--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত একাদশীৰ অতি গুৰুত্ব আছে। প্ৰতিমাহে দুবাৰকৈ একাদশী পালন কৰা হয়। শাস্ত্ৰ মতে বহাগ মাহৰ কৃষ্ণ পক্ষৰ একাদশীক বৰুথিনী একাদশী বুলি কোৱা হয়। এইবাৰ ৪ মে'ত বৰুথিনী একাদশী উদযাপন কৰা হ'ব। আজিৰ দিনটোত ভক্তসকলে জীৱনৰ সুখ আৰু শান্তিৰ বাবে ভগৱান বিষ্ণুৰ সৈতে দেৱী লক্ষ্মীকো পূজা কৰে আৰু লগতে ব্ৰত পালন কৰে। একাদশীৰ দিনা এনে কৰিলে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

বৰুথিনী একাদশীত কি দান কৰিব লাগে?

১) খাদ্য দান - বৰুথিনী একাদশীত খাদ্য দান কৰিলে মানুহ, দেৱতা, পূৰ্বপুৰুষ আদি সকলোৱে সন্তুষ্ট হয়। ধৰ্মগ্ৰন্থ অনুসৰি কন্যা দানকো এই দানৰ সমান বুলি গণ্য কৰা হয়। বৰুথিনী একাদশীৰ দিনা খাদ্য দান কৰাটো অতি ফলদায়ক। এই দিনটোত খাদ্য দান কৰিলে দেৱী অন্নপূৰ্ণা আনন্দিত হয়, যাৰ বাবে আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বাস কৰে। লগতে আপোনাৰ ঘৰত কেতিয়াও টকা আৰু শস্যৰ অভাৱ নহয়।

২) কলহ দান - বৰুথিনী একাদশীত পানীৰে ভৰা মাটিৰ কলহ দান কৰাটো শ্ৰেষ্ঠ বুলি বিবেচিত হয়। এই দিনটোত পথচাৰীক পানী দিয়ক। বিশ্বাস কৰা হয় যে এনে কৰিলে সন্তান দীৰ্ঘায়ু হ’ব আৰু তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ’ব।

৩) তিল দান- ধৰ্মীয় বিশ্বাস অনুসৰি শ্ৰী হৰিৰ পৰা তিলৰ উৎপত্তি হৈছে। কোৱা হয় যে একাদশীত ক’লা তিল পানীত উটুৱাই দিলেে শ্ৰী হৰি আৰু শনি দেৱ বৰ সন্তুষ্ট হয়। এই দিনটোত তিলৰ পৰা তৈয়াৰী মিঠা খাদ্য দান কৰিলে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰা যায়।

৪) চাটুগুড়ি দান- বহাগ মাহত গ্ৰীষ্মকাল তুংগত থাকে। এনে পৰিস্থিতিত বৰুথিনী একাদশীত চাটুগুড়ি দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা আৰ্থিক লাভৰ লগতে সৌভাগ্য বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।

৫) ফল দান- এই একাদশী ভগৱান বিষ্ণুৰ বাবে উৎসৰ্গা কৰা হয়। এনে পৰিস্থিতিত আজিৰ দিনটোত আৰ্তজনক কল, আম আদি ৰসাল ফল দান কৰিব পাৰে। বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা পিতৃ দোষৰ পৰা মুক্তি পোৱাত সহায় হয় আৰু শনি দোষেও আমনি নকৰে।

৬) জোতা আৰু চপ্পলৰ দান- একাদশীৰ দিনা জোতা, চপ্পল বা ছাতিও দান কৰিব পাৰে। কোৱা হয় যে এই দিনটোত যিয়ে আৰ্তজনক সহায় কৰে, ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীয়ে তেওঁক প্ৰতিটো বিপদৰ পৰা ৰক্ষা কৰে।

৭) ধন দান- বৰুথিনী একাদশীৰ দিনা ধন দান কৰাটোও শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে বৰুথিনী একাদশীৰ দিনা হয় কোনো মন্দিৰত নহয় কোনো দান-বৰঙণিৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী ধন দান কৰিব লাগে।

৮) কাপোৰ দান- বৰুথিনী একাদশীৰ দিনা কাপোৰ দান কৰাটোও ভাল বুলি গণ্য কৰা হয়। এই দিনটোত মন্দিৰত ভগৱানৰ চৰণত কাপোৰ আগবঢ়াব লাগে আৰু তাৰ পিছত সেই কাপোৰবোৰ আৰ্তজনৰ মাজত দান কৰিব লাগে। এনে কৰিলে ঘৰখনলৈ আশীৰ্বাদ পোৱা যায়।

৯) নাৰ্জী ফুল দান- হালধীয়া ফুল ভগৱান বিষ্ণুৰ প্ৰিয়। এনে অৱস্থাত বৰুথিনী একাদশীৰ দিনা ভগৱান বিষ্ণুক নাৰ্জী ফুল আগবঢ়াওক ইয়াত ফুল দান কৰা মানে মন্দিৰত ঈশ্বৰৰ সেৱা কৰা। এই কাম কৰিলে বৈবাহিক জীৱনত মধুৰতা ৰৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ