--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰ্মস্পৃহা থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি স্বৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মৰিগাঁৱৰ এগৰাকী উদ্যমী মহিলাই। মৰিগাঁও জিলাৰ দন্দুৱা গাঁৱৰ উদ্যমী মহিলাগৰাকীৰ নাম জুনমা মালি ডেকা৷ কৰ্মসংস্থাপনহীন স্নাতক মহিলাগৰাকীৰ স্বামীৰ আছিল এখন কাঠৰ দোকান। কিন্তু উপযুক্ত অনুজ্ঞা-পত্ৰ নথকাৰ বাবে হঠাৎ বন্ধ হৈ গৈছিল জুনমা মালিৰ স্বামীৰ কাঠৰ দোকানখন। তাৰপাছতেই পৰিয়ালটোলৈ নামি আহিছিল অৰ্থনৈতিক অস্থিৰতা।

তথাপি যেন হাৰমনা নাছিল জুনমা মালি৷ হতাশ নহৈ জুনমাই স্বামীৰ কাষত নতুন উদ্যমেৰে থিয় হৈ দিলে সাহস। প্ৰথমে গাঁৱৰ পৰা এজনী গৰু পালনৰ বাবে আনিলে জুনমাই। পৰৱৰ্তী সময়ত গৰুজনীক বৰ্ণশংকৰ কৰাই আৰম্ভ কৰিলে গো-পালন। এজনী এজনী কৈ ৬-৭ জনী বৰ্ণশংকৰ গৰুৰ গৰাকী হ’ল জুনমা।

শেহতীয়াকৈ, ২০১৯ চনত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ঋজুস্মৃতা শৰ্মা ডেকাৰ সহায়ত এটি প্ৰশিক্ষণ লৈ UBIৰ পৰা লাভ কৰে ৭ লাখ টকাৰ ঋণ। বৰ্তমান জুনমাৰ গো-ফাৰ্মত চেউৰীসহ আছে ২৫জনী গাই। দৈনিক গাখীৰ বিক্ৰী কৰে ৬০-৭০ লিটাৰ। বৰ্তমান জুনমাৰ গো-ফাৰ্মৰ মাহেকীয়া আই ৩৫-৪০হাজাৰ টকা।

জুনমাই ইয়াৰ উপৰি আৰম্ভ কৰিছে এখন নাৰ্ছাৰী। গোৱৰ আৰু জাৱৰ-জোঁথৰৰ সৎ ব্যৱহাৰ কৰি উৎপাদন কৰিছে কেঁচুসাৰ। গাখীৰৰ দৰেই কেঁচুসাৰৰো বজাৰ লাভ কৰিছে জুনমাই। এই বৰ্ষত নতুনকৈ এটা টেংকিত জুনমাই আৰম্ভ কৰিছে আলংকাৰিক মাছ পুঁহিবলৈ। নাৰ্ছাৰীৰ লগতে সংলগ্ন কৰি পুহিছে মৌ। অকল ইমানেই নহয় ২০২০ বৰ্ষৰ পৰা স্থানীয় প্ৰজাতিৰ ৫০টা হাঁহেৰে আৰম্ভ কৰা হাঁহৰ ফাৰ্মখনো ঠন ধৰি উঠিছে। বৃহৎ আকাৰত এখন হাঁহৰ পুণাংগ ফাৰ্ম খোলাৰো পৰিকল্পনা আছে জোনমাৰ।

শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰা মালিৰ শিক্ষিত নিবনুৱা যুৱকলৈ আহ্বান - ‘চাকৰি নাই খেতি কৰক, ফাৰ্মিং কৰক। অসমত অসমীয়াক বজাৰ কোনেও হাতত নিদিয়ে। বজাৰ আমি নিজে ল’ব লাগিব।’ জুনমাই নিজৰ সফলতাৰ বাবে বহুকেইটা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা পাবলৈকো সক্ষম হৈছে। বৰ্তমান নিবনুৱা সমস্যাই কোঙা কৰা ৰাজ্যত জুনমা এক অনন্য আদৰ্শ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ