--°C
Loading...
Listen to Article
2 min read
80%

হাজোঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্যই হাজোত পুনৰ টিকট লাভৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসী কৰি তুলিছে বিধায়িকা সুমন হৰিপ্ৰিয়াক। ৰঞ্জিত দাসৰ মতে ৰাজ্যৰ সকলো বিজেপি বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভাল। সেয়েহে সুমনে এইবাৰ টিকট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিব বুলি আত্মবিশ্বাসী তেওঁ।

আৰু পঢ়িব পাৰিব : ইতিহাস সৃষ্টি কৰিলে এয়াৰ ইণ্ডিয়াৰ মহিলা বৈমানিকে

ইপিনে ২০২১ত নিৰ্বাচন খেলিব বুলিয়ে প্ৰথমৰপৰাই হাজো সমষ্টিত কাম কৰিছে সুমনে। হাজোৰ গণেশটোলাত কেদাৰ-কামেশ্বৰ মন্দিৰৰ পানী যোগান আঁচনিটোৰ আধাৰশিলা স্থাপন কৰি হৰিপ্ৰিয়াই এইদৰে মন্তব্য কৰে। তেওঁ আকৌ কয় যে প্ৰথমৰপৰাই মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে বিজেপি বিধায়কসকলক ছাত্ৰৰ দৰে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত শিক্ষাপ্ৰদান কৰিছে।

আৰু পঢ়িব পাৰিব : চীনত আবদ্ধ ভাৰতৰ ৩৯ নাৱিক উভতিব দেশলৈ

একেদৰে আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত হৈ পানীযোগান আঁচনিৰ ধনৰ সদব্যৱহাৰ কৰিবলৈ নিৰ্দেশ বিভাগীয় প্ৰদান কৰিছে অভিযন্তাক। ৰাইজে এইবাৰ মাৰ্চ মাহৰ পূৰ্বে পানী লাভ কৰিব লাগিব বুলি বিভাগীয় অভিযন্তাক কয় বিধায়িকাগৰাকীয়ে। উল্লেখ্য যে হাজোত ৰুৰ্বান আঁচনি আৰু জলজীৱন আঁচনিৰ ধনেৰে নিৰ্মাণৰ কাম চলি থকা পানীযোগান আঁচনিসমূহৰ দুয়োটা আঁচনিৰ ধন যাতে সংপৃক্ত নহয় তাকো নজৰ ৰাখিব বুলি কয় বিধায়িকা সুমন হৰিপ্ৰিয়াই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক