--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি সকলোৱে হালধীয়া কল দেখিছো কিন্তু আপুনি কেতিয়াবা নীলা কল দেখিছেনে? আপুনি হয়তো ভাবিছে যে কল কেতিয়াবা নীলা হ’ব পাৰে নে। হয়, নীলা ৰঙী কল পোৱা যায় । ইয়াক নীলা জাভা কল বুলি কোৱা হয়। ইয়াৰ সোৱাদ ক্ৰীমযুক্ত। স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। নীলা কল ক'ত পোৱা যায় আৰু শৰীৰৰ বাবে ইয়াৰ উপকাৰিতা কি, জানো আহক -


দক্ষিণ-পূব এছিয়াত নীলা জাভা কলৰ খেতি কৰা হয়। ইয়াৰ উপৰিও হাৱাই দ্বীপসমূহতো এই কলৰ খেতি কৰা হয়। বেছিকৈ ঠাণ্ডা অঞ্চল আৰু কম উষ্ণতা থকা ঠাইত এই কল পোৱা যায় । এই কলৰ সোৱাদ আইচক্ৰীমৰ দৰে। ছ’চিয়েল মিডিয়াত বহুতে কয় যে ইয়াৰ সোৱাদ ভেনিলা আইচক্ৰীমৰ দৰে। এই কাৰণে ইয়াক আইচক্ৰীম কল বুলিও কোৱা হয়।


ইয়াৰ উপকাৰিতাৰ বিষয়ে, জানো আহক -

১) আইৰণ সমৃদ্ধ
নীলা জাভা কলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ইয়াৰ বাবে ৰক্তহীনতা অৰ্থাৎ হিম’গ্লবিনৰ অভাৱত হোৱা ৰোগ শৰীৰত দেখা নাযায়। ই শৰীৰত থকা আইৰণৰ অভাৱ দূৰ কৰি বহু উপকাৰ প্ৰদান কৰে।

২) কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব
নীলা জাভা কল পেটৰ বাবে অতি উপকাৰী বুলি কোৱা হয়। ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যা নিৰাময় কৰিব পৰা যায়। এই কলে আন আন পেটৰ সমস্যাতো উপযোগী বুলি কোৱা হৈছে।

৩) মানসিক চাপ হ্ৰাস
বহু গৱেষণাৰ পৰা দেখা গৈছে যে নীলা জাভা কলে মানসিক চাপৰ পৰা সকাহ দিব পাৰে। ইয়াত এনে এটা প্ৰটিন থাকে, যিয়ে শৰীৰক শিথিল অৱস্থাত ৰাখে। ডিপ্ৰেছনৰ দৰে সমস্যাও ইয়াৰ দ্বাৰা নিৰাময় কৰিব পাৰি। এই কলত ভিটামিন বি  পোৱা যায়, যাৰ ফলত তেজৰ গ্লুক’জৰ মাত্ৰা স্বাভাৱিক হৈ থাকে।

৪) শক্তি প্ৰদান কৰা
নীলা কলৰ সেৱনে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰি শক্তি প্ৰদান কৰে। গাখীৰৰ লগত নিয়মিতভাৱে সেৱন কৰিলে শৰীৰটো সুস্থ হৈ পৰে। ইয়াৰ ফলত দুৰ্বলতা দূৰ হয় আৰু বহু ৰোগৰ পৰা সকাহ পোৱা যায়।

৫) পাচনতন্ত্ৰ উন্নত কৰা
নীলা জাভা কলত অধিক পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা পেটৰ আন বহুতো ৰোগৰ পৰাও সকাহ পোৱা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ