--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো মাটিয়েই ঘৰ সজাৰ বাবে উপযুক্ত নহয়। জানো আহক কেনে মাটিত ঘৰ সজা ভাল বা বেয়া।
ক'লা, বগা, হালধীয়া আদি বৰণৰ মাটিত ঘৰ সাজিলে উত্তম ফলাফল পোৱা যায় বুলি বাস্তু শাস্ত্ৰই কয়।
যি মাটিৰ ৰং জুইৰ ৰঙৰ দৰে হয় তেনে মাটিত ঘৰ সাজিব নালাগে। সেউজীয়া বৰণৰ মাটি ঘৰ সজাৰ বাবে উপযুক্ত নহয়। যি মাটি অতি সুগন্ধিযুক্ত তেনে মাটি ঘৰ সজাৰ বাবে উপযুক্ত হয়।

যি মাটিৰ পৰা দুৰ্গন্ধ ওলাই থাকে তেনে মাটিত ঘৰ সজা অনুচিত। যি মাটিৰ পৰা দৈৰ দৰে গোন্ধ ওলায় সেই মাটিত কল-কাৰখানা আদি স্থাপন কৰিব লাগে ।

যি মাটিত মৃতদেহৰ গোন্ধ পোৱা হয় তেনে মাটিত কেতিয়াও ঘৰ সাজিব নালাগে। তেনে মাটিত ঘৰ সাজিলে গৃহস্থৰ অমংগল হোৱাটো নিশ্চিত। যি মাটিত পানী সহজে পৰিবহণ কৰিব পাৰি সেই মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থই শুভ ফল লাভ কৰে ।

যি মাটিত শিল মিহলি হৈ থাকে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত নহয়

গৃহ নিৰ্মাণৰ বাবে মাটি কিদৰে পৰীক্ষা কৰিব

গৃহ নিৰ্মাণৰ বাবে বাস্তুশাস্ত্ৰই মাটি পৰীক্ষা কৰাৰ এটা সাধাৰণ উপায় দিছে। ওপৰত উল্লেখ কৰা মাটিৰ বিভিন্ন বৈশিষ্ট্যসমূহ চালি-জাৰি চোৱাৰ উপৰি এই পদ্ধতি ব্যৱহাৰ কৰিও সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত হয় নে নহয়, সেয়া জানিব পাৰি। মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰিবলৈ সেই মাটিত এটা সৰু গাঁত খান্দিব লাগিব । 

গাঁত খান্দোতে যি মাটি ওলায় সেই মাটিৰে গাঁতটো পূৰ কৰক। যদি গাঁতটো পূৰ কৰোতে গাঁতটো ভৰ্তি হৈ যোৱাৰ পিছতো কিছু মাটি ৰৈ যায় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। আনহাতে যদি গাঁতটো ভৰ্তি কৰোঁতে মাটি কম হয়, তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মুঠেও উপযুক্ত নহয়। ইয়াৰ উপৰি আন এক পদ্ধতি ব্যৱহাৰ কৰিও মাটি পৰীক্ষা কৰিব পাৰি। 

বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ বাবে অলপ মাটি চকলিয়াই লৈ সেই মাটিৰ ওপৰত এটা চাৰিটা মুখযুক্ত চাকি জ্বলাব লাগিব। সেই চাকি নুমাই নোযোৱালৈকে চাকিগচি লক্ষ্য কৰি থাকিব লাগিব। যদি উত্তৰ দিশে মুখ কৰি থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটিক ব্ৰাহ্মণৰ বসবাসৰ বাবে উপযুক্ত হিচাপে গণ্য কৰা হয়। যদি পুবমুখে থকা চাকিগছি একেবাৰে শেষত নুমাই যায় তেন্তে সেই মাটি বৈশ্যসকলৰ বসবাসৰ বাবে উপযুক্ত বুলি ভবা হয়। 

যদি দক্ষিণ দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি ক্ষত্ৰিয়সকলৰ বসবাসৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। যদি পশ্চিম দিশে থকা চাকিগছি শেষত নুমাই যায় তেন্তে সেই মাটি আন আন জাতিৰ লোকসকলৰ বসবাসৰ বাবে উপযুক্ত মাটি বুলি ধৰি ল'ব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম