--°C
Loading...
Listen to Article
2 min read
80%

হাজোঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ মন্তব্যই হাজোত পুনৰ টিকট লাভৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসী কৰি তুলিছে বিধায়িকা সুমন হৰিপ্ৰিয়াক। ৰঞ্জিত দাসৰ মতে ৰাজ্যৰ সকলো বিজেপি বিধায়কৰ ৰিপ'ৰ্ট কাৰ্ড ভাল। সেয়েহে সুমনে এইবাৰ টিকট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিব বুলি আত্মবিশ্বাসী তেওঁ।

আৰু পঢ়িব পাৰিব : ইতিহাস সৃষ্টি কৰিলে এয়াৰ ইণ্ডিয়াৰ মহিলা বৈমানিকে

ইপিনে ২০২১ত নিৰ্বাচন খেলিব বুলিয়ে প্ৰথমৰপৰাই হাজো সমষ্টিত কাম কৰিছে সুমনে। হাজোৰ গণেশটোলাত কেদাৰ-কামেশ্বৰ মন্দিৰৰ পানী যোগান আঁচনিটোৰ আধাৰশিলা স্থাপন কৰি হৰিপ্ৰিয়াই এইদৰে মন্তব্য কৰে। তেওঁ আকৌ কয় যে প্ৰথমৰপৰাই মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে বিজেপি বিধায়কসকলক ছাত্ৰৰ দৰে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত শিক্ষাপ্ৰদান কৰিছে।

আৰু পঢ়িব পাৰিব : চীনত আবদ্ধ ভাৰতৰ ৩৯ নাৱিক উভতিব দেশলৈ

একেদৰে আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত হৈ পানীযোগান আঁচনিৰ ধনৰ সদব্যৱহাৰ কৰিবলৈ নিৰ্দেশ বিভাগীয় প্ৰদান কৰিছে অভিযন্তাক। ৰাইজে এইবাৰ মাৰ্চ মাহৰ পূৰ্বে পানী লাভ কৰিব লাগিব বুলি বিভাগীয় অভিযন্তাক কয় বিধায়িকাগৰাকীয়ে। উল্লেখ্য যে হাজোত ৰুৰ্বান আঁচনি আৰু জলজীৱন আঁচনিৰ ধনেৰে নিৰ্মাণৰ কাম চলি থকা পানীযোগান আঁচনিসমূহৰ দুয়োটা আঁচনিৰ ধন যাতে সংপৃক্ত নহয় তাকো নজৰ ৰাখিব বুলি কয় বিধায়িকা সুমন হৰিপ্ৰিয়াই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ