--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন সজাই-পৰাই তোলাৰ ক্ষেত্ৰত বাস্তুশাস্তৰই নানান বিধান দিছে। ঘৰত কমেও তিনিটা কোঠা থকাটো ভাল ঘৰত থকা কোঠাৰ সংখ্যা সদায় অযুগ্ম হ'ব লাগে। ঘৰ নিৰ্মাণৰ পূৰ্বে ভূমি পূজনৰ পিছত নিৰ্মাণৰ কামত হাত দিব লাগে। এই ক্ষেত্ৰত ভূমি খননৰ কেতবোৰ নিয়ম বাস্তুশাস্ত্রই বান্ধি দিছে। বাস্তুশাস্ত্র অনুসৰি ঘৰ নিৰ্মাণৰ বাবে প্ৰথমে ভূমিৰ উত্তৰ পূব অংশত খনন কৰিব লাগে। তাৰ পিছত উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু শেষত দক্ষিণ-পশ্চিম অংশ খনন কৰিব লাগে। 

ঘৰ এটা নিৰ্মাণ কৰা সময়ত সদায় দক্ষিণ-পূব অংশৰ পৰা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিলে ভাল। ঘৰৰ পূব আৰু উত্তৰ দিশে যাতে কিছু খোলা ঠাই থাকে, সেই কথাৰ প্ৰতি মন দিব লাগে। ভূমিক আৱৰি ৰাখিবলৈ চাৰিওদিশে দেৱাল দিব লাগে। সেই দেৱালৰ উচ্চতা ঘৰৰ উচ্চতাৰ সৈতে সামঞ্জস্য ৰাখি কৰিব লাগে। ঘৰৰ দেৱাল দিয়াৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিয়ম মানি চলিব লাগে। বিশেষকৈ পশ্চিম দিশৰ দেৱাল পূব দিশৰ দেৱালতকৈ ওখ হ'ব লাগে। দেৱালত থকা প্ৰৱেশ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰই কেতবোৰ নিয়ম বান্ধি দিছে। মাটি যদি পূবমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। 

মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ  পশ্চিম পিনে সাজিব লাগে। মাটি ত যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ পিনে সাজিব লাগে। কেতিয়াও সীমাৰ দেৱাল দক্ষিণ-পূবৰ পূব দিশ, দক্ষিণ পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্রৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে। এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব। মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয়। এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে। ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বন্ধ ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে। ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ