--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

৩ মে ২০২৪, শুকুৰবাৰ



মেষ ৰাশি: আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হৈ থাকিব৷ আজি আপুনি বাহিৰৰ লোকৰ সৈতে কাজিয়া বিবাদত লিপ্ত হ’ব পাৰে ৷ ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব৷ অতিৰিক্ত ব্যয় হ’ব পাৰে৷ আপোনাৰ ব্যক্তিগত ক্ষতি হোৱাৰ পিছতো আপুনি লাভৱান হৈ থাকিব৷ নিজৰ কথা আৰু খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক৷ পৰিয়ালত শান্তি।

বৃষ ৰাশি: প্ৰেম প্ৰাৰ্থী বা বিবাহ প্ৰাৰ্থীৰ বাবে দিনটো ভাল ৷ আচলতে ক’ব গ’লে যিসকলে মনৰ মানুহ বিচাৰি আছে তেওঁলোকৰ বাবে দিনটো বৰ ভাল৷ ভাল কামত টকা খৰচ হলে আজি আপোনাৰ বেয়া নালাগিব৷ আপুনি হয়তো জনসেৱামূলক কামো কৰিব পাৰে, কিয়নো আজি পৰোপকাৰিতাই হ’ল আপোনাৰ আজিৰ মন্ত্ৰ৷ সকলো ক্ষেত্ৰত সফলতা লাভ কৰাৰ পিছত আপোনাৰ সদিচ্ছা বৃদ্ধি পাব, সন্ধিয়াটো পাৰ হ’ব হাঁহি-ফুৰ্তিৰ সৈতে ৷

মিথুন ৰাশি: আপুনি সুন্দৰ বৈবাহিক জীৱন উপভোগ কৰিব পৰিব আৰু কামত সফলতা পাব ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ ভাল দিন আৰু পদোন্নতি হব পাৰে ৷ আপোনাক দিয়া কাম সোনকালে শেষ কৰিব পাৰিব ৷ প্ৰিয়জনৰ লগত চিনেমা চাবলৈ যাব পাৰে আৰু বন্ধুৰ লগত ৰাতিৰ আহাৰ খাবলৈ যাব পাৰে৷ ভগবানক এনে এটা ভাল দিনৰ বাবে ধন্যবাদ জনাওক আৰু প্ৰাৰ্থনা কৰক।


কৰ্কট ৰাশি: আজিৰ দিনটোত মধ্যমীয়া প্ৰভাৱ থাকিব৷ অলপ নিজৰ মনটোক বিশ্ৰাম দি সকলো কথা ভালকৈ চিন্তা কৰক তাৰ পিছত দৃঢ় অৱস্থান গ্ৰহণ কৰক ৷ এনেকুৱা কৰিব নোৱাৰিলে অনিশ্চয়তাৰ সৈতে অত্যধিক কামৰ হেঁচা আৰু অপ্ৰত্যাশিত ব্যয়ৰ কাৰণে আপোনাৰ মন বিমোৰত পৰি থাকিব ৷ আপোনাৰ মনৰ উদ্বিগ্নতাৰ কাৰণে ঘৰতো সকলৰ সৈতে মতবিৰোধ হ’ব ৷ মনক আৰাম দিয়ক আৰু নমনীয় হওঁক ৷


সিংহ ৰাশি: নিজৰ আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰাটো কেতিয়াবা ভালহে হয় আৰু এয়া প্ৰচণ্ড আকৰ্ষণীয়ও হয়৷ আজি আপুনি আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব৷ আজি আপুনি উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব আকৌ কেতিয়াবা মনো বেয়া হৈ যাব আপোনাৰ আকৌ মনত আঘাতো পাব ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি বা মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া থাকিব আপোনাৰ৷

কন্যা ৰাশি: সামান্য অসুস্থতাৰ যোগ আছে ৷ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক ৷ তীব্ৰ আলোচনাৰ সৃষ্টি হ’ব পৰা পৰিস্থিতি এৰাই চলক, কাৰণ এই আলোচনাৰপৰাই তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ব ৷ ধৈৰ্য ধৰি থাকক, সকলো দিন একেদৰে পাৰ নহয় ৷ আজি গোটেই দিন আপোনাৰ উদ্বেগৰ মাজেৰে যাব সেয়া দূৰ হৈ যাব অকস্মাৎ কোনো ঘনিষ্ঠ বন্ধু বা প্ৰিয়জনক লগ পায়৷ শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে দিনটো অনুকূল নহয় ৷

তুলা ৰাশি: দিনটোৱে আজি আপোনাক আনন্দ দি থাকিব৷ সকলো বস্তুৰ কাৰণে আজিৰ দিনটো বৰ সৌভাগ্যশালী ৷ ধনবৃদ্ধি আৰু ব্যৱসায়ৰ উন্নতি হ’ব ৷ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে স্থিৰতা আৰু সক্ৰিয়তা অনুভৱ কৰিব। আপোনাৰ সামাজিক মৰ্যাদাও বাঢ়িব। ঘৰলৈ আলহী আহিলে আনন্দিত হ’ব।

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী ৷ আপোনাৰ আনন্দপূৰ্ণ মনোভাৱ সকলৰ দিশত প্ৰভাৱ পেলাব সেয়ে আপুনি আজি সকলো প্ৰকাৰ আনন্দদায়ক আলোচনাত অংশগ্ৰহণ কৰিব আৰু আনন্দদায়ক সংগ উপভোগ কৰিব ৷ আজিৰ সময়টো বৰ ভাল, কিয়নো আজি আপোনাৰ সম্পদ বৃদ্ধি পাব আৰু লগতে কৰ্মক্ষেত্ৰত সফলতা পাব৷ গ্ৰহৰ অৱস্থানে কয় যে, সৰুসুৰা সুখকৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷

ধনু ৰাশি: গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে দিনটোক মধ্যমীয়া কৰি ৰাখিব৷ গতিকে আজি কোনো নোহোৱা বা অভূতপূৰ্ব কোনো ঘটনা নঘটে৷ শান্তভাৱে দিনটো পাৰ হ’ব, যেনেকৈ চলি আছে তেনেকৈয়ে চলিব আপুনি, তাৰ মাজতেই কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব ৷ কিন্তু অপ্ৰত্যাশিত একো ঘটনা নঘটে ৷ দৈনন্দিন কামকাজত সংঘাত আৰু বিবাদ এৰাই চলিবলৈ নিজৰ মূৰ ঠাণ্ডা ৰাখক৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি। 

মকৰ ৰাশি: কোনো পৰিস্থিতি সম্বন্ধে আপোনাক কোনোবাই নেতিবাচক তথ্য দিলে তেওঁৰ পৰা দূৰত থাকক৷ আপুনি যদি সকলো ভাল বুলি ভাবে, তেতিয়া সকলো আপোনাৰ কাৰণে ভালেই হ’ব ৷ ইতিবাচক হৈ থাকক ৷ নহ’লে নেতিবাচক মনোভাৱ, আৰ্থিক কষ্ট আৰু আপুনি ভোগ কৰা আটাইবোৰ সমস্যাই আপোনাক ভুল পথত লৈ যাব৷ ধ্যান আৰু প্ৰাৰ্থনা কৰিলে শান্তি পাব। 

কুম্ভ ৰাশি: পৰিয়াল সম্বন্ধীয় বিষয়ত আলোচনা কৰিলে সেয়া ফলদায়ক হ’ব, যাৰ ফলত আপুনি পৰিতৃপ্ত হ’ব ৷ ইয়াৰ পিছতো আপোনাৰ যদি এনেকুৱা লাগে যে কিবা যেন অভাৱ আছে, তথাপি আশা এৰি নিদিব৷ চোৰৰ পৰা সাৱধান। আজি ব্যয় অধিক হ’ব পাৰে। খাওতে সাৱধান হব, বিশেষকৈ আমিষ আহাৰ খাওতে।

মীন ৰাশি: ইতিবাচক খবৰ পাব৷ সকলোৰে কাৰণে সময় অনুকূল৷ তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ বাবে ভ্ৰমণৰ যোগ আছে৷ এইবোৰ আপোনাক আনন্দ দি থাকিব৷ আপোনাৰ এই আনন্দপূৰ্ণ মন কৰ্মক্ষেত্ৰত সহায়ক হৈ উঠিব। প্ৰচুৰ লাভৱান হ’ব আৰু বিনিয়োগৰ কাৰণেও সময় অনুকূল৷ স্বাস্থ্যৰ উন্নতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement