--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বশিষ্ঠৰ টুইন টাৱাৰটো হ’বলৈ আৰু কিমান বাকী? ৰাজ্যত আকৌ টুইন টাৱাৰৰ প্ৰসংগ! য়েন উঠোতে বহোতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেৱল টুইন টাৱাৰটোকে দেখে৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সর্বাধিক চর্চিত হোৱা এই আইকনিক প্রকল্প আছিল টুইন টাৱাৰ৷ নেচনেল বিল্ডিং কনষ্ট্রাকশ্যন কোম্পানীৰ (এন বি চি চি) সৈতে টুইন টাৱাৰ নির্মাণৰ বাবে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চুক্তি সম্পাদন কৰিছিল৷

চুক্তি সম্পন্ন হোৱাৰ ৩ বছৰৰ পাছতো টুইন টাৱাৰৰ নামত ইটা এচপৰাও নপৰিল৷ মাত্ৰ ৬০ মাহৰ ভিতৰত এই প্রকল্প সম্পূর্ণ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বান্ধি হৈছিল যদিও আজিপর্যন্ত ইয়াৰ বাবে ওলাই নাহিল এজনো বিনিয়োগকাৰী৷ এই ব্যয়বহুল ২,০০০ কোটি টকীয়া প্রকল্পৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া বিনিয়োগৰ চর্তই হয়তো আকর্ষণ কৰিব নোৱাৰিলে বিনিয়োগকাৰীসকলক৷

যাৰ বাবে এই প্রকল্পৰ দায়িত্বৰ পৰা আঁতৰি গ’ল নিৰ্মাতা সংস্থা এন বি চি চিও৷ সময়ে সময়ে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কেৱল আশ্বাস দিয়া বাহিৰে সম্প্রতি টুইন টাৱাৰৰ নামত এটা ফাইলো আগনাবাঢ়িল দিছপুৰত৷ বৰ্তমান আকৌ সাৰ পালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷

টুইন টাৱাৰৰ বাবে এইবাৰ হেনো চৰকাৰে কোনো নিৰ্মাণকাৰীকে বিছাৰি পোৱা নাই বুলি সদৰী কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সোধা এক প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে কয় যে, ‘গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰা দুবাৰকৈ ছেলফ ফাইনেন্স মডেল ডেভেল’পাৰ বিচাৰি নিবিদা প্ৰকাশ কৰা হৈছিল, কিন্তু দুয়োবাৰে কিয় জানো বিনিয়োগকাৰীয়ে নাকচ কৰিলে৷

মন্ত্ৰীগৰকীয়ে লগতে কয় যে, টুইন টাৱাৰ কেতিয়া সম্পূৰ্ণ হ’ব সেই বিষয়ে এতিয়া কোৱাটো কঠিন, কিয়নো ইয়াৰ কাম প্ৰাৰম্ভিক পৰ্য়াযতে আছে৷ সময়তহে লক্ষ্যণীয় হ’ব ৬৫ মহলীয়া টুইন টাৱাৰ ট্রেড চেণ্টাৰটো সঁচাকৈয়ে অসমবাসীয়ে দেখা পাব নে?


FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ