--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সেউজীয়া শাক-পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ঘৰৰ বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি শিক্ষক-চিকিৎসকলৈকে সকলোৱে সেউজীয়া শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়ে। এইটোও সঁচা যে পাতযুক্ত শাক-পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ যিবোৰ কীটনাশক ছটিয়াই দিয়া হয়, সেইবোৰে ইয়াক মাৰাত্মক কৰি তোলে। 

ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাতো তেনেধৰণৰ ঘটনা পোহৰলৈ আহিছে, য’ত বন্ধাকবি খাই ১৪ বছৰীয়া কিশোৰী এগৰাকীৰ মৃত্যু হয়। অষ্টম শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীয়ে ১৮ ডিচেম্বৰত নিজৰ ফাৰ্মৰ বন্ধাকবিৰ পাত কিছু ছিঙি খাইছিল। ঘৰলৈ অহাৰ পিছত তেওঁ অচেতন হৈ পৰে, তেওঁৰ অৱস্থা বেয়া হোৱা দেখি চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত ৭ দিন চিকিৎসাৰ অন্তত ছোৱালীজনীয়ে প্ৰাণ হেৰুৱাই পেলায়। সংবাদ মাধ্যম অনুসৰি কীটনাশকৰ বাবেই কিশোৰীগৰাকীৰ মৃত্যু হয়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে বন্ধাকবিৰ দৰে আন শাক-পাচলিও শীতকালত মাৰাত্মক হ’ব পাৰে নেকি? 

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে কীটনাশক ঔষধ ব্যৱহাৰ কৰি শাক-পাচলি আৰু অন্যান্য শস্যক সুৰক্ষা দিয়া হয়, ইয়াৰ আটাইতকৈ সাধাৰণ পাৰ্শ্বক্ৰিয়া হজম শক্তিৰ ওপৰত। ইয়াৰ বাবে বমি, পেটৰ বিষ আৰু ডায়েৰিয়া আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কীটনাশকত পোৱা সামগ্ৰীৰ সংস্পৰ্শলৈ আহিলে ছাল আৰু চকুৰ বিষ, এলাৰ্জী, ৰঙা ফোহা আৰু খজুৱতিও হ’ব পাৰে।

দীৰ্ঘদিন ধৰি কীটনাশকৰ সংস্পৰ্শলৈ আহিলে লিউকেমিয়া আৰু লিম্ফোমাকে ধৰি কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত পৰিৱেশ কৰ্মী গোটে (EWG) ডাৰ্টি ডজন তালিকা প্ৰকাশ কৰিছে। ইয়াত সেই ফলমূল আৰু শাক-পাচলিবোৰৰ কথা উল্লেখ কৰা হৈছে যিবোৰ কীটনাশকৰ সংস্পৰ্শলৈ আহিলে অধিক বিপদজনক হৈ উঠিব পাৰে।

কোনবোৰ শাক-পাচলিত কীটনাশক বেছি থাকে?

১) পালেং শাক

পালেং শাকৰ ওপৰত ব্যৱহাৰ কৰা কীটনাশকত অৰ্গেন’ফছফেট পোৱা যায়। কোৱা হয় যে কীটনাশকৰ অৱশিষ্ট থকা পালেং শাক খোৱাটো বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত স্নায়ুতন্ত্ৰৰ বাবে বহু বিপদৰ সৃষ্টি হ’ব পাৰে।

২)বিলাহী

সাধাৰণতে বিলাহীক কীট-পতংগ আৰু ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কীটনাশক ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত কীটনাশক শোষিত বিলাহী সেৱনে স্বাস্থ্যৰ প্ৰতি গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবেই কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

৩) লাই শাক

লাই শাকত যি কীটনাশক ব্যৱহাৰ কৰা হয়, পালেং শাকৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। আন পাতল শাক-পাচলিৰ দৰে লাই শাকো নিয়মিতভাৱে সেৱন কৰিলে কীটনাশকৰ অৱশিষ্টৰ বাবে বিপদৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান