--°C
Loading...
Listen to Article
2 min read
80%
০৯/০১/২৫, বৃহস্পতিবাৰ


মেষঃ পাৰিবাৰিক দিশত সন্মান বৃদ্ধি৷ কোনোবাই প্রতাৰণা কৰিব পাৰে৷ ভ্রমণত অর্থ লাভ৷ ব্যৱসায়-বাণিজ্যত বাধা থাকিব৷ আর্থিক দিশত দিনটোত তেনেকুৱা ভাল ফল নাপাব৷ ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ দেখা যায়৷ 

বৃষঃ কর্মক্ষেত্রত সন্মান বৃদ্ধিৰ যোগ৷ মনৰ গোপন কথা আনৰ আগত প্রকাশ কৰিলে ক্ষতি হ’ব পাৰে৷ নিজৰ ভুলত বিপদত পৰিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয় বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব৷ ভ্রমণৰ যোগ দেখা যায়৷ প্রেমত শুভ ফলদায়ক৷ 

মিথুনঃ কর্মক্ষেত্রত বাধা থাকিব৷ কিবা বিষয় লৈ পিতৃ–মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে৷ পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্রত বাধা থাকিব৷ মানসিক চঞ্চলতাৰ কাৰণে বিদ্যার্থীৰ ক্ষতি৷ চাকৰিৰ ক্ষেত্রত সহকর্মীৰ লগত মতান্তৰ দেখা দিব পাৰে৷ 

কর্কটঃ চাকৰিত সন্মান প্রাপ্তিৰ যোগ৷ মনৰ আশা ভংগ হ’ব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ যোগ আছে৷ ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনাই দেখা দিব পাৰে৷ পুলিচি জামেলা, মামলা, মকর্দমা আদিৰ যোগ দেখা যায়৷ গতিকে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ 

সিংহঃ অযথা বিবাদৰ ফলত দৈনন্দিন কর্মত ক্ষতি৷ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে৷ সম্পদ প্রাপ্তিৰ যোগ৷ অসমাপ্ত কাম শেষ কৰি মনত আনন্দ অনুভৱ কৰিব৷ ব্যৱসায়ত পৰিধি বিস্তাৰ৷ প্রেমত মধ্যম৷ 

কন্যাঃ কর্মক্ষেত্রত বিভাজন–পৰিৱর্তন যোগ দেখা যায়৷ পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে৷ দৈনন্দিন কর্মত খেলিমেলি দেখা দিব পাৰে৷ উচ্চ বিদ্যার্থীৰ মানসিক চাপ বৃদ্ধি পাব৷ উগ্র মেজাজৰ কাৰণে আর্থিক ক্ষতি হ’ব পাৰে৷ প্রেমত অশান্তি বৃদ্ধি৷ 

তুলাঃ কর্মত অস্থিৰতাই দেখা দিব পাৰে৷ আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে৷ অযথা চিন্তা বৃদ্ধি৷ প্রাপ্য অর্থ প্রাপ্তিৰ যোগ৷ অধিক খঙৰ কাৰণে একাধিক সুযোগে হাত এৰা দিব পাৰে৷ বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ, বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক৷ 

বৃশ্চিকঃ চাকৰিৰ ক্ষেত্রত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়–বাণিজ্যত শুভ৷ দিনটোত আয় উপেক্ষা, ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ নিবনুৱা জাতক–জাতিকাই চেষ্টাৰ ফল পাব, গুপ্ত শত্রু সম্পর্কে সতর্কতা অৱলম্বন কৰিব৷ শাৰীৰিক দিশত চিন্তাৰ কাৰণ আছে৷ বিদ্যার্থীৰ মধ্যম ফল৷ 

ধনুঃ কর্মক্ষেত্রত সাফল্য লাভ৷ ব্যৱসায়–বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ৷ দাম্পত্যত শান্তি বজাই থাকিব৷ শৰীৰ– স্বাস্থ্য বিশেষ ভাল নাযাব৷ কোনোবাই অযথা শত্রুতা কৰিব পাৰে৷ দিনটোত পৰিশ্রমৰ তুলনাত ফল নাপাব৷ উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ৷ 

মকৰঃ পাৰিবাৰিক অশান্তিৰ কাৰণে দৈনিক কর্মত বাধা৷ নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে৷ অযথা চিন্তাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে৷ বিভিন্ন ধৰণৰ পেচাৰ লগত জড়িত ব্যক্তিসকলৰ উন্নতিৰ যোগ৷ প্রেম আৰু দাম্পত্যত অশান্তি বৃদ্ধি পাব৷ 

কুম্ভঃ পাৰিবাৰিক ক্ষেত্রত শান্তি বজাই থাকিব৷ আর্থিক ক্ষেত্রত আশা কৰা মতে ফল নাপাব৷ পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে৷ গোপন শত্রু সম্পর্কে সতর্ক থাকিব৷ উচ্চ ৰক্তচাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব৷ ব্যৱসায়ত শুভ৷ বিদ্যার্থীৰ মধ্যম ফল৷ 

মীনঃ কর্মক্ষেত্রত মধ্যম ফলদায়ক৷ বিশেষ কাৰণে কিছু অর্থ ঋণ কৰিব লগা হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফল৷ সন্তানৰ বিদ্যাৰ কাৰণে পিতৃ–মাতৃৰ চিন্তা, প্রেম আৰু দাম্পত্যত কাজিয়া–পেচালৰ সম্ভাৱনা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ