--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত পিয়াহ দূৰ কৰিবলৈ বহুতেই নাৰিকলৰ পানী পান কৰে। নাৰিকলৰ পানীৰ নানান উপকাৰিতা আছে যদিও আমাৰ যকৃতক সুস্থ কৰি ৰখাত নাৰিকলৰ পানীয়ে বহু পৰিমাণে সহায় কৰে। যকৃতত যেতিয়া  চৰ্বি জমা হয় তেতিয়া নানান সমস্যাই দেখা দিবলৈ ধৰে।   চিকিৎসকৰ মতে  যকৃতই সাধাৰণতে ৫ ৰ পৰা ৬ শতাংশ চৰ্বি শোষণ কৰিব পাৰে। ইয়াতকৈ অধিক চৰ্বি জমা হোৱাটো বিপজ্জনক হ’ব পাৰে। 

 চৰ্বিযুক্ত যকৃতৰ সমস্যা দূৰ কৰিবলৈ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া প্ৰয়োজন।বহু  চিকিৎসকে  কৈ আহিছে যে  নাৰিকলৰ পানী চৰ্বিযুক্ত যকৃতৰ বাবে  অন্যতম ঔষধ সদৃশ  হ'ব পাৰে। চৰ্বিযুক্ত যকৃতৰ সমস্যাৰ বাবে নাৰিকল পানী কিয় উপকাৰী?

১) চৰ্বিযুক্ত যকৃতৰ এটা কাৰণ হ'ব পাৰে শৰীৰত পানীৰ অভাৱ। নাৰিকল পানীয়ে সেই অভাৱ পূৰণ কৰে। যকৃতক  স্বাস্থ্যৱান কৰি  ৰখাৰ বাবে ডাব নাৰিকলৰ পানী  বিকল্প হ'ব পাৰে। নাৰিকলৰ পানী হৈছে ইলেক্ট্ৰলাইট আৰু পটাছিয়ামৰ এক ভাল  উৎস। এই উপাদানবোৰক যকৃতৰ বাবে ভাল বুলি কোৱা হয়। 

২) নাৰিকল পানীত ভিটামিন চি, পলিফেনলৰ দৰে বহুউপকাৰী উপাদান থাকে। ইয়াৰ বাহিৰেও ইয়াত  এণ্টি-অক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্টৰ পৰিমাণো কম নহয়। এই উপাদানবোৰে যকৃতক নানান  সংক্ৰমণৰ পৰা ৰক্ষা কৰে। চৰ্বিযুক্ত যকৃতৰ আশংকা সেয়ে নাৰিকলৰ পানীয়ে হ্ৰাস কৰিব পাৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। 

৩) যকৃত স্বাস্থ্যৱান ৰাখিবলৈ শৰীৰত পৰ্যাপ্ত পটাছিয়াম আৰু মেগনেছিয়ামৰ প্ৰয়োজন । এনেবোৰ উপাদানে  যকৃতক সুৰক্ষিত কৰি ৰাখে, যকৃতৰ ৰোগৰ আশংকা হ্ৰাস কৰে। নাৰিকল পানীত এই বোৰ  উপাদান থাকে।

৪) শৰ্কৰাই যকৃতৰ ক্ষতি কৰে। বজাৰত কিনিবলৈ পোৱা  ফলৰ ৰস আৰু  পানীয়ত  বেছি পৰিমাণত চেনী থাকে। ফলস্বৰূপে, সেইবোৰ খোৱাৰ ফলত যকৃতৰ ক্ষতি হয়। কিন্তু নাৰিকল পানীত চেনীৰ পৰিমাণ অতি কম। গতিকে  চৰ্বিযুক্ত যকৃতৰ লোকসকলে নাৰিকল পানী খালে সুফল পাব পাৰে। অৱশ্যে উচ্চ ৰক্তচাপ থকা লোকসকলে নাৰিকলৰ পানী কমকৈ খাব লাগে। কাৰণ নাৰিকলৰ পানীত প্ৰচুৰ ছডিয়াম আদি থাকে। যিয়ে ৰক্তচাপ অধিক বৃদ্ধি কৰিব পাৰে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ