--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ঘৰ সুন্দৰভাৱে চলিবলৈ হ’লে বাস্তুশাস্ত্ৰৰ গুৰুত্ব অপৰিসীম। ঘৰখনৰ আৰ্থিক উন্নতি, ৰোগ-ব্যাধি দূৰ কৰাৰ বাবে, শান্তি বৰ্তাই ৰাখিবলৈ বাস্তুশাস্ত্ৰই বহু প্ৰভাৱ পেলায় বুলি বিশ্বাস আছে। কিন্তু বাস্তুশাস্ত্ৰৰ যিখিনি বিষয়বস্তু সেইখিনি বহুতে বিশ্বাস কৰে আৰু বহুতে বিশ্বাস নকৰে। আপুনি যদি বাস্তুশাস্ত্ৰক বিশ্বাস কৰে তেন্তে আপুনি পঢ়িব পাৰে এই প্ৰতিবেদন।

বাস্তুশাস্ত্ৰ অনুযায়ী মানুহে কোন দিশত টকা ৰখা উচিত আৰু কোন দিশত অনুচিত জানো আহক

কোন দিশত টকা ৰাখিলে বৃদ্ধি হয় সেই কথা জনা উচিত। বাস্তুশাস্ত্ৰবিদৰ মতে মানুহে ধন ৰখাৰ বাবে উত্তৰ দিশটো বাছি ল’ব লাগে। উত্তৰ দিশটো ধন ৰখাৰ বাবে অতি উত্তম। এই ঠাইত টকা ৰাখিলে ব্যক্তিৰ আৰ্থিক অৱস্থা উন্নত হয়। আপুনি আপোনাৰ ঘৰৰ যিকোনো কোঠাৰ উত্তৰ দিশত টকা থোৱাৰ বাবে ঠাই বনাব পাৰে, কিন্তু মনত ৰাখিব যে আপুনি টকা ৰখা কোঠাটো সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা নিৰাপদ হ’ব লাগিব।

বহু সময়ত এনেকুৱা হয় যে আপুনি যিমানেই টকা উপাৰ্জন নকৰক কিয় আপোনাৰ কেতিয়াও কোনো সমৃদ্ধি নাথাকে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ টকাৰ থোৱাৰ দিশত চকু ৰখাটো অতি প্ৰয়োজনীয়। ধন থোৱা পেৰা দক্ষিণ দিশত এনেকৈ ৰাখক যাতে ইয়াৰ মুখখন উত্তৰ দিশত খোল খায় নতুবা পশ্চিম দিশত ৰাখক যাতে দুৱাৰ পূব দিশত খোল খায়।

বাস্তু শাস্ত্ৰৰ মতে উত্তৰ দিশত ভগৱান কুবেৰৰ আধিপত্য আৰু পূব দিশত ইন্দ্ৰ দেৱৰ আধিপত্য বিবেচিত হৈছে। এই দুয়োফালে ধন থোৱা পেৰাৰ মুখখন খুলিলে টকা বাঢ়িব আৰু পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। কিন্তু মনত ৰাখিব যে পেৰা কেতিয়াও দক্ষিণমুখী হ’ব নালাগে। কাৰণ এই দিশটো যমৰ দিশ আৰু এই দিশত মুখখন খুলি দিয়াৰ অৰ্থ হ’ল বিপদৰ আমন্ত্ৰণ কৰা।

দক্ষিণ-পূৱ দিশত টকা থোৱা উচিত নহয়। এই দিশটো টকা থোৱাৰ বাবে অশুভ। ধাৰ বাঢ়ে আৰু কেতিয়াও জীৱনৰ সমৃদ্ধি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ