--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মাটিৰ তলৰ পৰা দেৱ-দেৱীৰ প্ৰতিমূৰ্তি উদ্ধাৰ হোৱাটো সাধাৰণ কথা৷ এনেধৰণৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ কিন্তু এইবাৰ বেংকৰ লকাৰৰ পৰা উদ্ধাৰ হৈছে এটা প্ৰাচীন শিৱলিংগ ৷ পিছে শিৱলিংগটোৰ মূল্য শুনিলে আপোনাৰো চকু কপালত উঠিব৷ এই শিৱলিংগটোৰ মূল্য হৈছে ৫০০ কোটি টকা৷

তামিলনাডুৰ থাঞ্জাভুৰত এজন বৃদ্ধ ব্যৱসায়ী এন.এ. চামিয়াপ্পানৰ বেংক লকাৰত এটা প্ৰাচীন শিৱলিংগ পোৱা গৈছে। পান্না ৰত্নৰে নিৰ্মিত, ৫৩০ গ্ৰাম ওজনৰ শিৱলিংগৰ মূল্য ৫00 কোটি টকা। ৮ ছেঃমিঃ দীঘল শিৱলিংগটো ধৰ্মপুৰম অধৰামৰ দৰে পৃষ্ঠপোষকৰ সৈতে সম্পৰ্কিত বুলি নিশ্চিত কৰা হৈছে।

চিআইডিৰ আইড’ল শাখাৰ বিষয়াসকলে বৃহস্পতিবাৰে উদ্ধাৰ কৰে পান্না ৰত্নৰে নিৰ্মিত শিৱলিংগটো। থাঞ্জাভুৰৰ এটা ঘৰত প্ৰাচীন আৰু বিৰল মূৰ্তিবোৰ জমা কৰা হৈছিল বুলি এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।

অনুসন্ধানৰ সময়ত, এন.এ. চামিয়াপ্পানৰ পুত্ৰ এন.এছ. অৰুণে তদন্তকাৰী বিষয়াসকলক কৈছিল যে তেওঁৰ পিতৃয়ে এটা পান্নাৰ শিৱলিংগ বেংক লকাৰত ৰাখিছে। অৱশ্যে, তেওঁ তথ্যচিত্ৰৰ প্ৰমাণ সংগ্ৰহ কৰাত ব্যৰ্থ হৈছিল। শেহতীয়াকৈ আইড’ল উইং আৰক্ষীয়ে পান্নাৰ শিৱলিংগটো জব্দ কৰে আৰু এটা গোচৰ ৰুজু কৰে। চিআইডি আৰক্ষীৰ আইড’ল শাখাই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

সন্দেহ কৰা হৈছে যে, পান্নাৰ শিৱলিংগটো তিৰুক্কুৱালাইৰ শিৱ মন্দিৰৰ৷ জানিব পৰা মতে, এই শিৱলিংগটো ২০১৬ চনত মন্দিৰৰ পৰা নিৰুদ্দেশ হৈছিল৷ তদন্তকাৰী বিষয়াই এই শিৱলিংগটো ১০০০বছৰৰ পুৰণি বুলিও অভিহিত কৰে। অৱশ্যে, বৈজ্ঞানিক অনুসন্ধানৰ ভিত্তিতহে শিৱলিংগটোৰ বয়স জানিব পৰা হ’ব বুলি আৰক্ষীয়ে মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ