--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ মানুহৰ উপকাৰত অহাকৈ  দিশ তথা অন্যান্য বিষয় সামৰি বাস্তুই নানান দিহা দিছে। তেনে দিহা মানি ঘৰ খন সজাব পাৰিলে সুখ শান্তি বৃদ্ধি পায়, ঘৰৰ সকলোৰে মংগল হয়। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ অবিচ্ছেদ্য অংগ হিচাপে বিবেচনা কৰা হয় স্নানাগাৰ আৰু শৌচাগাৰক। এই দুটা বিশেষ ঘৰ প্ৰতিটো ঘৰৰ সৈতে থাকিবই লাগিব। স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সেয়ে বাস্তুশাস্ত্র মানি যদি নির্মাণ কার্য সম্পন্ন কৰা হয় তেন্তে গৃহস্থই যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হয়।

 বাস্তু শাস্ত্ৰই স্নানাগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ কেতবোৰ বিশেষ বিধি দিছে। স্নানাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ পূব দিশটো নিৰ্বাচন কৰিব পাৰিলে বেছি ফলদায়ক হয়। যদি পূব দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পৰা নাযায় তেন্তে ঘৰৰ উত্তৰ, পশ্চিম বা উত্তৰ পশ্চিম দিশত স্নানাগাৰ নিৰ্মাণ কৰিব পাৰি। স্নানাগাৰত বেচিন বা ছাৱাৰ আদি সদায় পূব অথবা উত্তৰ-পূবৰ দিশত  স্থাপন কৰিব লাগে। 

গিজাৰ, ৱাটাৰ হিটাৰ আদি স্নানাগাৰৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। গিজাৰ আদি পশ্চিম বা উত্তৰ পশ্চিম দিশতো স্থাপন কৰিব পাৰি। যদি স্নানাগাৰত বাথটাবৰ ব্যৱস্থা কৰা হয় তেন্তে বাথটাব স্থানগাৰৰ পূব-পশ্চিম মুৱা কৰি স্থাপন কৰিব লাগে। কাপোৰ ধোৱাৰ ব্যৱস্থা স্নানাগাৰৰ পশ্চিম বা উত্তৰ-পশ্চিম দিশত কৰিব লাগে। স্নানাগাৰৰ ভিতৰত আইনা আদি স্থাপন কৰিলে সেয়া উত্তৰ বা পূব দিশৰ দেৱালত স্থাপন কৰিব লাগে। বাস্তুশাস্ত্রই স্নান কৰাৰ দিশৰো বিধান দিছে। বাস্তুশাস্ত্ৰ অনুসৰি স্নান সদায় পূব পশ্চিম মুৱাহৈ কৰিব লাগে। এইক্ষেত্ৰত পূব দিশত মূৰ ৰাখিব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ