--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দৈনিন্দন ৰুটিনখন অলপ হেৰ-পেৰ হ’লেই আমাৰ শৰীৰত নানান সমস্যাই দেখা দিয়ে। সুস্থ-সবল শৰীৰেহে মন প্ৰফুল্লিত কৰি ৰাখে।তাৰ বাবে শৰীৰৰ পৰিচৰ্যা কৰাতো অতিকৈ দৰকাৰ। সঠিক পুষ্টিকৰ খাদ্য, বিশ্ৰাম আৰু অনিয়মীয়া টোপনিয়ে শৰীৰত নেতিবাচক প্ৰভাৱ পেলায়। প্ৰচণ্ড গৰমৰ মাজতে চকুৰ তলৰ কলা দাগ এতিয়া এক গুৰুতৰ সমস্যা হিচাপে দেখা দিয়া পৰিলক্ষিত হৈছে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। পলকতে নোহোৱা হ'ব চকুৰ তলৰ কলা দাগ। ইয়াৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব ? কেনেধৰণৰ ব্যৱস্থাই আপোনাক দিব পাৰে সুফল ? ইয়াৰ ঘৰুৱা বিধান কি ? আছে বিবিধ উপায়। কিন্তু এই জটিল সমস্যাৰ পৰা আপুনি অতি সোনকালে পৰিত্ৰাণ পাব বিচাৰে নেকি? তেনেহলে ঘৰতে বহি পাব পাৰে ইয়াৰ সহজ সমাধান। তাৰ বাবে অনুসৰণ কৰিব লাগিব কেইটামান নিয়ম-
চকুৰ তলত কলা দাগ নোহোৱা কৰিবলৈ হ’লে তলত দিয়া ঘৰুৱা বিধান কেইটাৰ পৰা পাব পাৰে সুফল-

১) আপুনি চাহ খাই ভাল পায় নেকি? যদি পায় ভাল কথা। যদি বেয়া পায় তেতিয়া হ’লে চাহ খোৱা অভ্যাস কৰক। চাহে চকুৰ তলৰ কলা দাগ নোহোৱা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু ৰঙা চাহ বা থকথকীয়া গাখীৰ চাহ নাখাব। ঘৰত আদা-তুলসী দি চাহ বনাওক। আদ-তুলসীৰ সৈতে কেশৰ আৰু অলপ মৌ মিহলি কৰক। ভেষজ এই চাহ দিনত কমেও এবাৰ খাব পাৰিলে নিমিষতে আঁতৰ হ’ব চকুৰ তলৰ কলা দাগ।

২)আবেলিৰ জলপান খোৱাৰ পাছত চকুৰ তলৰ দাগ নোহোৱা হয়। আচৰিত হৈছে নেকি? একেবাৰে সহজ উপায়। এটা বাতিত নাৰিকল, বাদাম আৰু অলপ গুৰ অৰ্থাৎ মিঠৈ মিহলি কৰক। তাৰ পাছত ইয়াক আবেলিৰ জলপান হিচাপে খাওক।

৩) ঘৰত বনোৱা ক্লিনজাৰেৰে মুখখন পৰিষ্কাৰ কৰিলে চকুৰ পাৰিৰ কলা দাগ আঁতৰ হ'ব। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব বেচন আৰু গাখীৰৰ। বেচনখিনি এটা বাতিত মিহলি কৰক আৰু মিশ্ৰণটো সম্পূৰ্ণ কৰিবলৈ গাখীৰৰ সৈতে বেচনখিনি মিহলি কৰক। শৰীৰৰ ছাল পৰিষ্কাৰ কৰিবলৈ এইটো টিপছ ব্যৱহাৰ কৰি চাব পাৰে। এনে কৰিলে শৰীৰৰ ছালো বগা হয়।

৪) দৈনিন্দন ৰুটিন মানি চলক। প্ৰতি নিশা ১১ বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰক। আবেলি কমেও ৩০ মিনিট শুব পাৰিলে ভাল। শৰীৰৰ ভাগৰ হ্ৰাস কৰাত ই সহায়ক হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ