--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কৰ্মস্পৃহা থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। তাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি স্বৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে মৰিগাঁৱৰ এগৰাকী উদ্যমী মহিলাই। মৰিগাঁও জিলাৰ দন্দুৱা গাঁৱৰ উদ্যমী মহিলাগৰাকীৰ নাম জুনমা মালি ডেকা৷ কৰ্মসংস্থাপনহীন স্নাতক মহিলাগৰাকীৰ স্বামীৰ আছিল এখন কাঠৰ দোকান। কিন্তু উপযুক্ত অনুজ্ঞা-পত্ৰ নথকাৰ বাবে হঠাৎ বন্ধ হৈ গৈছিল জুনমা মালিৰ স্বামীৰ কাঠৰ দোকানখন। তাৰপাছতেই পৰিয়ালটোলৈ নামি আহিছিল অৰ্থনৈতিক অস্থিৰতা।

তথাপি যেন হাৰমনা নাছিল জুনমা মালি৷ হতাশ নহৈ জুনমাই স্বামীৰ কাষত নতুন উদ্যমেৰে থিয় হৈ দিলে সাহস। প্ৰথমে গাঁৱৰ পৰা এজনী গৰু পালনৰ বাবে আনিলে জুনমাই। পৰৱৰ্তী সময়ত গৰুজনীক বৰ্ণশংকৰ কৰাই আৰম্ভ কৰিলে গো-পালন। এজনী এজনী কৈ ৬-৭ জনী বৰ্ণশংকৰ গৰুৰ গৰাকী হ’ল জুনমা।

শেহতীয়াকৈ, ২০১৯ চনত মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ঋজুস্মৃতা শৰ্মা ডেকাৰ সহায়ত এটি প্ৰশিক্ষণ লৈ UBIৰ পৰা লাভ কৰে ৭ লাখ টকাৰ ঋণ। বৰ্তমান জুনমাৰ গো-ফাৰ্মত চেউৰীসহ আছে ২৫জনী গাই। দৈনিক গাখীৰ বিক্ৰী কৰে ৬০-৭০ লিটাৰ। বৰ্তমান জুনমাৰ গো-ফাৰ্মৰ মাহেকীয়া আই ৩৫-৪০হাজাৰ টকা।

জুনমাই ইয়াৰ উপৰি আৰম্ভ কৰিছে এখন নাৰ্ছাৰী। গোৱৰ আৰু জাৱৰ-জোঁথৰৰ সৎ ব্যৱহাৰ কৰি উৎপাদন কৰিছে কেঁচুসাৰ। গাখীৰৰ দৰেই কেঁচুসাৰৰো বজাৰ লাভ কৰিছে জুনমাই। এই বৰ্ষত নতুনকৈ এটা টেংকিত জুনমাই আৰম্ভ কৰিছে আলংকাৰিক মাছ পুঁহিবলৈ। নাৰ্ছাৰীৰ লগতে সংলগ্ন কৰি পুহিছে মৌ। অকল ইমানেই নহয় ২০২০ বৰ্ষৰ পৰা স্থানীয় প্ৰজাতিৰ ৫০টা হাঁহেৰে আৰম্ভ কৰা হাঁহৰ ফাৰ্মখনো ঠন ধৰি উঠিছে। বৃহৎ আকাৰত এখন হাঁহৰ পুণাংগ ফাৰ্ম খোলাৰো পৰিকল্পনা আছে জোনমাৰ।

শূন্যৰ পৰা যাত্ৰা আৰম্ভ কৰা মালিৰ শিক্ষিত নিবনুৱা যুৱকলৈ আহ্বান - ‘চাকৰি নাই খেতি কৰক, ফাৰ্মিং কৰক। অসমত অসমীয়াক বজাৰ কোনেও হাতত নিদিয়ে। বজাৰ আমি নিজে ল’ব লাগিব।’ জুনমাই নিজৰ সফলতাৰ বাবে বহুকেইটা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা পাবলৈকো সক্ষম হৈছে। বৰ্তমান নিবনুৱা সমস্যাই কোঙা কৰা ৰাজ্যত জুনমা এক অনন্য আদৰ্শ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
সীমান্তস্তম্ভ ধ্বংসৰে ভূমি দখলৰ অপচেষ্টা খাছি দুর্বৃত্তৰ
ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ দখল দিব্যা দেশমুখৰ
নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিলৰ দাবী গ্ৰেণ্ড মুফতি কাৰ্যালয়ৰ
অপাৰেচন মহাদেৱৰ সাফল্য ; ভাৰতীয় সেনাৰ আক্ৰমণত নিহত পেহেলগাম কাণ্ডত জড়িত ৩ সন্ত্রাসবাদী
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত সংকটত চাকৰি; জটিল সমাজ ব্যৱস্থাত নতুন চিন্তা
ৰে’লৰ পৰা কম্বল, আঠুৱা, টাৱেল চুৰি কৰিলে ৫ বছৰ পৰ্যন্ত জে'ল! নিয়ম জানি লওক
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে