--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত বৰদিন৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে বহুলোক বৰদিনৰ আয়োজনৰ বাবে ব্যস্ত হৈ পৰিছে৷ ২৫ ডিচেম্বৰ খ্ৰীষ্টমাছ উপলক্ষে বৰদিনৰ গছজোপা আকৰ্ষণীয়ভৱে সজাই তোলা হয়। অৱশ্যে বৰদিনত বেছিভাগ ঠাইতে কৃত্ৰিম গছ ব্যৱহাৰ কৰা দেখা যায়। এই গছজোপাৰ নাম কি আৰু ক'ত পোৱা যায় জানে নে?

খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বাবে বৰদিনৰ দিনটো এটা ডাঙৰ দিন। এই দিনটো যীচু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়। আৰু এই দিনটোত প্ৰাৰ্থনা কৰিবলৈ গীৰ্জাত গৈ বিশেষ প্ৰাৰ্থনা কৰা হয়। এই উৎসৱ খুৱ আড়ম্বৰপূৰ্ণ ভাৱে উদযাপন কৰে৷ বৰদিনৰ দিনটোত চান্টাক্লজ আৰু খ্ৰীষ্টমাছ গছক এই দিনটোৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। বৰদিনৰ দিনা শিশুক উপহাৰ প্ৰদান কৰাৰ লগতে বৰদিনৰ দিনা মানুহে একত্ৰিত হৈ উদযাপন কৰাৰ লগতে নিজৰ ঘৰখনো সুন্দৰভাৱে সজাই তোলে।

ঘৰটো সজাবলৈ মানুহে বৰদিনৰ গছ ৰোপণৰ পৰা আৰম্ভ কৰি উপহাৰ, বেল্ট, লাইট আৰু কপাহৰ বৰফ বনাই সজাই তোলে। এইবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল বৰদিনৰ গছজোপা। কাৰ্যালয়, বিদ্যালয় আৰু শ্বপিংম’ল বিলাকতো বৰদিনৰ গছ সজাই তোলা দেখা যায়।

অধিকাংশতে বৰদিনত কৃত্ৰিম গছ ৰোপন কৰা পৰিলক্ষিত হয়৷ বৰদিনৰ গছজোপা ‘ফাৰ’ প্ৰজাতিৰ৷ এই গছজোপা মূলতঃ ঠাণ্ডা আৰু নাতিশীতোষ্ণ অঞ্চলত গজে। সৰণতে এই গছজোপাক খ্ৰীষ্টমাছ গছ বুলিয়ে জনা যায়। এই গছজোপাৰ বিভিন্ন প্ৰজাতি দেখিবলৈ পোৱা যায়৷এই প্ৰজাতিসমূহ হৈছে ডগলাছ ফাৰ, ভাৰ্জিনিয়া পাইন, ফ্ৰেজাৰ ফাৰ, ব্লালছাম ফাৰ, হোৱাইট স্প্ৰুচ, ক’লৰাডো স্প্ৰুচ আৰু নৰৱে স্প্ৰুচ যথেষ্ট বিখ্যাত। কিন্তু বৰদিনৰ সজ্জাৰ বাবে ‘নৰ্ৱেজিয়ান ফাৰ’, ‘ব্লু স্প্ৰুচ’, আৰু ‘ব্ল’ছাম ফাৰ’ আটাইতকৈ বেছি ব্যৱহাৰ কৰা দেখা যায়।

বৰদিনত ব্যৱহিত এই গছবোৰ ঠাণ্ডা অঞ্চল- হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰত চিৰসেউজ গছ পোৱা যায়। ইয়াৰ উপৰিও শিমলা, ড’লহাউজি, ডেৰাডুনৰ চক্ৰতাত পোৱা যায় ইয়াৰ উপৰিও কানাডা আৰু আমেৰিকাৰ দৰে ঠাণ্ডা ঠাইত ব্ল’চাম ফাৰ আৰু অন্যান্য প্ৰকাৰৰ ফাৰ গছ পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান