--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যদি আপুনি অনলাইন বজাৰ কৰে তেন্তে বছৰৰ আটাইতকৈ ডাঙৰ বিক্ৰী ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্ট আৰু আমাজনত আৰম্ভ হ’বলৈ ওলাইছে। এই বিক্ৰীত আপুনি স্মাৰ্টফোন, স্মাৰ্ট টিভি, লেপটপ আৰু বহুতো সামগ্ৰীত বহু পৰিমানৰ ৰেহাই লাভ কৰিব। ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেই আৰু এমাজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল, এই দুটা বিক্ৰীৰ বাবে সমগ্ৰ ভাৰতে বছৰ জুৰি অপেক্ষা কৰি থাকে ৷

অতি সোনকালে ভাৰতৰ দুটা বৃহৎ ই-কমাৰ্চ ৱেবছাইটত অনলাইন বিক্ৰী আৰম্ভ হ’ব। ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টৰ বিক্ৰী ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব। আজি অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা আৰম্ভ হ’ব আমাজনৰ ৱেবছাইটত গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল। এই দুয়োটা বিক্ৰীতে বহু সামগ্ৰীৰ বিপুল ৰেহাই পাব। এই দুয়োটা বিক্ৰীতে স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি স্মাৰ্ট টিভিলৈকে বহুতো ভাল অফাৰ উপলব্ধ হ’ব। ইয়াৰ লগতে গ্ৰাহকে ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পৃথক ৰেহাইও লাভ কৰিব।


Flipkart Big Billion Days 2023: sale dates, offers on mobile, earphone,  electronics, bank discount, and more | 91mobiles.com
২৭ ছেপ্টেম্বৰৰ পৰা সকলো ব্যৱহাৰকাৰীৰ বাবে আৰম্ভ হ’ব ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজ বিক্ৰী। একে সময়তে যদি আপোনাৰ Flipkart Plus সদস্যপদ আছে তেন্তে আপুনি কিছু সময়ৰ পিছত বিক্ৰীৰ সুবিধা ল’ব পাৰে। ই-কমাৰ্চৰ তথ্য অনুসৰি এইচডিএফচি বেংকৰ ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তেও গ্ৰাহকে ১০ শতাংশ পৰ্যন্ত ৰেহাই আৰু ইএমআইৰ সুবিধা লাভ কৰিব।
একে সময়তে প্ৰাইম সদস্যসকলৰ বাবে ২৬ ছেপ্টেম্বৰৰ পৰাই আৰম্ভ হৈছে আমাজনৰ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল ২০২৪। যদি আপোনাৰ প্ৰাইমৰ সদস্যপদ নাই তেন্তে ২৮ ছেপ্টেম্বৰৰ পৰা বিক্ৰীৰ সুবিধা ল’ব পাৰিব। কোম্পানীটোৰ মতে, বিক্ৰীৰ সময়ত এছ বি আই কাৰ্ডধাৰীয়ে ১০ শতাংশ তৎক্ষণাত ৰেহাই লাভ কৰিব।


Great Indian Festival 2021: Inside Amazon's Month-Long Sale Event | Gadgets  360

এই সামগ্ৰীবোৰত লাভ কৰিব ৰেহাই -

১)ই-কমাৰ্চ চাইটৰ এই বিক্ৰীত কোৱা হৈছে যে স্মাৰ্টফোনত ভাল ৰেহাই পোৱা যাব। ইয়াত ফোনত ৩০ৰ পৰা ৩৫ হাজাৰ টকা পৰ্যন্ত ৰেহাই পাব। কেৱল এয়াই নহয়, বিক্ৰীত বহু প্ৰিমিয়াম স্মাৰ্টফোনতো ৩০ হাজাৰ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব।

২) ইয়াৰ লগতে যদি আপুনি গেমিং লেপটপ ক্ৰয় কৰাৰ কথা ভাবিছে, তেন্তে বিক্ৰীত ভাল সুবিধা লাভ কৰিব পাৰিব। ৩০ হাজাৰ টকা পৰ্যন্ত এই ৰেহাইত এটা ভাল গেমিং লেপটপ ক্ৰয় কৰিব পাৰিব।

৩) একে সময়তে যদি আপুনি নতুন স্মাৰ্ট টিভি কিনাৰ প্ৰস্তুতি চলাইছে, তেন্তে ভাল কোম্পানীৰ ৪৩ ইঞ্চি স্মাৰ্ট টিভিত ২০ হাজাৰ টকা পৰ্যন্ত ৰেহাই লাভ কৰিব পাৰিব। 

৪) যদি আপুনি আগতে এটা ভাল টেবলেট কিনাৰ কথা ভাবিছিল, তেন্তে এই বিক্ৰীত আপুনি ভাল অফাৰ পাব । যদি আপুনি সুলভ মূল্যত টেবলেট বিচাৰিছে, তেন্তে এই বিক্ৰীত ৫০০০ টকা পৰ্যন্ত সুবিধা লাভ কৰিব পাৰিব।

৫)একে সময়তে যদি আপুনি উন্নত মানৰ লেপটপ কিনাৰ কথা ভাবিছে তেন্তে এই বিক্ৰীৰ দ্বাৰা আপুনিও লাভৱান হ’ব পাৰে। দুয়োটা বিক্ৰীতে প্ৰিমিয়াম লেপটপত প্ৰায় ৩৫ৰ পৰা ৪০ হাজাৰ টকাৰ ৰেহাই লাভ কৰিব পাৰিব। 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস