--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
২৮ জানুৱাৰী ২০২৫, মঙলবাৰ

মেষ ৰাশি : প্রিয় দিন হ'ব। আপোনাৰ আজি ৰোমাঞ্চকৰ যাত্ৰা কৰিবলৈ মন যাব। শুভবাৰ্তা লাভ কৰিব। আপুনি আজি প্ৰায় সফল হ'ব। বহুতো ব্যক্তিৰ লগত সংযোগ হ'ব। আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হ'ব। আপোনাৰ প্ৰেম সম্পর্কক মনোযোগ দিব।

বৃষ ৰাশি : বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক। আজিৰ দিনটো শিক্ষাৰ্থীৰ বাবে অলপ কঠিন হ'ব যেন অনুমান হয়। মন উদ্বিগ্ন হৈ থাকিব। পেটৰ অসুখ আদিয়ে উদ্বিগ্ন কৰি ৰাখিব। কিন্তু দুপৰীয়াৰ পিছত বেমাৰৰ পৰা হাত সাৰিব। মানসিকভাৱেও চাপমুক্ত হ'ব । আপোনাৰ কামে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সংগীৰ পৰা ভাল খবৰ লাভ কৰিব।

মিথুন ৰাশি : আজি জীৱনৰ এক গুৰুত্বপূৰ্ণ দিন। বিপদাশঙ্কা থকা কৰ্ম সহজে সম্পন্ন কৰিব। নিজৰ ওপৰত বিশ্বাস আৰু ভৰসা ৰাখক নিশ্চয় লক্ষ্যত সফল হ'ব। আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হ'ব। সহজতে আপুনি নিৰুৎসাহী হৈ নপৰিব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব।

কৰ্কট ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব। কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। স্বাস্থ্য ভাল। বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাত সফল হ'ব। বন্ধুবৰ্গৰ লগত যাত্রা বা ভ্রমণ হ'ব পাৰে, আনন্দময় হ'ব।

সিংহ ৰাশি : বন্ধুৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে। অধিক তৰ্ক-বিতৰ্ক নকৰিব। পৰিয়ালৰ লগত আনন্দময় সময় কটাব। টকা-পইচা নিশ্চিত হ'ব। আবেলি সাৱধানে থাকিব।

কন্যা ৰাশি : জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হ'ব পাৰে। টকা-পইচাক লৈ হতাশ হ'ব পাৰে। যাত্রা বা ভ্রমণ হোৱাৰ সম্ভাৱনা। খাদ্য খাওঁতে সাৱধান।


তুলা ৰাশি : বিপদাশঙ্কা নাই কিন্তু কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল। ব্যৱসায় সতৰ্কতাৰে, সাৱধানেৰে আৰু সুস্থিৰে কৰিব। পৰিয়ালৰ লগত সম্পর্ক ভাল হ'ব, প্ৰেমৰ সম্পর্ক ভাল হ'ব। নতুন ব্যৱসায় কৰাত মনোযোগ দিয়া কৰা উচিত। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব৷

বৃশ্চিক ৰাশি : আপোনাৰ আজি ভাগ্য ভাল। ধন-সম্পত্তিৰ পৰা সময়ত অধিক উপাৰ্জন কৰিব। জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হ'ব । প্রমুখৰ পৰা প্ৰশংসা লাভ হ'ব। কৰ্মজীৱনত ভাল বন্ধু লাভ হ'ব। আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল হ'ব আৰু লাভৱান হ'ব।

ধনু ৰাশি : কাম কৰিবলৈ ভাগৰ অনুভৱ কৰিব। আপুনি নিৰুৎসাহী হৈ থাকিব পাৰে। কর্ম প্রতিযোগীয়ে প্রতিযোগিতা কৰিব পাৰে, কর্ম প্রতিযোগিতাত কিন্তু বিফল হ'ব। আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব। সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ'ব। বন্ধুবৰ্গৰ লগত আনন্দময় হ'ব।

মকৰ ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হ'ব, প্ৰায় সফল হ'ব। কৰ্মজীৱনত ভাল পদোন্নতি হ'ব পাৰে। প্ৰশংসা লাভ হ'ব । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। নিজৰ ব্যৱসায়কৰ্মত মনোযোগ দিব। জীৱনত সফলতা পাব। পৰিয়ালৰ লগত সম্পর্ক ভাল হ'ব।

কুম্ভ ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায়কর্মত মনোযোগ দিব। কর্মত ব্যস্ত থকাৰ ফল ভাল হ'ব। আপুনি আপোনাৰ পচন্দৰ কার্য-ব্যৱসায়ত যোগদান দিব। কৰ্মজীৱনত ভাল বন্ধু লাভ হ'ব। ব্যৱসায় কৰিলে লক্ষ্যত সফলতা লাভ হ'ব। আপোনাৰ দিন প্ৰায় ভালকৈয়ে যাব। ভাগ্য ভাল হ'ব। কৰ্মজীৱনত ভাল পদোন্নতি হ'ব পাৰে। উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

মীন ৰাশি : নিজৰ ওপৰত বিশ্বাস-ভৰসা ৰাখক, সফল হ'ব। আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হ'ব। সহজতে আপুনি নিৰুৎসাহী হৈ নপৰিব। কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব। ব্যৱসায় কৰিলে লক্ষ্যত সফল হ'ব। আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement