--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইন বিভাগৰ উদ্যোগত আজি ‘ৰাজ্যিক আইন অভিৱৰ্তন’ অনুষ্ঠিত হৈছে৷ মাছখোৱাৰ প্ৰাগজ্যোতিষ আইটিএ চেণ্টাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান৷ অনুষ্ঠানত ‘ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি প্ৰত্যাহ্বান আৰু ভাবুকি’ শীৰ্ষক বিষয়ত উদ্বোধনী বক্তব্য প্ৰদান কৰে ৰাজ্যসভাৰ সাংসদ, দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী তথা গৃহমন্ত্ৰী পি চিদাম্বৰমে৷ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে চিদাম্বৰমে বক্তব্য প্ৰদান কৰে৷

আৰু পঢ়িব পাৰিব : লোমহৰ্ষক : বান্দ্ৰাৰ হাস্পতালত অগ্নিকাণ্ডত ১০ নৱজাতকৰ মৃত্যু

উল্লেখ্য যে, পি চিদাম্বৰমে ভাৰ্চুৱেল ভাষণৰ প্ৰাক মুহূৰ্তত ধমক দিলে ৰাজ্যিক সভাপতি ৰিপুণ বৰাক৷ চিদাম্বৰমৰ ফোন ৰিচিভ নকৰাৰ বাবে অভিৱৰ্তনতে ধমক ৰিপুণ বৰাক৷ এই অনুষ্ঠানত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আইন আৰু মানৱ অধিকাৰ বিভাগৰ অধ্যক্ষ বিবেক তানখা৷

আৰু পঢ়িব পাৰিব : কাৰাৰুদ্ধ অখিল গগৈ ‘ৰাইজৰ দল’ৰ সভাপতি : ৯০ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন…

পি চিদাম্বৰমে বক্তব্যত কয়, ২০১৯- ২০ৰ দৰে গণতন্ত্ৰৰ প্ৰতি ভয়ানক বৰ্ষ কেতিয়াও নাছিল ভাৰতত৷ এই পৰিবেশৰ পৰা দেশক উদ্ধাৰৰ বিকল্প নাই৷ দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি সৃষ্টি হৈছে প্ৰচণ্ড ভাবুকি। বিজেপিৰ শাসনত দেশৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰতি সৃষ্টি হৈছে প্ৰথম প্ৰত্যাহ্বান। স্বতন্ত্ৰ প্ৰতিষ্ঠানৰ প্ৰতিও সৃষ্টি হৈছে ভাবুকি। চিদাম্বৰমে লগতে কয়, নিৰ্বাচন আয়োগো বাদ পৰা নাই এই প্ৰক্ৰিয়াৰ পৰা। সংখ্যালঘুৰ অধিকাৰৰ প্ৰতি সচেতন নহয় বিজেপি চৰকাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক