--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উচ্চ ৰক্তচাপ এক জটিল সমস্যা। সেয়েহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ আমি দৈনিক ঔষধ ব্যৱহাৰ কৰো। কিন্তু কেৱল ঔষধ খালে নহয়, ইয়াৰ উপৰি খাদ্যৰ প্ৰতিও আমি সমানেই মনোযোগ দিব লাগিব। তেতিয়াহে সুস্থ হৈ থকাটো সম্ভৱ হৈ উঠে।

 ভাৰতবৰ্ষত প্ৰতি বছৰে অগণন লোক এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হয়। ব্লাডপ্ৰেছাৰ ১৪০/৮০ৰ ওপৰত পোৱাৰ লগে লগে বুজা যায় যে ব্লাডপ্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰিছে। ব্লাডপ্ৰেছাৰ ১৮০/৯০ৰ ওপৰলৈ গ’লে সমস্যাটো বহুত বৃদ্ধি পাই বুলি কোৱা হয়। সাধাৰণতে উচ্চ ৰক্তচাপৰ কোনো লক্ষণ দেখা নাযায়। কিন্তু এইক্ষেত্ৰত ষ্ট্ৰোক, হাৰ্টএটেকৰ দৰে ৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। এইক্ষেত্ৰত ৰক্তবাহী নলীৰ আভ্যন্তৰীণ কোষত অত্যধিক চাপ বৃদ্ধি পায়। যাৰ ফলত উচ্চ ৰক্তচাপ সমস্যাটোৰ সৃষ্টি হয়।
 উল্লেখ্য যে, দৈনিক এই সমস্যাই জটিলৰ পৰা জটিলতৰ ৰূপ ধাৰণ কৰি আহিছে। এনে পৰিস্থিতিত প্ৰতিজন লোকে সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰে। এইক্ষেত্ৰত বিভিন্ন পুষ্টি বিশেষজ্ঞই কৈছে যে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে খাদ্যাভ্যাস আৰু জীৱনশৈলীত কিছু পৰিৱৰ্তন কৰিব লাগিব।
 বিশ্বত ‘উচ্চ ৰক্তচাপ দিৱস’ উপলক্ষে পি এছ আৰ আই মাল্টি স্পেচিয়েলিটী হাস্পতালৰ পুষ্টিবিদ দেৱানী বন্দ্যোপাধ্যায়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ১০টা খাদ্যভ্যাসৰ বিষয়ে পৰামৰ্শ আগবঢ়া।
 জানো আহক কি কি-

১. যদি আপোনাৰ উচ্চ ৰক্তচাপ বেছি হয়, তেন্তে টেঙা ফল খাব পাৰে। সহজে যিকোনো ধৰণৰ নেমু, মৌচুম্বী আদি টেঙাজাতীয় ফলে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ আৰু খনিজ পদাৰ্থ থাকে। আপুনি যিকোনো পদ্ধতিৰে এই ফলবোৰ খাব পাৰে। চালাড হিচাপেও বা জুছ হিচাপেও খাব পাৰে। ই আপোনাক সুস্থ হৈ থকাত সহায় কৰে।

 ২. পুষ্টিবিদ বেনাৰ্জীৰ মতে ধনীয়া পাত সকলোৰে অতি জনপ্ৰিয়। আনকি এই খাদ্যবোৰেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। গতিকে আপুনি ইচ্ছা কৰিলে এই খাদ্য অনায়াসে খাব পাৰে।

 ৩. তিচি গুটিবোৰ অতি সৰু। কিন্তু ইয়াৰ খাদ্যৰ পুষ্টিগুণ কম নহয়। ইয়াৰ ভিতৰত আছে পটাছিয়াম, মেগনেছিয়াম আৰু আঁহ। এই সকলোবোৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে অতি উত্তম। ইয়াৰ উপৰি শাৰীৰিক ব্যায়াম কৰিলেও এই সমস্যা হ্ৰাস পায়।

 ৪. ব্ৰকলিত বহু পৰিমাণে ফ্লেভনয়ড আৰু এন্টিঅক্সিডেন্ট থাকে। এই সকলোবোৰ উপাদানে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। এনেক্ষেত্ৰত ৰক্তবাহী নলী আৰু নাইট্ৰিক অক্সাইডৰ ফলপ্ৰসূতা বৃদ্ধি কৰে।

 ৫. গাজৰত ক্ল’ৰ’জেনিক, পি-কুমেৰিক আৰু কেফেইক এচিডৰ দৰে ফেনলিক যৌগ অধিক পৰিমাণে থাকে। এই যৌগটোৱে ৰক্তবাহী নলীবোৰ শিথিল কৰাত সহায় কৰে ফলত উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

 ৬. পিষ্টা বাদাম হৈছে এবিধ ড্ৰাইফুট। এই বাদামবোৰে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াত বহুতো উপাদান পোৱা যায়। এনেক্ষেত্ৰত ব্লাডপ্ৰেছাৰত ভুগি থকা লোকসকলে সামৰ্থ্য অনুযায়ী পিষ্টা বাদাম খাব পাৰে।

 ৭. ৰঙলাও সকলোৰে ঘৰত ৰন্ধা হয়। আচলতে ইয়াৰ বীজবোৰত যথেষ্ট পৰিমাণে পুষ্টিকৰ উপাদান থাকে। এনেক্ষেত্ৰত উচ্চ ৰক্তচাপত ভোগা লোকসকলে ৰঙলাও বীজ খাব পাৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ হ্ৰাস কৰে।

 ৮. মাহজাতীয় দাইল প্ৰটিন আৰু আঁহৰ অন্যতম উৎস। ইয়াৰ অন্যান্য পুষ্টিকৰ মূল্যও আছে। সেয়েহে বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাৰ থকা লোকসকলে মাহজাতীয় শস্য খাব পাৰে। এইক্ষেত্ৰত অতি কম সময়ৰ ভিতৰতে উচ্চ ৰক্তচাপ হ্ৰাস পায়।

 ৯. বিলাহীত যথেষ্ট পৰিমাণে পটাছিয়াম আৰু কেৰটিনয়ড পিগমেণ্ট লাইকোপিন থাকে। যি হৃদযন্ত্ৰৰ বাবে লাইকোপেন অতি উপকাৰী। এনেক্ষেত্ৰত উচ্চ ৰক্তচাপো হ্ৰাস কৰে।

 ১০. বিশেষজ্ঞসকলে কয় যে উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ ছালমন আৰু চৰ্বিযুক্ত মাছ খাব লাগে। এনেক্ষেত্ৰত এই মাছত ওমেগা-৩, ফেটি এচিড (Omega 3 Fatty Acid) থাকে। হৃদৰোগৰ বাবেও ই অত্যন্ত উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ