--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শৰীৰৰ সকলো অংগৰ সৌন্দৰ্য্যৰ যত্ন লওঁ, কিন্তু সাধাৰণতে দাঁতৰ হালধীয়া হোৱাটো আওকাণ কৰোঁ। যদি দাঁতত বগা ৰং নাথাকে তেন্তে বহু সময়ত লাজৰ সন্মুখীন হ’বলগীয়া হয়। ব্ৰাছেৰে দৈনিক পৰিষ্কাৰ কৰিলেও আমি আকাংক্ষিত ফলাফল নাপাওঁ। আহকচোন সেই ৫টা ঘৰুৱা উপায় গ্ৰহণ কৰো যাৰ সহায়ত আপোনাৰ দাঁতবোৰ সহজে চিকচিকিয়া হোৱাই নহয়, দন্ত চিকিৎসালয়ৰ খৰচো ৰাহি হ’ব।

দাঁত হালধীয়া হোৱা দূৰ কৰাৰ ৫টা ঘৰুৱা উপায়

১) আদাঃ মিক্সাৰ গ্ৰাইণ্ডাৰত আদা সৰু টুকুৰা এটা পিহি তাৰ পিছত চতুৰ্থাংশ চামুচ নিমখৰ লগত মিহলাই লওক। তাত নেমুৰ ৰসো মিহলাই লওক। টুথব্ৰাছৰ সহায়ত তিনিওটা বস্তুৰ মিশ্ৰণ দাঁতত ঘঁহি দিব।

২) নিমৰ পাতঃ নিমৰ ঔষধি গুণৰ বিষয়ে আমি সকলোৱে সচেতন। গৰম পানীৰ পাত্ৰ এটাত নিমপাত উতলাই লওক, তাৰ পিছত পানীখিনি ফিল্টাৰ কৰি ঠাণ্ডা হোৱালৈ অপেক্ষা কৰক। এতিয়া এই পানীৰে গাৰ্গল কৰক। নিমৰ তিতাই মুখ আৰু দাঁতত থকা বীজাণুবোৰক নিধন কৰে।

৩) এপচম নিমখঃ এপচম লৱণক(Epsom Salt) মেগনেছিয়াম ছালফেট বুলিও কোৱা হয়। এই নিমখ আৰু পানী সমান পৰিমাণে মিহলাই লওক। এই মিশ্ৰণটো টুথব্ৰাছৰ জৰিয়তে দাঁতত ঘঁহি তাৰ পিছত মুখ ধুব।

৪) ক’ক’ পাউদাৰঃ ক’ক’ পাউদাৰ পানী বা নাৰিকল তেলৰ লগত মিহলাই পেষ্ট প্ৰস্তুত কৰক। তাৰ পিছত ব্ৰাছত লগাই দাঁত পৰিষ্কাৰ কৰক। এই মিশ্ৰণ ব্যৱহাৰ কৰিলে দাঁতৰ জিলিকনি পুনৰ ঘূৰি আহিব।

৫) পদিনা পাতঃ পদিনাক অতি উপকাৰী বুলি গণ্য কৰা হয়। ৩ বা ৪ টা পাত পিহি নাৰিকল তেলত মিহলাই লওক। মিশ্ৰণটো টুথব্ৰাছত লগাই দাঁতত ঘঁহি লওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ