--°C
Loading...
Listen to Article
2 min read
80%
হোমেন বৰগোহাঞি

জীৱনটো কেনেকৈ যাপন কৰিব লাগে, সেই কথা শিকি থকাৰ লগতে কেনেকৈ মৰিব লাগে, সেই কথাও মানুহে শিকি থাকিব লাগেঃ লি’নার্ডো দ্য ভিঞ্চি

এদিন এজন বন্ধুৱে কথা প্রসংগত মোক সুধিলে– “এতিয়া আপুনি কি কামত আটাইতকৈ বেছি ব্যস্ত হৈ আছে ?’’

চিন্তা কৰিবলৈ এক মুহূর্তও সময় নলৈ মই ক’লোঁ– “মৃত্যুৰ কাৰণে নিজকে প্রস্তুত কৰাৰ কামত ।’’

বন্ধুজনে ঈষৎ বিদ্রূপৰ সুৰত ক’লে– “আপুনি নিজেই দেখোন এসময়ত খুব বাহাদুৰি কৰি লিখিছিল যে নমৰালৈকে আপুনি পৰিপূর্ণভাৱে জীয়াই থাকিব ৷ সেইজন মানুহ এতিয়া মৃত্যুৰ কাৰণে নিজকে প্রস্তুত কৰাৰ কামতহে বেছিকৈ ব্যস্ত হৈ পৰিছে’’ ।

মই তেওঁৰ বিদ্রূপটো আওকাণ কৰি ক’লোঁ– “হয়, আপুনি ঠিকেই কৈছে মই কথাটো ব্যাখ্যা কৰি বুজাই নিদিলে আপুনি তেনেকৈ ভবাটোৱেই অতি স্বাভাৱিক। আপুনি ভাবিব যে বার্ধক্য আৰু মৃত্যুৰ কথা চিন্তা কৰি মোৰ মনলৈ বৈৰাগ্যৰ ভাব আহিছে, আৰু সেই কাৰণে মই জীৱনৰ ফালে ক্রমে ক্রমে পিঠি দিবলৈ আৰম্ভ কৰি নিজৰ মনটোক মৃত্যুৰ কাৰণে প্রস্তুত কৰিছোঁ৷ কিন্তু মই ক’ব খোজা কথাটো আচলতে তাৰ সম্পূর্ণ বিপৰীত৷ মৃত্যুৰ প্রস্তুতি মোৰ কাৰণে আচলতে জীৱনৰ প্রস্তুতি৷ 

সত্তৰ বছৰত ভৰি দিয়েই মই আৱিষ্কাৰ কৰিছিলোঁ যে মোৰ ভাগত পৰা আয়ুসখিনিৰ বেছিভাগ মই ইতিমধ্যেই খৰচ কৰি শেষ কৰিলোঁ । এতিয়া মোৰ জীৱনৰ মাত্র কেইবছৰমানহে– দহ, পোন্ধৰ বা বিশ বছৰ– বাকী আছে৷ সেই কথা মনত পৰাৰ লগে লগে মই অনুভৱ কৰিলোঁ যে এতিয়াৰ পৰা মাত্র এটা মুহূর্তও অপচয় কৰিবলৈ মোৰ অধিকাৰ নাই৷ বা উপায়ো নাই‌৷ আপোনাৰ হাতত যেতিয়া ধন–সোণ উভৈনদী হৈ থাকে, তেতিয়া আপুনি মুঠিয়ে মুঠিয়ে ধন খৰচ কৰিব পাৰে৷ ধনৰ অপচয় হ’লেও আপোনাৰ গাত নালাগে৷ কিন্তু এদিন যেতিয়া আপুনি আৱিষ্কাৰ কৰে যে ধনৰ টোপোলা প্রায় উদং হৈ আহিছে, এতিয়াৰ পৰা প্রতিটো পইচা হিচাপ কৰি হাত ধৰি নচলিলে আপোনাৰ সন্মুখত সমূহ বিপদ, তেতিয়া আপুনি কৃপণৰ দৰে প্রতিটো পইচা হিচাপ কৰি খৰচ কৰিবলৈ আৰম্ভ কৰে৷ 

আপুনি অবাবতে এটা পইচাও খৰচ নকৰে। অর্থাৎ তলি উদং হোৱাৰ পিছতহে আপুনি ধনৰ মূল্য বুজিবলৈ আৰম্ভ কৰে৷ এতিয়া মোৰো ঠিক তেনে অৱস্থা হৈছে‌। জীৱনটো প্রায় শেষ হোৱাৰ পিছতহে মই জীৱনৰ প্রকৃত মূল্য বুজিবলৈ আৰম্ভ কৰিছোঁ৷ সেই কাৰণে মই মৃত্যুৰ প্রস্তুতি আৰম্ভ কৰিছোঁ জীৱনৰ বাকী থকা বছৰকেইটাৰ প্রতিটো দিন প্রতিটো ঘণ্টা পৰিপূর্ণভাৱে জীয়াই থকাৰ সংকল্প লৈ। প্রতিটো দিন প্রতিটো ঘণ্টা পৰিপূর্ণভাৱে জীয়াই থাকিবলৈ মই কি কৰিব লাগিব? 

সর্বপ্রথমে মই স্বাস্থ্যৰ যত্ন ল’ব লাগিব৷ ৰুগীয়া আৰু নিশকতীয়া হৈ শুই–বহি থাকিবলৈ বাধ্য হ’লে মই পৰিপূর্ণভাৱে জীয়াই থাকিম কেনেকৈ? শৰীৰ আৰু মন সবল কৰি ৰাখি মই মোৰ কামৰ আঁচনিবোৰ সম্পূর্ণভাৱে কার্যকৰী কৰিবলৈ কঠোৰ পৰিশ্রম কৰিব লাগিব । সমস্ত জীৱনৰ অভিজ্ঞতাৰ পৰা মই এই কথা শিকিছোঁ যে কাম নকৰাকৈ শুই–বহি থাকি কোনেও জীয়াই থকাৰ প্রকৃত আনন্দ আৰু মাদকতা অনুভৱ কৰিব নোৱাৰে। পৰিপূর্ণভাৱে জীয়াই থকাৰ এটা প্রধান উপায় হ’ল সকলো সময়তে কিবা নহয় কিবা এটা উদ্দেশ্যধর্মী কামত ব্যস্ত হৈ থকা৷ ডেকা বয়সত মই যিমান জিৰণি লৈছিলোঁ বা লঘু আমোদ–প্রমোদত যিমান সময় খৰচ কৰিছিলোঁ, এতিয়াৰ পৰা জিৰণি আৰু বিনোদনৰ কাৰণে তাতকৈ কম সময় খৰচ কৰিম। মই শৰীৰ নামৰ যন্ত্রটোৰ সম্পূর্ণ সদ্ব্যৱহাৰ কৰিম৷ পৃথিৱীৰ পৰা চিৰ–বিদায় লোৱাৰ আগতে মই চিৰ–শত্রু মৃত্যুৰ হাতত এনে এটা শৰীৰ উপহাৰ দি যাব নোখোজোঁ– যিটো শৰীৰ ব্যৱহাৰৰ অভাৱত অক্ষত আৰু সুন্দৰ হৈ থাকিব৷’’

এতিয়া আপুনিয়েই কওকচোন, মৃত্যুৰ কাৰণে মোৰ এইবোৰ মানসিক প্রস্তুতি আচলতে জীৱনৰ বাকী থকা বছৰকেইটাত পৰিপূর্ণভাৱে জীয়াই থকাৰেই প্রস্তুতি নহয়নে?
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'