--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বশিষ্ঠৰ টুইন টাৱাৰটো হ’বলৈ আৰু কিমান বাকী? ৰাজ্যত আকৌ টুইন টাৱাৰৰ প্ৰসংগ! য়েন উঠোতে বহোতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেৱল টুইন টাৱাৰটোকে দেখে৷ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সর্বাধিক চর্চিত হোৱা এই আইকনিক প্রকল্প আছিল টুইন টাৱাৰ৷ নেচনেল বিল্ডিং কনষ্ট্রাকশ্যন কোম্পানীৰ (এন বি চি চি) সৈতে টুইন টাৱাৰ নির্মাণৰ বাবে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চুক্তি সম্পাদন কৰিছিল৷

চুক্তি সম্পন্ন হোৱাৰ ৩ বছৰৰ পাছতো টুইন টাৱাৰৰ নামত ইটা এচপৰাও নপৰিল৷ মাত্ৰ ৬০ মাহৰ ভিতৰত এই প্রকল্প সম্পূর্ণ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে বান্ধি হৈছিল যদিও আজিপর্যন্ত ইয়াৰ বাবে ওলাই নাহিল এজনো বিনিয়োগকাৰী৷ এই ব্যয়বহুল ২,০০০ কোটি টকীয়া প্রকল্পৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া বিনিয়োগৰ চর্তই হয়তো আকর্ষণ কৰিব নোৱাৰিলে বিনিয়োগকাৰীসকলক৷

যাৰ বাবে এই প্রকল্পৰ দায়িত্বৰ পৰা আঁতৰি গ’ল নিৰ্মাতা সংস্থা এন বি চি চিও৷ সময়ে সময়ে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কেৱল আশ্বাস দিয়া বাহিৰে সম্প্রতি টুইন টাৱাৰৰ নামত এটা ফাইলো আগনাবাঢ়িল দিছপুৰত৷ বৰ্তমান আকৌ সাৰ পালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷

টুইন টাৱাৰৰ বাবে এইবাৰ হেনো চৰকাৰে কোনো নিৰ্মাণকাৰীকে বিছাৰি পোৱা নাই বুলি সদৰী কৰিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সোধা এক প্ৰশ্নৰ উত্তৰত পাটোৱাৰীয়ে কয় যে, ‘গুৱাহাটীত টুইন টাৱাৰ নিৰ্মাণৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰা দুবাৰকৈ ছেলফ ফাইনেন্স মডেল ডেভেল’পাৰ বিচাৰি নিবিদা প্ৰকাশ কৰা হৈছিল, কিন্তু দুয়োবাৰে কিয় জানো বিনিয়োগকাৰীয়ে নাকচ কৰিলে৷

মন্ত্ৰীগৰকীয়ে লগতে কয় যে, টুইন টাৱাৰ কেতিয়া সম্পূৰ্ণ হ’ব সেই বিষয়ে এতিয়া কোৱাটো কঠিন, কিয়নো ইয়াৰ কাম প্ৰাৰম্ভিক পৰ্য়াযতে আছে৷ সময়তহে লক্ষ্যণীয় হ’ব ৬৫ মহলীয়া টুইন টাৱাৰ ট্রেড চেণ্টাৰটো সঁচাকৈয়ে অসমবাসীয়ে দেখা পাব নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
NCERT-ৰ কিতাপত অপাৰেচন সিন্দুৰৰ বিশেষ পাঠ!
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল
পাকিস্তানে পুনৰ নিৰ্মাণ কৰিছে সন্ত্রাসবাদীৰ ঘাটি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন