--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ মতে সকলো মাটিতে ঘৰ সাজিব নালাগে, কেনে মাটিত ঘৰ সাজিব নালাগে?  জানো আহক। দৰাচলতে সকলো মাটিয়েই ঘৰ সজাৰ বাবে উপযুক্ত নহয়। জানো আহক কেনে মাটিত ঘৰ সজা ভাল বা বেয়া।

ক'লা, বগা, হালধীয়া আদি বৰণৰ মাটিত ঘৰ সাজিলে উত্তম ফলাফল পোৱা যায় বুলি বাস্তু শাস্ত্ৰই কয়।যি মাটিৰ ৰং জুইৰ ৰঙৰ দৰে হয় তেনে মাটিত ঘৰ সাজিব নালাগে। সেউজীয়া বৰণৰ মাটি ঘৰ সজাৰ বাবে উপযুক্ত নহয়। যি মাটি অতি সুগন্ধিযুক্ত তেনে মাটি ঘৰ সজাৰ বাবে উপযুক্ত হয়।

যি মাটিৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেনে মাটিত ঘৰ সজা অনুচিত। যি মাটিৰ পৰা দৈৰ দৰে গোন্ধ ওলায় সেই মাটিত কল-কাৰখানা আদি স্থাপন কৰিব লাগে ।

যি মাটিত মৃতদেহৰ গোন্ধ পোৱা হয় তেনে মাটিত কেতিয়াও ঘৰ সাজিব নালাগে। তেনে মাটিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হোৱাটো নিশ্চিত। যি মাটিত পানী সহজে পৰিবহণ কৰিব পাৰি সেই মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থই শুভ ফল লাভ কৰে ।

যি মাটিত শিল মিহলি হৈ থাকে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত নহয়

গৃহ নিৰ্মাণৰ বাবে মাটি কিদৰে পৰীক্ষা কৰিব

গৃহ নিৰ্মাণৰ বাবে বাস্তুশাস্ত্ৰই মাটি পৰীক্ষা কৰাৰ এটা সাধাৰণ উপায় দিছে। ওপৰত উল্লেখ কৰা মাটিৰ বিভিন্ন বৈশিষ্ট্যসমূহ চালি-জাৰি চোৱাৰ উপৰি এই পদ্ধতি ব্যৱহাৰ কৰিও সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত হয় নে নহয়, সেয়া জানিব পাৰি। মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰিবলৈ সেই মাটিত এটা সৰু গাঁত খান্দিব লাগিব । 

গাঁত খান্দোতে যি মাটি ওলায় সেই মাটিৰে গাঁতটো পূৰ কৰক। যদি গাঁতটো পূৰ কৰোতে গাঁতটো ভৰ্তি হৈ যোৱাৰ পিছতো কিছু মাটি ৰৈ যায় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। আনহাতে যদি গাঁতটো ভৰ্তি কৰোঁতে মাটি কম হয়, তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মুঠেও উপযুক্ত নহয়। ইয়াৰ উপৰি আন এক পদ্ধতি ব্যৱহাৰ কৰিও মাটি পৰীক্ষা কৰিব পাৰি। 

বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ বাবে অলপ মাটি চকলিয়াই লৈ সেই মাটিৰ ওপৰত এটা চাৰিটা মুখযুক্ত চাকি জ্বলাব লাগিব। সেই চাকি নুমাই নোযোৱালৈকে চাকিগচি লক্ষ্য কৰি থাকিব লাগিব। যদি উত্তৰ দিশে মুখ কৰি থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটিক ব্ৰাহ্মণৰ বসবাসৰ বাবে উপযুক্ত হিচাপে গণ্য কৰা হয়। যদি পুবমুখে থকা চাকিগছি একেবাৰে শেষত নুমাই যায় তেন্তে সেই মাটি বৈশ্যসকলৰ বসবাসৰ বাবে উপযুক্ত বুলি ভবা হয়। 

যদি দক্ষিণ দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি ক্ষত্ৰিয়সকলৰ বসবাসৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। যদি পশ্চিম দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি আন আন জাতিৰ লোকসকলৰ বসবাসৰ বাবে উপযুক্ত মাটি বুলি ধৰি ল'ব পাৰি।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
ইতিহাসৰ ষষ্ঠ বৃহৎ ভূমিকম্পই কঁপাই গ'ল ৰাছিয়াক
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত