--°C
Loading...
Listen to Article
2 min read
80%
হোমেন বৰগোহাঞি

জীৱনটো কেনেকৈ যাপন কৰিব লাগে, সেই কথা শিকি থকাৰ লগতে কেনেকৈ মৰিব লাগে, সেই কথাও মানুহে শিকি থাকিব লাগেঃ লি’নার্ডো দ্য ভিঞ্চি

এদিন এজন বন্ধুৱে কথা প্রসংগত মোক সুধিলে– “এতিয়া আপুনি কি কামত আটাইতকৈ বেছি ব্যস্ত হৈ আছে ?’’

চিন্তা কৰিবলৈ এক মুহূর্তও সময় নলৈ মই ক’লোঁ– “মৃত্যুৰ কাৰণে নিজকে প্রস্তুত কৰাৰ কামত ।’’

বন্ধুজনে ঈষৎ বিদ্রূপৰ সুৰত ক’লে– “আপুনি নিজেই দেখোন এসময়ত খুব বাহাদুৰি কৰি লিখিছিল যে নমৰালৈকে আপুনি পৰিপূর্ণভাৱে জীয়াই থাকিব ৷ সেইজন মানুহ এতিয়া মৃত্যুৰ কাৰণে নিজকে প্রস্তুত কৰাৰ কামতহে বেছিকৈ ব্যস্ত হৈ পৰিছে’’ ।

মই তেওঁৰ বিদ্রূপটো আওকাণ কৰি ক’লোঁ– “হয়, আপুনি ঠিকেই কৈছে মই কথাটো ব্যাখ্যা কৰি বুজাই নিদিলে আপুনি তেনেকৈ ভবাটোৱেই অতি স্বাভাৱিক। আপুনি ভাবিব যে বার্ধক্য আৰু মৃত্যুৰ কথা চিন্তা কৰি মোৰ মনলৈ বৈৰাগ্যৰ ভাব আহিছে, আৰু সেই কাৰণে মই জীৱনৰ ফালে ক্রমে ক্রমে পিঠি দিবলৈ আৰম্ভ কৰি নিজৰ মনটোক মৃত্যুৰ কাৰণে প্রস্তুত কৰিছোঁ৷ কিন্তু মই ক’ব খোজা কথাটো আচলতে তাৰ সম্পূর্ণ বিপৰীত৷ মৃত্যুৰ প্রস্তুতি মোৰ কাৰণে আচলতে জীৱনৰ প্রস্তুতি৷ 

সত্তৰ বছৰত ভৰি দিয়েই মই আৱিষ্কাৰ কৰিছিলোঁ যে মোৰ ভাগত পৰা আয়ুসখিনিৰ বেছিভাগ মই ইতিমধ্যেই খৰচ কৰি শেষ কৰিলোঁ । এতিয়া মোৰ জীৱনৰ মাত্র কেইবছৰমানহে– দহ, পোন্ধৰ বা বিশ বছৰ– বাকী আছে৷ সেই কথা মনত পৰাৰ লগে লগে মই অনুভৱ কৰিলোঁ যে এতিয়াৰ পৰা মাত্র এটা মুহূর্তও অপচয় কৰিবলৈ মোৰ অধিকাৰ নাই৷ বা উপায়ো নাই‌৷ আপোনাৰ হাতত যেতিয়া ধন–সোণ উভৈনদী হৈ থাকে, তেতিয়া আপুনি মুঠিয়ে মুঠিয়ে ধন খৰচ কৰিব পাৰে৷ ধনৰ অপচয় হ’লেও আপোনাৰ গাত নালাগে৷ কিন্তু এদিন যেতিয়া আপুনি আৱিষ্কাৰ কৰে যে ধনৰ টোপোলা প্রায় উদং হৈ আহিছে, এতিয়াৰ পৰা প্রতিটো পইচা হিচাপ কৰি হাত ধৰি নচলিলে আপোনাৰ সন্মুখত সমূহ বিপদ, তেতিয়া আপুনি কৃপণৰ দৰে প্রতিটো পইচা হিচাপ কৰি খৰচ কৰিবলৈ আৰম্ভ কৰে৷ 

আপুনি অবাবতে এটা পইচাও খৰচ নকৰে। অর্থাৎ তলি উদং হোৱাৰ পিছতহে আপুনি ধনৰ মূল্য বুজিবলৈ আৰম্ভ কৰে৷ এতিয়া মোৰো ঠিক তেনে অৱস্থা হৈছে‌। জীৱনটো প্রায় শেষ হোৱাৰ পিছতহে মই জীৱনৰ প্রকৃত মূল্য বুজিবলৈ আৰম্ভ কৰিছোঁ৷ সেই কাৰণে মই মৃত্যুৰ প্রস্তুতি আৰম্ভ কৰিছোঁ জীৱনৰ বাকী থকা বছৰকেইটাৰ প্রতিটো দিন প্রতিটো ঘণ্টা পৰিপূর্ণভাৱে জীয়াই থকাৰ সংকল্প লৈ। প্রতিটো দিন প্রতিটো ঘণ্টা পৰিপূর্ণভাৱে জীয়াই থাকিবলৈ মই কি কৰিব লাগিব? 

সর্বপ্রথমে মই স্বাস্থ্যৰ যত্ন ল’ব লাগিব৷ ৰুগীয়া আৰু নিশকতীয়া হৈ শুই–বহি থাকিবলৈ বাধ্য হ’লে মই পৰিপূর্ণভাৱে জীয়াই থাকিম কেনেকৈ? শৰীৰ আৰু মন সবল কৰি ৰাখি মই মোৰ কামৰ আঁচনিবোৰ সম্পূর্ণভাৱে কার্যকৰী কৰিবলৈ কঠোৰ পৰিশ্রম কৰিব লাগিব । সমস্ত জীৱনৰ অভিজ্ঞতাৰ পৰা মই এই কথা শিকিছোঁ যে কাম নকৰাকৈ শুই–বহি থাকি কোনেও জীয়াই থকাৰ প্রকৃত আনন্দ আৰু মাদকতা অনুভৱ কৰিব নোৱাৰে। পৰিপূর্ণভাৱে জীয়াই থকাৰ এটা প্রধান উপায় হ’ল সকলো সময়তে কিবা নহয় কিবা এটা উদ্দেশ্যধর্মী কামত ব্যস্ত হৈ থকা৷ ডেকা বয়সত মই যিমান জিৰণি লৈছিলোঁ বা লঘু আমোদ–প্রমোদত যিমান সময় খৰচ কৰিছিলোঁ, এতিয়াৰ পৰা জিৰণি আৰু বিনোদনৰ কাৰণে তাতকৈ কম সময় খৰচ কৰিম। মই শৰীৰ নামৰ যন্ত্রটোৰ সম্পূর্ণ সদ্ব্যৱহাৰ কৰিম৷ পৃথিৱীৰ পৰা চিৰ–বিদায় লোৱাৰ আগতে মই চিৰ–শত্রু মৃত্যুৰ হাতত এনে এটা শৰীৰ উপহাৰ দি যাব নোখোজোঁ– যিটো শৰীৰ ব্যৱহাৰৰ অভাৱত অক্ষত আৰু সুন্দৰ হৈ থাকিব৷’’

এতিয়া আপুনিয়েই কওকচোন, মৃত্যুৰ কাৰণে মোৰ এইবোৰ মানসিক প্রস্তুতি আচলতে জীৱনৰ বাকী থকা বছৰকেইটাত পৰিপূর্ণভাৱে জীয়াই থকাৰেই প্রস্তুতি নহয়নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ