--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ মতে সকলো মাটিতে ঘৰ সাজিব নালাগে, কেনে মাটিত ঘৰ সাজিব নালাগে?  জানো আহক। দৰাচলতে সকলো মাটিয়েই ঘৰ সজাৰ বাবে উপযুক্ত নহয়। জানো আহক কেনে মাটিত ঘৰ সজা ভাল বা বেয়া।

ক'লা, বগা, হালধীয়া আদি বৰণৰ মাটিত ঘৰ সাজিলে উত্তম ফলাফল পোৱা যায় বুলি বাস্তু শাস্ত্ৰই কয়।যি মাটিৰ ৰং জুইৰ ৰঙৰ দৰে হয় তেনে মাটিত ঘৰ সাজিব নালাগে। সেউজীয়া বৰণৰ মাটি ঘৰ সজাৰ বাবে উপযুক্ত নহয়। যি মাটি অতি সুগন্ধিযুক্ত তেনে মাটি ঘৰ সজাৰ বাবে উপযুক্ত হয়।

যি মাটিৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেনে মাটিত ঘৰ সজা অনুচিত। যি মাটিৰ পৰা দৈৰ দৰে গোন্ধ ওলায় সেই মাটিত কল-কাৰখানা আদি স্থাপন কৰিব লাগে ।

যি মাটিত মৃতদেহৰ গোন্ধ পোৱা হয় তেনে মাটিত কেতিয়াও ঘৰ সাজিব নালাগে। তেনে মাটিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হোৱাটো নিশ্চিত। যি মাটিত পানী সহজে পৰিবহণ কৰিব পাৰি সেই মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থই শুভ ফল লাভ কৰে ।

যি মাটিত শিল মিহলি হৈ থাকে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত নহয়

গৃহ নিৰ্মাণৰ বাবে মাটি কিদৰে পৰীক্ষা কৰিব

গৃহ নিৰ্মাণৰ বাবে বাস্তুশাস্ত্ৰই মাটি পৰীক্ষা কৰাৰ এটা সাধাৰণ উপায় দিছে। ওপৰত উল্লেখ কৰা মাটিৰ বিভিন্ন বৈশিষ্ট্যসমূহ চালি-জাৰি চোৱাৰ উপৰি এই পদ্ধতি ব্যৱহাৰ কৰিও সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত হয় নে নহয়, সেয়া জানিব পাৰি। মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰিবলৈ সেই মাটিত এটা সৰু গাঁত খান্দিব লাগিব । 

গাঁত খান্দোতে যি মাটি ওলায় সেই মাটিৰে গাঁতটো পূৰ কৰক। যদি গাঁতটো পূৰ কৰোতে গাঁতটো ভৰ্তি হৈ যোৱাৰ পিছতো কিছু মাটি ৰৈ যায় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। আনহাতে যদি গাঁতটো ভৰ্তি কৰোঁতে মাটি কম হয়, তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মুঠেও উপযুক্ত নহয়। ইয়াৰ উপৰি আন এক পদ্ধতি ব্যৱহাৰ কৰিও মাটি পৰীক্ষা কৰিব পাৰি। 

বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ বাবে অলপ মাটি চকলিয়াই লৈ সেই মাটিৰ ওপৰত এটা চাৰিটা মুখযুক্ত চাকি জ্বলাব লাগিব। সেই চাকি নুমাই নোযোৱালৈকে চাকিগচি লক্ষ্য কৰি থাকিব লাগিব। যদি উত্তৰ দিশে মুখ কৰি থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটিক ব্ৰাহ্মণৰ বসবাসৰ বাবে উপযুক্ত হিচাপে গণ্য কৰা হয়। যদি পুবমুখে থকা চাকিগছি একেবাৰে শেষত নুমাই যায় তেন্তে সেই মাটি বৈশ্যসকলৰ বসবাসৰ বাবে উপযুক্ত বুলি ভবা হয়। 

যদি দক্ষিণ দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি ক্ষত্ৰিয়সকলৰ বসবাসৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। যদি পশ্চিম দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি আন আন জাতিৰ লোকসকলৰ বসবাসৰ বাবে উপযুক্ত মাটি বুলি ধৰি ল'ব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ