--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ' ঘৰচিৰিকা, অ' ঘৰচিৰিকা/মুখত দুডাল দুবৰিবন/ দুডাল খৰিকা/ মোৰ চোতালত ওমলহি / অ' ঘৰচিৰিকা/ 

ঘৰচিৰিকা বা ঘনচিৰিকা বৰ মৰমলগা এবিধ চৰাই। এই কণমানি চৰাইবিধে যেতিয়াই চোতালত দেও দি দেও দি জপিয়াই থাকে চাই বৰ ভাল লাগে। ঘৰচিৰিকা সকলোৰে চিনাকি এবিধ চৰাই। 

আজি বিশ্ব ঘৰচিৰিকা দিৱস। বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে পালন কৰা হয়। ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস। 

পোনপ্ৰথমবাৰৰ বাবে এই দিৱস উদযাপিত হৈছিল ২০১০ চনত। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে দিৱসটি পালন কৰা হৈছিল। এই সংস্থা ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে প্ৰতিষ্ঠা কৰিছিল। ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত টাইম আলোচনীয়ে তেওঁক ‘প্ৰকৃতিৰ বীৰ’ (Heroes of the Environment) তালিকাত স্থান দিছিল।

আকাৰত সৰু চৰাই ঘৰচিৰিকা। নৰা-খেৰৰ গৃহত বসতি কৰি ভালপোৱা এইবিধ চৰাই অতি মৰমলগা। মানুহৰ কাষে কাষে ওমলি জামলি জপিয়াই ফুৰে ঘৰচিৰিকাই। ঘৰচিৰিকাই জাক পাতি থাকি ভাল পায়। ইহঁতে পানী বা ধূলিত জাক পাতি গা ধোৱে আৰু সমজুৱাকৈ কিচিৰ-মিচিৰকৈ মাতে। 

প্ৰকৃতিৰ বুকুত ওমলি জামলি, জপিয়াই, মানুহৰ সংগে সংগে, অলপ দূৰে দূৰে বিচৰণ কৰি ঘুৰা সৰু এটি চৰাই ঘৰচিৰিকা।  এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত।  ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। গ্ৰামাঞ্চলৰ খেৰৰ ঘৰত সততে বাহ সাজি আশ্ৰয় লৈ থকা এই সৰু চৰাই ঘৰচিৰিকা সময়ৰ চাকনৈয়াত সংখ্যাত কমি আহিবলৈ ধৰিছে।

খেৰী ঘৰ ভাঙি পকীঘৰ হোৱাত ঘৰচিৰিকাৰ আৱাসস্থল কমি আহিছে। চিৰিক চিৰিক কৈ মাতি থকা ঘৰচিৰিকা ঘৰৰ সন্মুখত পৰি, উৰি ফুৰি মানুহৰ কাষে কাষে বিচৰণ কৰে। খেৰীঘৰ বিশেষকৈ নৰা-টকৌ পাতেৰে চোৱা ঘৰ চৰাইবিধৰ বসতিৰ কাৰণে উপযোগী যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এনে ঘৰ নোহোৱা হোৱাত চৰাইবিধেও বসতিস্থল সলনি কৰিবলগীয়া হৈছে। 

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে। ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল, মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ। তেনেদৰে নগৰীকৰণ, খেতি-পথাৰত কীটনাশক আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে।

প্ৰকৃতিৰ সৈতে একাত্ম হৈ সৰু চৰাইবিধ সংখ্যাত কমি যোৱাত প্ৰকৃতিপ্ৰেমীসকলো চিন্তিত হৈ উঠিছে। 

আজি বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনটোতে এই চৰাইবিধৰ সংৰক্ষণৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব। সময় থাকোতেই যদিহে আমি ঘৰচিৰিকা চৰাইবিধ সংৰক্ষণ নকৰো তেনেহ'লে এদিন সংখ্যাত কমি গৈ লুপ্তপ্ৰায় হৈ উঠিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ