--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি ৰাস্তা পদূলি, ৰে’লত, অফিচত, বাছৰ ভিতৰত সকলো ঠাইতে কাণত ইয়াৰবাড পিন্ধা মানুহ দেখিবলৈ পোৱা যায়। বেতাঁৰ ইয়াৰবাড সাধাৰণ হৈ পৰাৰ পৰাই মানুহে ইয়াক অধিক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু সকলো সময়তে ইয়াৰবাড পিন্ধাটো শৰীৰৰ বাবে অপকাৰী। ইয়াৰ ফলত কাণৰ ক্ষতি হয়। যদি আপোনাৰ মনত প্ৰশ্ন আহি আছে যে ই কাণত কেনেকৈ ক্ষতি কৰে, সেই বিষয়ে জানো আহক ৷ 


উল্লেখ্য যে যদি আমি ইয়াৰবাডৰ জৰিয়তে এটা ডাঙৰ শব্দ শুনো, তেন্তে সেই শব্দই আমাৰ কাণৰ ভিতৰৰ অতি সৰু নোমবোৰ দ্ৰুতগতিত কম্পন কৰে। এই নোমবোৰ যেতিয়া দীৰ্ঘদিন ধৰি দ্ৰুতগতিত কম্পন কৰে তেতিয়া হয় এইবোৰ সৰিবলৈ আৰম্ভ কৰে নতুবা শুকান হৈ পৰে। যাৰ বাবে আপুনি স্থায়ীভাৱে শ্ৰৱণ ক্ষমতা হেৰুৱাব পাৰে। এই চুলিৰ কোষবোৰ পুনৰ বৃদ্ধি নহয়। দীৰ্ঘদিন ধৰি উচ্চস্বৰত গীত শুনিলে টিনিটাছ নামৰ ৰোগ হয়। এই ৰোগত এজন ব্যক্তিয়ে স্বয়ংক্ৰিয়ভাৱে বিভিন্ন ধৰণৰ শব্দ শুনিবলৈ আৰম্ভ কৰে।

ইয়াৰবাড অত্যধিক ব্যৱহাৰৰ ফলত শ্ৰৱণ ক্ষমতাৰ সমস্যা, সংক্ৰমণ আৰু কাণৰ বিষৰ সমস্যাই দেখা দিব পাৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি তলত উল্লেখিত সমাধান গ্ৰহণ কৰিব পাৰে -

১)ভাল কোম্পানীৰ ইয়াৰবাড ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ৷ ব্যৱহাৰৰ সময়ত মন কৰিব যে কাণখন বিষ হৈছে নেকি ৷

২)ইয়াৰবাড ব্যৱহাৰ কৰাৰ পূৰ্বে চেনিটাইজাৰেৰে পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব ৷

৩) যদি একেৰাহে বহু ঘন্টা ধৰি ব্যৱহাৰ কৰি আছে তেন্তে প্ৰতি ঘণ্টাৰ পিচত ৫-১০ মিনিট আঁতৰাই কাণ দুখনক অলপ জিৰণি দিয়ক ৷

৪)পৰাপক্ষত ভলিউম মাত্ৰ ৪০ শতাংশহে ৰাখক ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ