--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত পিয়াহ দূৰ কৰিবলৈ বহুতেই নাৰিকলৰ পানী পান কৰে। নাৰিকলৰ পানীৰ নানান উপকাৰিতা আছে যদিও আমাৰ যকৃতক সুস্থ কৰি ৰখাত নাৰিকলৰ পানীয়ে বহু পৰিমাণে সহায় কৰে। যকৃতত যেতিয়া  চৰ্বি জমা হয় তেতিয়া নানান সমস্যাই দেখা দিবলৈ ধৰে।   চিকিৎসকৰ মতে  যকৃতই সাধাৰণতে ৫ ৰ পৰা ৬ শতাংশ চৰ্বি শোষণ কৰিব পাৰে। ইয়াতকৈ অধিক চৰ্বি জমা হোৱাটো বিপজ্জনক হ’ব পাৰে। 

 চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন।বহু  চিকিৎসকে  কৈ আহিছে যে  নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে  অন্যতম ঔষধ সদৃশ  হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকল পানী কিয় উপকাৰী?

১) চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকল পানীয়ে সেই অভাৱ পূৰণ কৰে। যকৃতক  স্বাস্থ্যৱান কৰি  ৰখাৰ বাবে ডাব নাৰিকলৰ পানী  বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটাছিয়ামৰ এক ভাল  উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়। 

২) নাৰিকল পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহুউপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত  এণ্টি-অক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতক নানান  সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়ে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

৩) যকৃত স্বাস্থ্যৱান ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন । এনেবোৰ উপাদানে  যকৃতক সুৰক্ষিত কৰি ৰাখে, যকৃতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নাৰিকল পানীত এই বোৰ  উপাদান থাকে।

৪) শৰ্কৰাই যকৃতৰ ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা  ফলৰ ৰস আৰু  পানীয়ত  বেছি পৰিমাণত চেনী থাকে। ফলস্বৰূপে, সেইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হয়। কিন্তু নাৰিকল পানীত চেনীৰ পৰিমাণ অতি কম। গতিকে  চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকল পানী খালে সুফল পাব পাৰে। অৱশ্যে উচ্চ ৰক্তচাপ থকা লোকসকলে নাৰিকলৰ পানী কমকৈ খাব লাগে। কাৰণ নাৰিকলৰ পানীত প্ৰচুৰ ছডিয়াম আদি থাকে। যিয়ে ৰক্তচাপ অধিক বৃদ্ধি কৰিব পাৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা