--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়সৰ লগে লগে বহুতৰে ছালত বয়সৰ ছাপ পৰে। ছালত বয়সৰ ছাপ পৰা ৰোধ কৰিব পাৰিলে মানুহ বহ দিনলৈ ধুনীয়া আৰু ডেকা হৈ থাকে। কেতবোৰ সাধাৰণ খাদ্য নিয়মীয়াকৈ প্ৰচুৰ পৰিমাণে খালে ছালত বয়সৰ ছাপ পৰা ভালেখিনি ৰোধ কৰিব পাৰি। 

ছালত বয়সৰ ছাপ পৰাৰ বাবেই বহুতৰে হেৰাই যায় ছালৰ কমনীয়তা।  দৰাচলতে ছাল খনতেই প্ৰথমে পৰে বয়সৰ ছাপ। সেই ছাপ লুকুৱাই ৰাখিবলৈ বহু পুৰুষে নানান উপায়েৰে চেষ্টা কৰে। কিন্তু চেষ্টাৰ ফল সাময়িকহে। পুৰুষসকলে তেওঁলোকৰ মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ নপৰিবলৈ সাধাৰণ কেইটামান কাম কৰিলেই নিঃসন্দেহে সুফল পাব। বিশেষকৈ ছালক সতেজ কৰি ৰখাত সহায় কৰা খাদ্য গ্ৰহণ কৰিলে  ছালো উজ্বল তথা সতেজ হৈ থাকিব। খাদ্যৰ জৰিয়তেই  দেহত বয়সৰ ছাপ পৰাটো দীৰ্ঘকালৰ বাবে ৰোধ কৰিব পাৰে। ইয়াৰ বাবে আহাৰত কেইটামান গুৰুত্বপূৰ্ণ খাদ্য ৰাখিব লাগিব। চাওঁ আহক, কি খাদ্য নিয়মীয়াকৈ খাই থাকিলে  দেহত  বয়সৰ ছাপ পৰা হ্ৰাস পাব বা ৰোধ হ'ব পাৰে।

বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।
 প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে  জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।


প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও  মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে।নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায়  একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব।  চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব পাৰে । বিলাহীত থকা কেইবাটাও উপাদানে ছালত বয়সৰ ছাপ পৰা প্ৰতিহত কৰে।
তৰমুজেও বয়সৰ ছাপ পৰাত বাধা দিয়ে। বতৰৰ ফল বিধ সেয়ে খোৱাত হেলা নকৰিব।
 তৰমুজ পুৱা খালী পেটত খালেও কোনো অপকাৰ হোৱাৰ ভয় নাথাকে। সৰ্বশেষত দিনটোত যিমান পাৰে সিমান বেছিকৈ পানী খাব। পানীয়ে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰাৰ লগতে ছালৰ উজ্বলতাও বৃদ্ধি কৰে। প্ৰচুৰ চিভিটামিনযুক্ত খাদ্য যেনে নেমুটেঙা খালেও ছাল খন সতেজ হৈ থাকিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ