীয় লেনদেনত লাভ সুনিশ্চিত। ব্যয়ৰ সম্ভাৱনা আছে । 

মিথুন ৰাশি : কোনো কাম বা প্ৰকল্প হাতত ল’লে, সফলভাৱে সম্পন্ন হ’ব। বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলে উৰ্ধতন কৰ্তৃপক্ষৰপৰা প্ৰচুৰ উদগণি আৰু সমৰ্থন লাভ কৰিব। সৰুসুৰা ভ্ৰমণৰ যোগ আছে । চিন্তা বাৰে বাৰে সলনি হৈ থাকিব । আৰ্থিক দিশত উত্থান-পতন হ’ব পাৰে ৷

কৰ্কট ৰাশি : শাৰীৰিক, মানসিক দুৰ্বলতা, দুখ-দুৰ্দশা আৰু হতাশাৰ পৰা ওলাই আহক। চকুৰ সমস্যাই দেখা দিব পাৰে । ঘৰুৱা পৰিৱেশ কুশলে থাকিব । ভুল বুজাবুজি আৰু উদ্বেগ সৃষ্টি হ’বলৈ নিদিব ।  ব্যয়ৰ সীমা চেৰাই যাব পাৰে ৷

সিংহ ৰাশি: আত্মবিশ্বাসী হ’ব। খৰতকীয়া আৰু ভ্ৰান্তিহীন সিদ্ধান্ত ল’ব পাৰে । পিতৃ আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত হ’ব ৷ আপোনাৰ ভাৱমূৰ্তিৰ উন্নতি হ’ব পাৰে । স্বাস্থ্যৰ ক্ষেত্ৰত কোনো হেমাহি নকৰিব ।

কন্যা ৰাশি : আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তি কম হৈ থাকিব । আপুনি আগ্ৰাসী আৰু খঙাল হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ কাজিয়া-বিবাদ আৰু তৰ্ক-বিতৰ্ক হোৱাৰ আশংকা আছে। ধৰ্মীয় ক্ৰিয়াকলাপত ব্যয়ৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক ৷ পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ যোগ আছে। যিমান দূৰ সম্ভৱ বিবাদৰপৰা দূৰত থাকক ।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো শুভ । গ্ৰহৰ অৱস্থান ভাল ৷ আনন্দ-উৎসাহেৰে পূৰ্ণ হৈ থাকিব ৷ শীঘ্ৰেই আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভ্ৰমণ আৰম্ভ হ’ব । বিভিন্ন ক্ষেত্ৰৰপৰা উপকৃত হ’ব ৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। বন্ধুৰ সৈতে সুমধুৰ আৰু ৰোমাঞ্চকৰ সময় কটাব । 

বৃশ্চিক ৰাশি : দিনটো শুভ । বিবাহপ্ৰাৰ্থীসকলৰ বাবে সময়টো অসাধাৰণ। যি কোনো সময়ত নিজৰ পছন্দৰ সংগী বা সংগিনীক লগ পাব পাৰে ৷ খাদ্যৰসিকসকলৰ বাবে শুভ সময় ।ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত দিনটো উৎসাহব্যঞ্জক হ’ব ।  ঘৰত সুখ-শান্তি আৰু আনন্দ বিৰাজ কৰিব । 

ধনু ৰাশি : অস্বস্থ অনুভৱ কৰিব পাৰে । দিনটো আপুনি অস্থিৰ আৰু এলেহুৱা অনুভৱ কৰিব । আজি আপুনি মানসিক চাপ আৰু উদ্বেগত ভুগিব । ব্যৱসায়ত বিফল হোৱাৰ প্ৰবল আশংকা আছে । কোনো কাম কৰিবলৈ যোৱাৰ পূৰ্বে পৰিকল্পনা কৰক ৷ শত্ৰু আৰু প্ৰতিপক্ষৰ লগত মুখামুখি হোৱাৰ বাবে আজিৰ দিনটো বেয়া।

মকৰ ৰাশি : পূৰ্ব পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক । ব্যয় বৃদ্ধি হ’ব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি যত্নশীল হওক। ইতিবাচক হৈ থাকক আৰু সকলো প্ৰকাৰ নৈৰাশ্য আৰু নেতিবাচক মনোভাৱ পৰিহাৰ কৰক । ব্যৱসায়িক দিশত দিনটো অনুকূল ৷

কুম্ভ ৰাশি : সকলো কাম দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সম্পন্ন কৰিব পাৰিব । ভ্ৰমণ বা ছুটীত ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। ৰংচঙীয়া পোছাক পৰিধান কৰক, উৎকৃষ্ট ভোজনৰ যোগ আছে । অংশীদাৰিত্বৰপৰা লাভবান হ’ব ।

মীন ৰাশি : দিনটো শুভ । অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে । সন্তাৰ উন্নতি হ’ব ৷ ঘৰত সুখ আৰু শান্তি বৰ্তি থাকিব । তীব্ৰ আকাংক্ষা আৰু আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক। কথাবতৰা আৰু আচৰণত বিনম্ৰ হৈ থাকক। সহকৰ্মীসকলৰ দ্বাৰা উপকৃত হ’ব ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন