--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ বন বিভাগে আহ্বান জনালে কাজিৰঙাৰ ব্ৰেণ্ড এম্বেছেডৰ হ'বলৈ আগ্রহী বক্সাৰ লাভলীনা বৰগোহাঁই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি এই মন্তব্য বক্সাৰগৰাকীৰ। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে পৰিয়ালৰ সৈতে কালি কঁহৰাত উপস্থিত হৈছিল অলিম্পিয়ান লাভলীনা বৰগোহাঁই। পৰিয়ালৰ সদস্যৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত জীপ ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্যত আপ্লুত হয় লাভলীনা বৰগোহাঁই। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্রাকৃতিক দৃশ্যৰ লগতে গঁড়, হাতী, হৰিণা, ম'হ, বিভিন্ন প্ৰজাতিৰ পক্ষী আদি দেখা পাই মতব্যক্ত কৰি কয়- কাজিৰঙাৰ এশিঙীয়া গঁড় সম্পর্কে বিদেশতো তেওঁৰ পৰা বহুতে জানিবলৈ বিচাৰে। বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান তথা বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সকলোৰে বাবে গৌৰৱ বুলি মন্তব্য কৰে লাভলীনাই। মাতৃ, পিতৃ আৰু জ্যেষ্ঠ ভগ্নীৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি লাভলীনা বৰগোহাঁয়ে আৰু জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে নিজে গৌৰৱ অনুভৱ কৰোঁ। আমাৰ ৰাজ্যত এনেকুৱা এখন বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান আছে য'ত ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্রান্ত তথা বিদেশৰ পৰ্যটকে আহি বন্যপ্রাণী দৰ্শন কৰিব পাৰে। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেডৰ হ'বলৈ পালে নিজকে সৌভাগ্যৱান বুলি ভাবিব বুলি মত প্রকাশ কৰে বক্সাৰ লাভলীনা বৰগোহাঁয়ে। আনহাতে, আগন্তুক দুটাকৈ ৱৰ্ল্ড কাপ, ৱর্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান চেম্পিয়নশ্বিপৰ বাবে প্রস্তুতি চলাই থকা বুলি সাংবাদিকৰ আগত সদৰী কৰে অলিম্পিয়ানগৰাকীয়ে। ইফালে যদিহে লাভলীনা বৰগোহাঁই সঁচাকৈয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেডৰ হ'বলৈ আগ্রহী, তেন্তে ই সংৰক্ষণৰ প্রচেষ্টা, বন্যপ্রাণী সুৰক্ষা আৰু উদ্যানখনৰ সৌন্দৰ্যক বহল দৰ্শকৰ আগত প্ৰচাৰ কৰাৰ এক সুন্দৰ সুযোগ হ'ব পাৰে বুলি কাজিৰঙা টুৰিজিম ডেভেলপমেন্ট ছ'চাইটিৰ সভাপতি তৰুণ গগৈয়ে মত প্রকাশ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এক খর্গযুক্ত গঁড়, হাতী, ঢেঁকীয়াপতীয়া বাঘ, দুষ্প্রাপ্য দল হৰিণা, ম'হ, বিভিন্ন প্ৰজাতিৰ পক্ষী তথা বৈচিত্র্যময় বন্যপ্রাণী আৰু জৈৱ-বৈচিত্র্যৰ বাবে বিখ্যাত। ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সবল উপস্থিতি থকা লাভলীনা বৰগোহাঁইৰ দৰে ব্যক্তি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰেণ্ড এম্বেছেডৰ হৈ থাকিলে উদ্যানখনৰ প্ৰতি আৰু ইয়াৰ গুৰুত্বৰ প্রতি অধিক দৃষ্টি আকর্ষণ বৃদ্ধি পাব বুলিও সচেতন মহলে মত ব্যক্ত কৰে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি