--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম বিদ্বেষী মন্তব্য কৰা দিল্লীৱালা নেত্রী ছৈয়দা হামিদৰ বিৰুদ্ধে কমেও ১৫খন জিলাত এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদে

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ 'প্রপাগাণ্ডা মেচিন'ৰ শ্রুতলিপি অনুসৰি অসম বিদ্বেষী মন্তব্য কৰা দিল্লীৱালা নেত্রী ছৈয়দা হামিদৰ বিৰুদ্ধে কমেও ১৫খন জিলাত এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদে।


দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিবৃতিত উল্লেখ কৰে যে গুৱাহাটী মহানগৰসহ ৰাজ্যখনৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰি জাতীয় পৰিষদৰ নেতাসকলে হামিদক গ্ৰেপ্তাৰ কৰি ৰাজ্যত সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰাৰ ষড়যন্ত্র প্রতিহত কৰাৰ দাবী জনায়।


উল্লেখযোগ্য যে পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে ২৪ আগষ্টৰ দিনা গুৱাহাটীলৈ আহি 'অসমত বাংলাদেশী থাকিলে কি অসুবিধা' বুলি প্রশ্ন কৰি অবৈধ নাগৰিকৰ হৈ ওকালতি কৰাই নহয়, পিছদিনা দিল্লীত 'অসম এখন ভয়ংকৰ ঠাই' হৈ পৰা আৰু 'অসমীয়া জাতিয়ে ফ্রাংকেষ্টাইন'ৰ ভূমিকা গ্ৰহণ কৰা বুলি মত প্রকাশ কৰিছিল।


ভূঞাই কয় যে অসম জাতীয় পৰিষদে ইতিপূর্বে অভিযোগ কৰিছে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতে সু-সম্পর্ক থকা এজন ব্যক্তিৰ লগত চৈয়দা হামিদ অতি ঘনিষ্ঠ। অর্থাৎ সেই ব্যক্তিজনৰ জৰিয়তে ছৈয়দা হামিদক তেনেদৰে বক্তব্য দি অসমত সাম্প্রদায়িক পৰিৱেশ ৰচিবলৈ মুখ্যমন্ত্রী শর্মাইহে শ্রুতলিপি দিয়াইছিল। নেত্ৰীগৰাকীৰ উক্ত বক্তব্যই অসমীয়া জাতিক অপমান কৰা আৰু তেওঁৰ বক্তব্যই অসমত গোষ্ঠীগত বিভেদৰ সৃষ্টি কৰিব বুলি আশংকা কৰি আজি অসম জাতীয় পৰিষদে তেওঁৰ বিৰুদ্ধে জিলাই জিলাই বিভিন্ন থানাত এজাহাৰ দাখিল কৰে। তাৰে কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটীৰ দিছপুৰ থানাত আৰু বাকী জিলা সমিতিসমূহে সংশ্লিষ্ট জিলাৰ থানাসমূহত এজাহাৰ দাখিল কৰে।


কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেও, যোৰহাট, নগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, বজালী, বৰপেটা, নলবাৰী আৰু কৰিমগঞ্জ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰে। এজাহাৰত নেত্ৰীগৰাকীৰ বিৰুদ্ধে অসমবাসীৰ জাতীয় অনুভূতিত আঘাত কৰা আৰু সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰি দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টিৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদে। সেই মর্মে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায়িক সংহিতাৰ ১৯৫, ৩৫৩ আৰু ৩৫৬ ধাৰাৰ লগতে অন্য প্রয়োজনীয় ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাৰ দাবী কৰা হয়।


জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ভূঞাই কয় যে তেওঁলোকে ইতিপূর্বে সংবাদমেলযোগে ছৈয়দা হামিদক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনাইছিল। কিন্তু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই গ্ৰেপ্তাৰ নকৰোঁ বুলি কৈছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে ছৈয়দা হামিদ কাৰ মানুহ আৰু কাৰ শ্রুতলিপিত তেওঁ উক্ত কাম কৰিছে। এইবাৰ এজাহাৰ দাখিল কৰা হৈছে। এইবাৰো যদি গ্ৰেপ্তাৰ নকৰে বা ছৈয়দা হামিদক সাৰি যাবলৈ দিয়ে, তেনেহ'লে প্রমাণ হৈ যাব যে ছৈয়দা হামিদৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিতৰুৱা বুজাবুজি আছে বুলি দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক