--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সফলতা আৰু বিফলতা একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।  যিকোনো ব্যক্তিৰ প্ৰচেষ্টা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰতে নিৰ্ভৰ কৰে যে তেওঁ কিমান সফল হ’ব পাৰে আৰু কিমান বিফল হ’ব পাৰে। কাৰণ সফলতাৰ পথ ইমান মসৃণ নহয়। সফলতাৰ পথত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু সেইসকল লোকেই সফল হয়, যিয়ে নিজৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰি এই প্ৰত্যাহ্বানৰ পৰা পৰাজয় গ্ৰহণ কৰাৰ পৰিৱৰ্তে আগবাঢ়ি যাব পাৰে। বিফলতাৰ পৰা লাভ কৰা অভিজ্ঞতাই আমাক আগুৱাই যোৱাত কেনেদৰে সহায় কৰে জানো আহক।

ব্যৰ্থতাৰ পৰা শিকি আগবাঢ়ি যাবলৈ হ’লে আপোনাৰ সন্মুখত অহা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ ইতিবাচক মানসিকতা ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ইতিবাচক চিন্তাধাৰা অটুট ৰাখিলেহে আত্মবিশ্বাস বৃদ্ধি পায় আৰু জীৱনৰ সফলতাৰ বাটত অহা সমস্যাবোৰে আমাক অভিজ্ঞতাৰ ৰূপত দ্বিতীয়টো সুযোগ দিয়ে। আপোনাৰ ইতিবাচক চিন্তাধাৰাৰে এই অভিজ্ঞতাৰ সুবিধা লৈ আপুনি আগবাঢ়ি যাব পাৰে।

নিজৰ লক্ষ্যৰ প্ৰতি আপোনাৰ ব্যৰ্থতাক প্ৰত্যাহ্বান হিচাপে লওক। ইয়াৰ দ্বাৰা আপুনি নিজকে দ্বিতীয়বাৰৰ বাবে পুনৰ সাজু কৰক আৰু এটা স্পষ্ট লক্ষ্য সৃষ্টি কৰি প্ৰত্যাহ্বানৰ সন্মুখীন হওক। ই আপোনাক সফলতাৰ বাট সহজ কৰি তুলিব। গতিকে নিজৰ লক্ষ্যক লৈ কোনো ধৰণৰ দ্বিধাদ্বন্দ্বত নাথাকি স্পষ্ট হৈ সম্পূৰ্ণ বিশ্বাস আৰু নিষ্ঠাৰে অৱতীৰ্ণ হওক। তেতিয়াহে জীৱনৰ বাটত অহা প্ৰতিটো পৰিস্থিতিক প্ৰত্যাহ্বান জনাই সফলতাক অতি সহজ কৰি তোলে আৰু ই আপোনাক সঠিক দিশত আগুৱাই যোৱাত সহায় কৰিব পাৰে।

দৰাচলতে অভিজ্ঞতাই দিয়া শিক্ষা লৈ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰি সঠিক দিশত আগুৱাই যাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শক্তি লাভ কৰিব আৰু নিজৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িব পাৰিব। আপোনাৰ ভুলবোৰ মানি লওক আৰু সেইবোৰক শুদ্ধ কৰিবলৈ চেষ্টা কৰক। যেতিয়া কোনো ডাঙৰ সমস্যাৰ সৃষ্টি হয় আৰু তাৰ পৰা ওলাই অহাটো কঠিন যেন লাগে, তেতিয়া এনে পৰিস্থিতিত সহায় বিচাৰিবলৈ শিকক। আপোনাৰ বন্ধু-বান্ধৱী, পৰিয়াল বা সহকৰ্মীসকলেও আপোনাক সহায় কৰিব পাৰে। গতিকে সহায় লোৱাত কেতিয়াও কুণ্ঠাবোধ নকৰিব। অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লৈ তেওঁলোকৰ সৈতে অভিজ্ঞতাৰ ভাগ-বতৰা কৰিলে আপুনিও প্ৰত্যাহ্বানৰ পৰা ওলাই আহি সফলতাৰ পথ সহজ কৰি তুলিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন