--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বনছাই, কেকটাছ আদি সৌভাগ্যৰ প্ৰতীক। কিন্তু সেইবোৰ ৰখাৰো নিয়ম আছে। এনে উদ্ভিদে মানুহৰ মন সহজে আকৰ্ষণ কৰে। সমগ্ৰ বিশ্বতে সেয়ে  বনছাই, কেকটাছ আদি সজোৱা সামগ্ৰীৰ ভিতৰত এক অন্যতম সামগ্ৰী হিচাবে পৰিগণিত হৈছে। বিশ্বত সেয়ে  বনছাই, কেকটাছ আদিৰ বৃহৎ বজাৰ এখনো গঢ়ি উঠিছে।

আজিকালি ঘৰৰ ভিতৰত বহুতেই বনছাই, কেকটাছ আদি সজাই ৰাখে। বনছাই, কেকটাছ আদি সজাই ৰাখিলে ঘৰৰ সৌন্দৰ্য নিঃসন্দেহে বৃদ্ধি পায়। কিন্তু ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি সজাই ৰখাটো উচিত নহয়। বনছাই ,কেকটাছ আদিব পৰা অনবৰতে অশুভ শক্তি নির্গত হয়। 

কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি। 


কোনো বৃহৎ গছ এজোপাক বিশেষ পদ্ধতিৰে সৰু গছৰ ৰূপতে ৰখা হয়। ইয়াৰ ফলত বিকাশৰ গতি স্তব্ধ হৈ পৰে। ই প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ কথা। প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ গৈ প্ৰস্তুত কৰা বনছাই ঘৰৰ ভিতৰত ৰাখিলে নানান ধৰণৰ অপায়-অমংগল হ'ব পাৰে। 


বনছাই ঘৰৰ ভিতৰত ৰাখিলে ইয়াৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে গৃহস্থৰ মানসিক অৱস্থা বিধ্বস্ত কৰি তুলিব পাৰে  । সেয়ে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি ৰাখিব নালাগে বুলি ফেংছুইয়ে বিধান দি আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ