--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দৈনিন্দন ৰুটিনখন অলপ হেৰ-পেৰ হ’লেই আমাৰ শৰীৰত নানান সমস্যাই দেখা দিয়ে। সুস্থ-সবল শৰীৰেহে মন প্ৰফুল্লিত কৰি ৰাখে।তাৰ বাবে শৰীৰৰ পৰিচৰ্যা কৰাতো অতিকৈ দৰকাৰ। সঠিক পুষ্টিকৰ খাদ্য, বিশ্ৰাম আৰু অনিয়মীয়া টোপনিয়ে শৰীৰত নেতিবাচক প্ৰভাৱ পেলায়। প্ৰচণ্ড গৰমৰ মাজতে চকুৰ তলৰ কলা দাগ এতিয়া এক গুৰুতৰ সমস্যা হিচাপে দেখা দিয়া পৰিলক্ষিত হৈছে। কিন্তু চিন্তাৰ কোনো কাৰণ নাই। পলকতে নোহোৱা হ'ব চকুৰ তলৰ কলা দাগ। ইয়াৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব ? কেনেধৰণৰ ব্যৱস্থাই আপোনাক দিব পাৰে সুফল ? ইয়াৰ ঘৰুৱা বিধান কি ? আছে বিবিধ উপায়। কিন্তু এই জটিল সমস্যাৰ পৰা আপুনি অতি সোনকালে পৰিত্ৰাণ পাব বিচাৰে নেকি? তেনেহলে ঘৰতে বহি পাব পাৰে ইয়াৰ সহজ সমাধান। তাৰ বাবে অনুসৰণ কৰিব লাগিব কেইটামান নিয়ম-
চকুৰ তলত কলা দাগ নোহোৱা কৰিবলৈ হ’লে তলত দিয়া ঘৰুৱা বিধান কেইটাৰ পৰা পাব পাৰে সুফল-

১) আপুনি চাহ খাই ভাল পায় নেকি? যদি পায় ভাল কথা। যদি বেয়া পায় তেতিয়া হ’লে চাহ খোৱা অভ্যাস কৰক। চাহে চকুৰ তলৰ কলা দাগ নোহোৱা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কিন্তু ৰঙা চাহ বা থকথকীয়া গাখীৰ চাহ নাখাব। ঘৰত আদা-তুলসী দি চাহ বনাওক। আদ-তুলসীৰ সৈতে কেশৰ আৰু অলপ মৌ মিহলি কৰক। ভেষজ এই চাহ দিনত কমেও এবাৰ খাব পাৰিলে নিমিষতে আঁতৰ হ’ব চকুৰ তলৰ কলা দাগ।

২)আবেলিৰ জলপান খোৱাৰ পাছত চকুৰ তলৰ দাগ নোহোৱা হয়। আচৰিত হৈছে নেকি? একেবাৰে সহজ উপায়। এটা বাতিত নাৰিকল, বাদাম আৰু অলপ গুৰ অৰ্থাৎ মিঠৈ মিহলি কৰক। তাৰ পাছত ইয়াক আবেলিৰ জলপান হিচাপে খাওক।

৩) ঘৰত বনোৱা ক্লিনজাৰেৰে মুখখন পৰিষ্কাৰ কৰিলে চকুৰ পাৰিৰ কলা দাগ আঁতৰ হ'ব। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব বেচন আৰু গাখীৰৰ। বেচনখিনি এটা বাতিত মিহলি কৰক আৰু মিশ্ৰণটো সম্পূৰ্ণ কৰিবলৈ গাখীৰৰ সৈতে বেচনখিনি মিহলি কৰক। শৰীৰৰ ছাল পৰিষ্কাৰ কৰিবলৈ এইটো টিপছ ব্যৱহাৰ কৰি চাব পাৰে। এনে কৰিলে শৰীৰৰ ছালো বগা হয়।

৪) দৈনিন্দন ৰুটিন মানি চলক। প্ৰতি নিশা ১১ বজাৰ ভিতৰত শুবলৈ চেষ্টা কৰক। আবেলি কমেও ৩০ মিনিট শুব পাৰিলে ভাল। শৰীৰৰ ভাগৰ হ্ৰাস কৰাত ই সহায়ক হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ