--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত একাদশীৰ অতি গুৰুত্ব আছে। প্ৰতিমাহে দুবাৰকৈ একাদশী পালন কৰা হয়। শাস্ত্ৰ মতে বহাগ মাহৰ কৃষ্ণ পক্ষৰ একাদশীক বৰুথিনী একাদশী বুলি কোৱা হয়। এইবাৰ ৪ মে'ত বৰুথিনী একাদশী উদযাপন কৰা হ'ব। আজিৰ দিনটোত ভক্তসকলে জীৱনৰ সুখ আৰু শান্তিৰ বাবে ভগৱান বিষ্ণুৰ সৈতে দেৱী লক্ষ্মীকো পূজা কৰে আৰু লগতে ব্ৰত পালন কৰে। একাদশীৰ দিনা এনে কৰিলে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

বৰুথিনী একাদশীত কি দান কৰিব লাগে?

১) খাদ্য দান - বৰুথিনী একাদশীত খাদ্য দান কৰিলে মানুহ, দেৱতা, পূৰ্বপুৰুষ আদি সকলোৱে সন্তুষ্ট হয়। ধৰ্মগ্ৰন্থ অনুসৰি কন্যা দানকো এই দানৰ সমান বুলি গণ্য কৰা হয়। বৰুথিনী একাদশীৰ দিনা খাদ্য দান কৰাটো অতি ফলদায়ক। এই দিনটোত খাদ্য দান কৰিলে দেৱী অন্নপূৰ্ণা আনন্দিত হয়, যাৰ বাবে আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বাস কৰে। লগতে আপোনাৰ ঘৰত কেতিয়াও টকা আৰু শস্যৰ অভাৱ নহয়।

২) কলহ দান - বৰুথিনী একাদশীত পানীৰে ভৰা মাটিৰ কলহ দান কৰাটো শ্ৰেষ্ঠ বুলি বিবেচিত হয়। এই দিনটোত পথচাৰীক পানী দিয়ক। বিশ্বাস কৰা হয় যে এনে কৰিলে সন্তান দীৰ্ঘায়ু হ’ব আৰু তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ’ব।

৩) তিল দান- ধৰ্মীয় বিশ্বাস অনুসৰি শ্ৰী হৰিৰ পৰা তিলৰ উৎপত্তি হৈছে। কোৱা হয় যে একাদশীত ক’লা তিল পানীত উটুৱাই দিলেে শ্ৰী হৰি আৰু শনি দেৱ বৰ সন্তুষ্ট হয়। এই দিনটোত তিলৰ পৰা তৈয়াৰী মিঠা খাদ্য দান কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰা যায়।

৪) চাটুগুড়ি দান- বহাগ মাহত গ্ৰীষ্মকাল তুংগত থাকে। এনে পৰিস্থিতিত বৰুথিনী একাদশীত চাটুগুড়ি দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা আৰ্থিক লাভৰ লগতে সৌভাগ্য বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।

৫) ফল দান- এই একাদশী ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গা কৰা হয়। এনে পৰিস্থিতিত আজিৰ দিনটোত আৰ্তজনক কল, আম আদি ৰসাল ফল দান কৰিব পাৰে। বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা পিতৃ দোষৰ পৰা মুক্তি পোৱাত সহায় হয় আৰু শনি দোষেও আমনি নকৰে।

৬) জোতা আৰু চপ্পলৰ দান- একাদশীৰ দিনা জোতা, চপ্পল বা ছাতিও দান কৰিব পাৰে। কোৱা হয় যে এই দিনটোত যিয়ে আৰ্তজনক সহায় কৰে, ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীয়ে তেওঁক প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰে।

৭) ধন দান- বৰুথিনী একাদশীৰ দিনা ধন দান কৰাটোও শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে বৰুথিনী একাদশীৰ দিনা হয় কোনো মন্দিৰত নহয় কোনো দান-বৰঙণিৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী ধন দান কৰিব লাগে।

৮) কাপোৰ দান- বৰুথিনী একাদশীৰ দিনা কাপোৰ দান কৰাটোও ভাল বুলি গণ্য কৰা হয়। এই দিনটোত মন্দিৰত ভগৱানৰ চৰণত কাপোৰ আগবঢ়াব লাগে আৰু তাৰ পিছত সেই কাপোৰবোৰ আৰ্তজনৰ মাজত দান কৰিব লাগে। এনে কৰিলে ঘৰখনলৈ আশীৰ্বাদ পোৱা যায়।

৯) নাৰ্জী ফুল দান- হালধীয়া ফুল ভগৱান বিষ্ণুৰ প্ৰিয়। এনে অৱস্থাত বৰুথিনী একাদশীৰ দিনা ভগৱান বিষ্ণুক নাৰ্জী ফুল আগবঢ়াওক ইয়াত ফুল দান কৰা মানে মন্দিৰত ঈশ্বৰৰ সেৱা কৰা। এই কাম কৰিলে বৈবাহিক জীৱনত মধুৰতা ৰৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব