--°C
Loading...
Listen to Article
2 min read
80%


২২ মে’ বুধবাৰ, ২০২৪

মেষ ৰাশি: আজি আপুনি সুখ আৰু সফলতা উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা। বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি সময়। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰ পৰা দূৰত থাকিব।

বৃষ ৰাশি: আজি আপোনানক আৱেগ আৰু দুশ্চিন্তাই আগুৰি থাকিব। মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। সিদ্ধান্ত লওতে বেছি লৰালৰি নকৰিব। আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰ সাৱধানে ৰাখিব ।

মিথুন ৰাশি: গ্ৰহৰ অৱস্থান আজি ভাল নহয়। আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব। কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে। প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব।

কৰ্কট ৰাশি: সাংসাৰিক দিশত আজিৰ দিনটো বৰ ভাল। ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব। স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব। সহকৰ্মীসকলৰ পৰা সহযোগিতাও পাব । আৰ্থিক লাভৰ যোগ আছে ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ স্বাভাৱিকভাৱে যাব। বিভিন্ন ধৰণৰ ঘটনা ঘটিব আপোনাৰ লগত আৰু আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব । বন্ধুসকলৰ সংগ উপভোগ কৰিব। ঘৰলৈ আলহী আগমনৰ সম্ভাৱনা। আত্মীয়-স্বজনৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা হোৱাৰ প্ৰবল সম্ভাৱনা আছে।


কন্যা ৰাশি: আজি আপুনি সকলো ধৰণৰ আলোচনাৰ সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি চলক। আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰি লওঁক, ধন সঞ্চয় কৰক। বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। প্ৰেমত শুভ৷ বাহিৰা বস্তু খোৱাৰ পৰা বিৰত থাকক।

তুলা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন। ব্যৱসায়ীৰ বাবে সময়টো অনুকূল। কোনো লোকৰ পৰা সু-সংবাদ পাব পাৰে। আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব। 

বৃশ্চিক ৰাশি: আপুনি এজন আকৰ্ষণীয় ব্যক্তি! আপুনি এয়া নিজেও বিশ্বাস কৰে, আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে । সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ আছে। আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব। ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব। ধ্যান কৰিলে শান্তি পাব। শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। প্ৰেমত মধ্যম। পৰিয়ালত শান্তি।

মকৰ ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা ভাল থাকিব। আপুনি আজি শান্তিত থাকিব আৰু উদ্যমী হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব। কোনো ভাল খবৰ পাবৰ বাবে সাজু থাকক। আপোনাৰ আজি আয় ভাল হ’ব। দুশ্চিন্তা দূৰ হ’ব। প্ৰাৰ্থনা আৰু ধ্যান কৰিলে শুভ ফল সদায় লাভ কৰিব।

কুম্ভ ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কথাত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব। ঘৰত আৰু কৰ্মক্ষেত্ৰত স্থান সন্তোষজনক হ’ব। প্ৰেমত শান্তি।

মীন ৰাশি: দিনটো মধ্যমীয়া। আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব। নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে । সহকৰ্মীৰ দ্বাৰা উপকৃত হ’ব। পিতৃ-মাতৃৰ স্থান শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ