--°C
Loading...
Listen to Article
2 min read
80%


২২ মে’ বুধবাৰ, ২০২৪

মেষ ৰাশি: আজি আপুনি সুখ আৰু সফলতা উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা। বন্ধুসকলৰ সৈতে আনন্দ-ফুৰ্তি সময়। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। আপোনাৰ প্ৰতিযোগী আৰু শত্ৰুসকলে আপোনাৰ পৰা দূৰত থাকিব।

বৃষ ৰাশি: আজি আপোনানক আৱেগ আৰু দুশ্চিন্তাই আগুৰি থাকিব। মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। সিদ্ধান্ত লওতে বেছি লৰালৰি নকৰিব। আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰ সাৱধানে ৰাখিব ।

মিথুন ৰাশি: গ্ৰহৰ অৱস্থান আজি ভাল নহয়। আজি আপুনি বহুত চিন্তাত থাকিব, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। প্ৰতিপক্ষ বা শত্ৰুৰ সৈতে তৰ্কত নোসোমাব। কৰ্মক্ষেত্ৰত কোনো উচ্চপদাধিকাৰী বিষয়াই কোনো বিষয়ক লৈ নিজৰ অসন্তোষ ব্যক্ত কৰিব পাৰে। প্ৰিয়জনৰ সৈতে সুন্দৰ সময় কটাব।

কৰ্কট ৰাশি: সাংসাৰিক দিশত আজিৰ দিনটো বৰ ভাল। ঘৰৰ পৰিৱেশ আনন্দমুখৰ হৈ থাকিব, যি আপোনাৰ অধিক আনন্দ প্ৰদান কৰিব। স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত আপুনি সম্পূৰ্ণ ইতিবাচক হৈ থাকিব। সহকৰ্মীসকলৰ পৰা সহযোগিতাও পাব । আৰ্থিক লাভৰ যোগ আছে ।

সিংহ ৰাশি: আজিৰ দিনটো আপোনাৰ স্বাভাৱিকভাৱে যাব। বিভিন্ন ধৰণৰ ঘটনা ঘটিব আপোনাৰ লগত আৰু আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব । বন্ধুসকলৰ সংগ উপভোগ কৰিব। ঘৰলৈ আলহী আগমনৰ সম্ভাৱনা। আত্মীয়-স্বজনৰ সৈতে অনানুষ্ঠানিকভাৱে মিলামিচা হোৱাৰ প্ৰবল সম্ভাৱনা আছে।


কন্যা ৰাশি: আজি আপুনি সকলো ধৰণৰ আলোচনাৰ সময়ত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি চলক। আধ্যাত্মিকতাৰ মাজত শান্তি বিচাৰি লওঁক, ধন সঞ্চয় কৰক। বন্ধুৰ সৈতে সাক্ষাৎ আৰু শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। প্ৰেমত শুভ৷ বাহিৰা বস্তু খোৱাৰ পৰা বিৰত থাকক।

তুলা ৰাশি: আজি আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা ভাবি আছে, আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন। ব্যৱসায়ীৰ বাবে সময়টো অনুকূল। কোনো লোকৰ পৰা সু-সংবাদ পাব পাৰে। আজি আপোনাৰ ভাই বা ভনীয়ে বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব। 

বৃশ্চিক ৰাশি: আপুনি এজন আকৰ্ষণীয় ব্যক্তি! আপুনি এয়া নিজেও বিশ্বাস কৰে, আৰু এয়া প্ৰতিফলিত হয় মানুহৰ সৈতে আপোনাৰ আচৰণৰ জৰিয়তে । সিংহ ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে ৷ পদোন্নতি, পিতৃৰ দ্বাৰা উপকৃত হোৱা, প্ৰশংসা প্ৰাপ্তি, সন্মান বৃদ্ধি ইত্যাদিৰ যোগ আছে। আজিৰ দিনটোক উপভোগ কৰক! আইনী কাগজপত্ৰ তৈয়াৰ কৰাৰ কাম বা কোনো আমোলাতান্ত্ৰিক কাম শেষ কৰাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল।

ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব। ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব। ধ্যান কৰিলে শান্তি পাব। শৰীৰ চৰ্চাৰ উদ্যোগ লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। প্ৰেমত মধ্যম। পৰিয়ালত শান্তি।

মকৰ ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে আপোনাৰ অৱস্থা ভাল থাকিব। আপুনি আজি শান্তিত থাকিব আৰু উদ্যমী হৈ থাকিব। বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব। কোনো ভাল খবৰ পাবৰ বাবে সাজু থাকক। আপোনাৰ আজি আয় ভাল হ’ব। দুশ্চিন্তা দূৰ হ’ব। প্ৰাৰ্থনা আৰু ধ্যান কৰিলে শুভ ফল সদায় লাভ কৰিব।

কুম্ভ ৰাশি: আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। আজি আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। যিকোনো কথাত ভাবি চিন্তি সিদ্ধান্ত ল’ব পাৰিব। ঘৰত আৰু কৰ্মক্ষেত্ৰত স্থান সন্তোষজনক হ’ব। প্ৰেমত শান্তি।

মীন ৰাশি: দিনটো মধ্যমীয়া। আৰ্থিক অৱস্থাৰ অধিক অৱনতি নহ’ব। নেতিবাচক চিন্তাৰ পৰা দূৰত থাকক৷ স্বামীয়ে স্ত্ৰীৰ সৈতে বা স্ত্ৰীয়ে স্বামীৰ সৈতে কথা পতাৰ সময়ত কাজিয়া-বিবাদ এৰাই চলিব আৰু এনেকুৱা কোনো কথা কোৱাৰ পৰা বিৰত থাকক, যিবোৰ মনত আঘাত দিব পাৰে । সহকৰ্মীৰ দ্বাৰা উপকৃত হ’ব। পিতৃ-মাতৃৰ স্থান শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন