--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিমানত যাত্ৰা কৰিবলৈ বহুলোকৰে এটা সাবিয়াস থাকে৷ বিমান যাত্ৰা ব্যয়বহুল হোৱাৰ বাবে বহুদনৰে এই আশা পূৰণ নহয়৷ আৰু বহু যাত্ৰীয়ে অধিক মূল্যত টিকট সংগ্ৰহ কৰি যাত্ৰা কৰি আছে৷ কম খৰচত কেনেকৈ বিমান যাত্ৰা সম্ভৱ নে? আপোনাৰ হয়তো প্ৰশ্ন হ’ব পাৰে কেনেকৈ সম্ভৱ! হয়,  টিকট কৰিব বিছাৰিলে কিছুমান সৰু সৰু কথাৰ ওপৰত গুৰুত্ব দিয়াৰ তগতে আন কিছুমান অনুসাংগিক তথ্য সম্পৰ্কে জ্ঞাত হ’ব লাগে৷ যি আপোনাৰ বিমান যাত্ৰা কমখৰছী কৰি তুলিব পাৰে৷

 সাধাৰনতে বিমান টিকট কৰাৰ আগতে কিছুমান দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে-
  
কেতিয়া টিকট ক্ৰয় কৰিব- বেছিভাগ বিমান সংস্থাই সাধাৰণতে মঙলবাৰে সন্ধিয়া ৭:০০ বজাত বুকিং ব্যৱস্থা আপডেট কৰে, সেয়ে মঙলবাৰ আৰু বুধবাৰ বিমানৰ টিকট ক্ৰয়ৰ অন্যতম দিন হিচাপে বিবেচনা কৰিব পাৰে।  কাৰণ বিমান সংস্থাই জানে যে বেছিভাগ যাত্ৰীয়ে সপ্তাহৰ শেষৰ দিলন কেইটাত টিকট বুকিং কৰিবলৈ সময় পায়। পৰিসংখ্যাগতভাৱে প্ৰমাণিত যে সৰহ সংখ্যক লোকে সাধাৰণতে শুকুৰবাৰ, শনিবাৰ বা দেওবাৰে টিকটৰ দাম পৰীক্ষা কৰে।

যাত্ৰাৰ কিমান দিনৰ আগত টিকত বুক কৰিব- ভ্ৰমণৰ কমেও ২১ দিনৰ আগতে টিকট বুক কৰিব লাগে। বেছিভাগ বিমান সংস্থাই যিমান পাৰি সিমান টিকট বিক্ৰী কৰিবলৈ নিজ নিজ ব্যৱস্থা গ্ৰহণ কৰে। সেয়েহে এই ব্যৱস্থাত সস্তীয়া টিকটৰ বাবে এটা নিৰ্দিষ্ট কোটা আছে। উদাহৰণস্বৰূপে, নিৰ্দিষ্ট ঠাই এখনলৈ বিমানৰ বাবে এই ব্যৱস্থাই নিৰ্ধাৰণ কৰে যে প্ৰথম ২০ জন যাত্ৰীয়ে সৰ্বনিম্ন মূল্য লাভ কৰিব। পৰৱৰ্তী ২০০ য়ে মধ্যম মূল্য  আৰু বাকীবোৰ টিকট অধিক মূল্য হোৱাৰ সম্ভাৱনা আছে। নিৰ্দিষ্ট ঠাইখনলৈ যাত্ৰা কৰাৰ সময়ত বিমান সংস্থাসমূহৰ ব্যৱস্থাই তেওঁলোকে বিচৰা মাৰ্জিনৰ ওপৰত ভিত্তি কৰি টিকটৰ মূল্য নিৰ্ধাৰণ কৰে।

আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে 'বেষ্ট ডিল' বিচাৰক- বেছিভাগ বিমান সংস্থাই আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে প্ৰায় ১১ৰ পৰা ১২ সপ্তাহ আগতেই ‘বেষ্ট ডিল’ আগবঢ়ায়। গতিকে, এই সময়ছোৱাত নিয়মিতভাৱে টিকটৰ দাম পৰীক্ষা কৰিলে নিশ্চয় কৈ কম মূল্যত টিকত লাভ কৰিব।

সৰু বিমানবন্দৰ বাছি লওক-মূল বিমানবন্দৰত অৱতৰণ কৰাৰ পৰিৱৰ্তে গন্তব্যস্থানৰ ওচৰৰ সৰু বিমানবন্দৰলৈ উৰা মাৰিব। এনে কৰিলে গন্তব্য স্থানলৈ অৱতৰণ কৰা বিমানবন্দৰ পৰা কম খৰছী যাতায়ত লৈ গন্তব্য স্থানত কম খৰছতে উপস্থিত হ’ব পাৰিব৷

'কুকিজ' পৰিষ্কাৰ কৰক- যদি আপুনি ৩০ দিনৰ ভিতৰত বিমান সংস্থাটোৰ ৱেবছাইটলৈ গৈছে তেন্তে আপোনাৰ লেপটপ, স্মাৰ্টফোন আৰু পিচিৰ পৰা কুকিজ ক্লিয়াৰ কৰক। কাৰণ এই কুকিজৰ জৰিয়তে বিমান সংস্থাটোৰ বুকিং ব্যৱস্থাই মনত ৰাখিব যে আপুনি তেওঁলোকৰ ৱেবছাইটটো বাৰে বাৰে গৈছে। সেয়েহে আপুনি ৱেবছাইটটো একাধিকবাৰ ভ্ৰমণ কৰিলেও বুকিং ব্যৱস্থাই একে মূল্য দেখুৱাব। কেতিয়াবা দাম বাঢ়িব পাৰে! গতিকে, আপোনাৰ ইণ্টাৰনেট ব্ৰাউজাৰৰ কুকিজ ক্লিয়াৰ কৰাটো অভ্যাস কৰক। যদি আপোনাৰ লেপটপ, স্মাৰ্টফোনৰ ইণ্টাৰনেট ব্ৰাউজাৰৰ কুকিজ কেনেকৈ ডিলিট কৰিব নাজানে তেন্তে গুগলৰ পৰা সবিশেষ জানিব পাৰিব৷

দাম তুলনা কৰক-বিমান টিকট কৰা আগত গুগল কৰি আন ৱেবচাইটত কিনিব বিচৰা টিকটৰ দাম তুলনা কৰি চাবপাৰে৷ কেৱল এটা ৱেবচাইটত গুৰুত্ব নিদিব। কেতিয়াবা একেখন বিমানৰ টিকট সস্তাত লাভ কৰিব পৰাে। এনে কেইটামান চাৰ্চ ইঞ্জিন Skyscanner, CheapFlight, Momondo, Kayak, Google Flight

FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ