--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। প্ৰতি বছৰে বিশ্বৰ কোটি কোটি লোকৰ জীৱনলৈ বিপদ নমাই অনা চিগাৰেটে কৰি অহা প্ৰত্যক্ষ তথা পৰোক্ষ ক্ষতিৰ বিষয়ে আমি প্ৰায় সকলোৱে জানো যদিও  বহুতে চিগাৰেট সেৱনৰ বদ অভ্যাস সহজে ত্যাগ কৰিব নোৱাৰে। চিগাৰেট সেৱনৰ ফলত হাওঁফাওঁৰ কেন্সাৰ, হৃদৰোগ, ষ্ট্ৰ’ক, এজমাকে ধৰি বিভিন্ন ৰোগ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাতৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যু মুখত পৰে।ধূমপান ত্যাগ কৰাটো যিমান কঠিন বুলি ভবা হয়, সিমান সহজো। এই  সাধাৰণ কথাবোৰ মানি চলিব পাৰিলেই যিকোনো লোকে সহজে ধূমপান ত্যাগ কৰিব পাৰিব—

মনতে ভাবি লওঁক— মই আৰু ধূমপান নকৰো বুলি

ধূমপানে আপোনাৰ আৰু আপোনাৰ কাষত থকা জনৰ কেনে ক্ষতি কৰিব পাৰে সেই কথা চিন্তা কৰক, ধূমপানৰ পৰিণতি কেনে হ'ব পাৰে তাৰ ছবি খন কল্পনা কৰক আৰু মনতে সংকল্প লওঁক— মই আৰু ধূমপান নকৰো বুলি।  ধূমপান কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়, কিন্তু তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক। দৃঢ় সংকল্প ল'ব পাৰিলে ধূমপান এৰিব পাৰিবই।

নিকোটিনৰ বিকল্প বিচাৰি উলিয়াওক

চিগাৰেটত নিকোটিন থাকে।  নিকোটিন হঠাতে বাদ দিলে মুৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত সহায় কৰিব পাৰে। আজিকালি বজাৰত এনে ৱিকোটিন গাম কিনিবলৈ পোৱা যায়।

নিঃসংগ নহ'ব, মানুহৰ লগত থাকক

 নিঃসংগ পৰিবেশত ধূমপানৰ ইচ্ছা বৃদ্ধি হয়। সেয়ে পৰাপক্ষত মানুহৰ মাজত থাকক। পৰিবেশে আপোনাক ধূমপান নকৰিবলৈ বাধ্য কৰিব। 

চেনিবিহীন গাম খাব পাৰে

যদি আপুনি মুখত কিবা এটা দিয়াৰ পিছতে আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেতিয়া চুইংগামৰ ওপৰত নিৰ্ভৰ কৰিলে সহায় হ’ব কিয়নো ই আপোনাক ধঁপাতৰ আকাংক্ষা প্ৰতিৰোধ কৰাত সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ আগ্ৰহ নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।

ধ্যান-প্ৰাণায়াম আদি কৰক

 ধ্যান-প্ৰাণায়াম আদিয়ে মনৰ লগতে দেহৰ শক্তিও বঢ়ায়। ধূমপান ত্যাগ কৰাত ধ্যান-প্ৰাণায়ামে সহায় কৰিব পাৰে।ব্যায়াম কৰাটো ধঁপাতৰ নিচাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ভাল উপায় হ’ব পাৰে কিয়নো ই সেইবোৰক আঁতৰাই ৰাখিব। আপুনি খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভ কৰিব পাৰে?

চিগাৰেট এৰাৰ ঘৰুৱা উপায়

চিগাৰেট সেৱনৰ  বদ অভ্যাস এৰাৰ কেইটামান ঘৰুৱা উপায় আপোনালোকলৈ আগবঢ়োৱা হৈছে।

ওটছ

ওটছে ধূমপানৰ ইচ্ছা কম কৰে। খাবৰ বাবে দুকাপ পানীত এচামুচ ঔটছ ৰাতিটো তিয়াই ৰাখিব। পুৱা গৰম কৰি খাব।

পানী

ধঁপাতৰ নিক’টিন নিচা সৃষ্টিকাৰী হোৱা বাবে ইয়াক এৰা টান। পানীয়ে এই অভ্যাস আঁতৰ কৰাত সহায় কৰিব পাৰে। 

আদা
চিগাৰেট সেৱনৰ প্ৰৱণতা জাগিলে আপুনি আদা খাব পাৰে। আদাই পেটৰ সমস্যাও দূৰ কৰে আৰু ইয়াক চাহৰ লগতো খাব পাৰি।

আঙুৰৰ ৰস

আঙুৰৰ ৰসে নিক’টিনৰ নিচা আঁতৰ কৰাত সহায় কৰে।সেয়ে আঙুৰৰ ৰসো খাব পাৰে।

মৌ

মৌৱেও আপোনাক ধূমপান এৰাত সহায় কৰিব পাৰে। ধূমপানৰ ইচ্ছা জাগ্ৰত হ'লে মৌ খাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ