--°C
Loading...
Listen to Article
2 min read
80%
২৬ অক্টোবৰ ২০২৪, শনিবাৰ

মেষ ৰাশি: আধ্যাত্মিকতাত নিমগ্ন থাকিব৷ স্বাস্থ্যৰ প্ৰতি অধিক যত্ন ল’বলগীয়া হ’ব পাৰে৷ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধৈৰ্য ধৰি থাকক৷

বৃষ ৰাশি: দিনটো বেয়া৷ মন-মগজু বৰ বেয়া হৈ থাকিব৷ উদ্বেগ আৰু সন্দেহেৰে দিনটো পাৰ হ’ব৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়াত লিপ্ত হ’ব পাৰে৷

মিথুন ৰাশি: দিনটো লাঞ্ছনা আৰু বিড়ম্বনাৰ সন্মুখীন হ’ব ৷ নতুনকৈ কিবা আৰম্ভ কৰিবলৈ বিচাৰিলে নকৰিব৷ খৰচ বৃদ্ধি৷ স্বাস্থ্য বৰ ভালে নাযাব৷ হতাশা অনুভৱ কৰিব৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো মধ্যমীয়া৷

কৰ্কট ৰাশি: দিনটো অতি উত্তম৷ সৃজনশীলতা আৰু শিল্পকলাৰ প্ৰতি প্ৰেম হ’ব৷ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব৷

সিংহ ৰাশি: দিনটো অসাধাৰণ৷ স্বাস্থ্য ভালে থাকিব৷ বন্ধু আৰু প্ৰিয়জনসকলৰ সৈতে গঠনমূলক আলাপ-আলোচনা কৰিব৷ সৰুসুৰা ভ্ৰমণলৈ যাব পাৰে৷ অস্বাভাৱিক আৱেগিক হৈ উঠিব৷ শৰীৰ ভালে থাকিব৷

কন্যা ৰাশি: হাতলৈ ধন আহিব৷ বৌদ্ধিক আলোচনা কৰিব পাৰে৷ সাৱধান, ভাবি চিন্তি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব৷

তুলা ৰাশি:  মন আৰু শৰীৰ দুয়োটা ভাল হৈ থাকিব৷ সকলো কাম সুচাৰু ৰূপে সম্পন্ন হ’ব৷ বিনিয়োগৰ পৰা ভাল লভ্যাংশ পাব৷ লাভবান হ’ব৷

বৃশ্চিক ৰাশি: পৰিয়ালৰ সৈতে দিনটো উপভোগ কৰিব৷ আৱেগিক হৈ থাকিব৷ শাৰীৰিক ভাৱে সবল হ’ব৷ আৰ্থিক দিশতো সন্তোষজনক হ’ব৷ উচ্চ প্ৰশংসিত হ’ব৷ কাজিয়া বিবাদ এৰাই চলক৷

ধনু ৰাশি: দিনটো লাভেই লাভ৷ সাংসাৰিক জীৱন সুখৰ হ’ব৷ বন্ধুসকলৰ সৈতে সৰু-সুৰা ভ্ৰমণত যাব পাৰে৷ আয় বৃদ্ধি৷ প্ৰেমত শুভ৷

মকৰ ৰাশি: দিনটো মিশ্ৰিত ফল লাভ কৰিব৷ শৰীৰ বৰ ভালে নাযাব৷ মানসিকভাৱে অত্যন্ত প্ৰফুল্লতা অনুভৱ কৰিব৷ ভ্ৰমণলৈ যাব পাৰে৷ সন্তানক লৈ দুশ্চিন্তাত থাকিব৷


কুম্ভ ৰাশি: ব্যৱসায়িক দিশৰ পৰা লাভবান হ’ব পাৰে৷ আয়ৰ বাবে দিনটো অনুকূল৷ জুই, পানীৰ পৰা আঁতৰত থাকক৷ ব্যৱসায়িক কামত সুনাম বৃদ্ধি হ’ব৷

মীন ৰাশি: দুৰ্ঘটনাৰ পৰা সাৱধান৷ ভাবি চিন্তি কথা ক’ব, কাৰণ কাজিয়া-বিবাদ লাগি যাব পাৰে৷ সমস্যাৰে দিনটো যাব৷ শৰীৰ আৰু মনৰ স্বাস্থ্য বেয়া হৈ থাকিব৷ ঘনিষ্ঠ আৰু প্ৰিয়জনৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ