--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে হালধীয়া কল দেখিছো কিন্তু আপুনি কেতিয়াবা নীলা কল দেখিছেনে? আপুনি হয়তো ভাবিছে যে কল কেতিয়াবা নীলা হ’ব পাৰে নে। হয়, নীলা ৰঙী কল পোৱা যায় । ইয়াক নীলা জাভা কল বুলি কোৱা হয়। ইয়াৰ সোৱাদ ক্ৰীমযুক্ত। স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। নীলা কল ক'ত পোৱা যায় আৰু শৰীৰৰ বাবে ইয়াৰ উপকাৰিতা কি, জানো আহক -


দক্ষিণ-পূব এছিয়াত নীলা জাভা কলৰ খেতি কৰা হয়। ইয়াৰ উপৰিও হাৱাই দ্বীপসমূহতো এই কলৰ খেতি কৰা হয়। বেছিকৈ ঠাণ্ডা অঞ্চল আৰু কম উষ্ণতা থকা ঠাইত এই কল পোৱা যায় । এই কলৰ সোৱাদ আইচক্ৰীমৰ দৰে। ছ’চিয়েল মিডিয়াত বহুতে কয় যে ইয়াৰ সোৱাদ ভেনিলা আইচক্ৰীমৰ দৰে। এই কাৰণে ইয়াক আইচক্ৰীম কল বুলিও কোৱা হয়।


ইয়াৰ উপকাৰিতাৰ বিষয়ে, জানো আহক -

১) আইৰণ সমৃদ্ধ
নীলা জাভা কলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ইয়াৰ বাবে ৰক্তহীনতা অৰ্থাৎ হিম’গ্লবিনৰ অভাৱত হোৱা ৰোগ শৰীৰত দেখা নাযায়। ই শৰীৰত থকা আইৰণৰ অভাৱ দূৰ কৰি বহু উপকাৰ প্ৰদান কৰে।

২) কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব
নীলা জাভা কল পেটৰ বাবে অতি উপকাৰী বুলি কোৱা হয়। ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যা নিৰাময় কৰিব পৰা যায়। এই কলে আন আন পেটৰ সমস্যাতো উপযোগী বুলি কোৱা হৈছে।

৩) মানসিক চাপ হ্ৰাস
বহু গৱেষণাৰ পৰা দেখা গৈছে যে নীলা জাভা কলে মানসিক চাপৰ পৰা সকাহ দিব পাৰে। ইয়াত এনে এটা প্ৰটিন থাকে, যিয়ে শৰীৰক শিথিল অৱস্থাত ৰাখে। ডিপ্ৰেছনৰ দৰে সমস্যাও ইয়াৰ দ্বাৰা নিৰাময় কৰিব পাৰি। এই কলত ভিটামিন বি  পোৱা যায়, যাৰ ফলত তেজৰ গ্লুক’জৰ মাত্ৰা স্বাভাৱিক হৈ থাকে।

৪) শক্তি প্ৰদান কৰা
নীলা কলৰ সেৱনে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰি শক্তি প্ৰদান কৰে। গাখীৰৰ লগত নিয়মিতভাৱে সেৱন কৰিলে শৰীৰটো সুস্থ হৈ পৰে। ইয়াৰ ফলত দুৰ্বলতা দূৰ হয় আৰু বহু ৰোগৰ পৰা সকাহ পোৱা যায়।

৫) পাচনতন্ত্ৰ উন্নত কৰা
নীলা জাভা কলত অধিক পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা পেটৰ আন বহুতো ৰোগৰ পৰাও সকাহ পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?