--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত বৰদিন৷ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে বহুলোক বৰদিনৰ আয়োজনৰ বাবে ব্যস্ত হৈ পৰিছে৷ ২৫ ডিচেম্বৰ খ্ৰীষ্টমাছ উপলক্ষে বৰদিনৰ গছজোপা আকৰ্ষণীয়ভৱে সজাই তোলা হয়। অৱশ্যে বৰদিনত বেছিভাগ ঠাইতে কৃত্ৰিম গছ ব্যৱহাৰ কৰা দেখা যায়। এই গছজোপাৰ নাম কি আৰু ক'ত পোৱা যায় জানে নে?

খ্ৰীষ্টান ধৰ্মীয় লোকসকলৰ বাবে বৰদিনৰ দিনটো এটা ডাঙৰ দিন। এই দিনটো যীচু খ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়। আৰু এই দিনটোত প্ৰাৰ্থনা কৰিবলৈ গীৰ্জাত গৈ বিশেষ প্ৰাৰ্থনা কৰা হয়। এই উৎসৱ খুৱ আড়ম্বৰপূৰ্ণ ভাৱে উদযাপন কৰে৷ বৰদিনৰ দিনটোত চান্টাক্লজ আৰু খ্ৰীষ্টমাছ গছক এই দিনটোৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। বৰদিনৰ দিনা শিশুক উপহাৰ প্ৰদান কৰাৰ লগতে বৰদিনৰ দিনা মানুহে একত্ৰিত হৈ উদযাপন কৰাৰ লগতে নিজৰ ঘৰখনো সুন্দৰভাৱে সজাই তোলে।

ঘৰটো সজাবলৈ মানুহে বৰদিনৰ গছ ৰোপণৰ পৰা আৰম্ভ কৰি উপহাৰ, বেল্ট, লাইট আৰু কপাহৰ বৰফ বনাই সজাই তোলে। এইবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল বৰদিনৰ গছজোপা। কাৰ্যালয়, বিদ্যালয় আৰু শ্বপিংম’ল বিলাকতো বৰদিনৰ গছ সজাই তোলা দেখা যায়।

অধিকাংশতে বৰদিনত কৃত্ৰিম গছ ৰোপন কৰা পৰিলক্ষিত হয়৷ বৰদিনৰ গছজোপা ‘ফাৰ’ প্ৰজাতিৰ৷ এই গছজোপা মূলতঃ ঠাণ্ডা আৰু নাতিশীতোষ্ণ অঞ্চলত গজে। সৰণতে এই গছজোপাক খ্ৰীষ্টমাছ গছ বুলিয়ে জনা যায়। এই গছজোপাৰ বিভিন্ন প্ৰজাতি দেখিবলৈ পোৱা যায়৷এই প্ৰজাতিসমূহ হৈছে ডগলাছ ফাৰ, ভাৰ্জিনিয়া পাইন, ফ্ৰেজাৰ ফাৰ, ব্লালছাম ফাৰ, হোৱাইট স্প্ৰুচ, ক’লৰাডো স্প্ৰুচ আৰু নৰৱে স্প্ৰুচ যথেষ্ট বিখ্যাত। কিন্তু বৰদিনৰ সজ্জাৰ বাবে ‘নৰ্ৱেজিয়ান ফাৰ’, ‘ব্লু স্প্ৰুচ’, আৰু ‘ব্ল’ছাম ফাৰ’ আটাইতকৈ বেছি ব্যৱহাৰ কৰা দেখা যায়।

বৰদিনত ব্যৱহিত এই গছবোৰ ঠাণ্ডা অঞ্চল- হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰত চিৰসেউজ গছ পোৱা যায়। ইয়াৰ উপৰিও শিমলা, ড’লহাউজি, ডেৰাডুনৰ চক্ৰতাত পোৱা যায় ইয়াৰ উপৰিও কানাডা আৰু আমেৰিকাৰ দৰে ঠাণ্ডা ঠাইত ব্ল’চাম ফাৰ আৰু অন্যান্য প্ৰকাৰৰ ফাৰ গছ পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ