--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুমান ঘৰত স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয়, যাৰ ফলত ঘৰৰ পৰিৱেশ অশান্তিকৰ হৈ পৰে। কেতিয়াবা এই কাজিয়াবোৰ ইমানেই বাঢ়ি যায় যে স্বামী-স্ত্ৰীৰ সম্পৰ্কত ফাঁট মেলে। মানুহৰ ভুলৰ লগতে বাস্তুৰ দোষো এই কাজিয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে। বাস্তুশাস্ত্ৰৰ মতে যি ঘৰত শান্তি থাকে সেই ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে। ঘৰত শান্তি বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি ঘৰত বাস্তুৰ দোষ হয় তেন্তে অতি সোনকালে সেয়া শুধৰোৱাটো অতি প্ৰয়োজনীয়।

বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি কি কৰিলে কাজিয়া নোহোৱা হ'ব জানো আহক

১)ঘৰৰ মন্দিৰ বা থাপনা পৰিষ্কাৰ কৰি ৰাখক- বাস্তুশাস্ত্ৰৰ মতে প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পূজা স্থান পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে। ইয়াৰ বাহিৰেও ঘৰৰ মন্দিৰত দেৱতাৰ ছবি বা মূৰ্তি মুখামুখিকৈ ​​ৰাখিব নালাগে। যি ঘৰত এনে হয় সেই ঘৰৰ সদস্যসকলৰ মাজত কেতিয়াও কোনো ধৰণৰ সমিলমিল নাথাকে। ইয়াৰ বাহিৰেও অত্যধিক দেৱতাৰ ছবি ঘৰত ৰাখিব নালাগে।

২)যুদ্ধৰ ফটো- বাস্তুশাস্ত্ৰৰ মতে মহাভাৰত বা যিকোনো যুদ্ধৰ সৈতে জড়িত ছবি, ফটো ঘৰত ৰাখিব নালাগে। ঘৰত সিংহ, বাঘ আদি হিংস্ৰ বনৰীয়া জন্তুৰ ছবিও থাকিব নালাগে। এই ছবিবোৰে ঘৰত ঋণাত্মক শক্তি বৃদ্ধি কৰে।

৩)জোতা আৰু চেণ্ডেল সঠিকভাৱে ৰাখক- বাস্তুশাস্ত্ৰৰ মতে জোতা-চেণ্ডেল কেতিয়াও ওলোটাকৈ বা বিশৃংখলভাৱে ঘৰৰ মূল দুৱাৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও জোতা-চেণ্ডেল ঘৰৰ ভিতৰতো ইফালে সিফালে পেলাই থব নালাগে। এনে কৰিলে ঘৰৰ সদস্যসকলৰ মাজত ক্লেশ বৃদ্ধি পায় লগতে ধনৰ ক্ষতি হয়।

৪)ঘৰত ব্যৱহাৰ নোহোৱা বস্তু নাৰাখিব- বাস্তুশাস্ত্ৰৰ মতে কোনো ধৰণৰ ভঙা বস্তু ঘৰত মজুত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও যদি ঘৰৰ ইলেক্ট্ৰনিক সঁজুলিবোৰ বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈ আছে, তেন্তে সেইবোৰো সলনি কৰিব লাগে। বেয়া বৈদ্যুতিক যন্ত্ৰপাতি আৰু ঘৰত জমা হোৱা আৱৰ্জনাবোৰৰ বাবে ঘৰত দুখ তথা অশান্তি পৰিস্থিতিৰ সৃষ্টি হয়।

৫)পঞ্চমুখী চাকি-মঙলবাৰে হনুমান জীক পূজা কৰোতে তেওঁৰ সন্মুখত পঞ্চমুখী চাকি জ্বলোৱা উচিত। এনে কৰিলে ঘৰত ধনাত্মক শক্তি সঞ্চাৰিত হয়। ইয়াৰ বাহিৰেও অষ্টগন্ধা ঘৰত জ্বলাই দিব পাৰি। ইয়াৰ সুগন্ধি গোটেই ঘৰটোত বিয়পি পৰিলে ঘৰখনত সুখ আৰু শান্তিৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক