--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰী মানেই পশ্চিমত প্ৰেমৰ মাহ। দেশ-বিদেশত ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ প্ৰেম সপ্তাহ পালন কৰা হয়। যদিও প্ৰেম সপ্তাহ উদ্‌যাপন এক বিদেশী সংস্কৃতি, ভাৰতীয়সকলে এতিয়া এই ধাৰাক আকোঁৱালি লৈছে। সপ্তাহটো আৰম্ভ হয় ‘ৰ’জ ডে’ৰ পৰা।বহু ঠাইত কালিৰ দিনটোত প্ৰেমাস্পদক গোলাপ ফুল দিয়া দেখা গৈছে। গোলাপ হৈছে মৰম আৰু প্ৰেমৰ প্ৰতীক। ব্লিংকিটৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় বজাৰত গোলাপৰ চাহিদা বৃদ্ধিয়ে চলিত বৰ্ষৰ ৰ’জ ডেত সৰ্বকালৰ বিক্ৰী অতিক্ৰম কৰিছে।


ব্লিংকিটৰ চিইঅ’ আলৱিণ্ডাৰ ডিণ্ডছা জেই কয় যে চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত তেওঁৰ কোম্পানীত প্ৰতি মিনিটত ১০৮টা গোলাপ ফুলৰ থোপা বিক্ৰী হৈছিল। আলৱিণ্ডাৰে লগতে কয়, "২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত আমি যিমান পৰিমাণৰ গোলাপ বিক্ৰী কৰিছিলো, ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা পুৱা ১১ বজাৰ ভিতৰত আমি সিমান গোলাপ বিক্ৰী কৰিছিলোঁ।" আলৱিণ্ডাৰৰ এই পোষ্ট ভাইৰেল হোৱাৰ পাছত নেটিজেনে ধেমেলীয়া মন্তব্য কৰিবলৈ আৰম্ভ কৰে। এজন ব্যক্তিয়ে লিখিছে, "আপুনি নিজৰ সংস্কৃতিৰ বিষয়ে ইমান কথা কোৱা দেখা নাযায়!"আন এজন নেটিজেনে সুধিছে, "সেইদিনা গোলাপ ফুলৰ বিক্ৰী নে আন কিবা সামগ্ৰীৰো বিক্ৰী বাঢ়িল? " আন এজন নেটিজেনে লিখিছে, "সকলোৱে ইমানেই গোলাপ কিনিলে তথাপিও মই এটাও গোলাপ নাপালোঁ।''

কিন্তু কেৱল ‘ৰ’জ ডে’-এ নহয়, বহুজন ‘চকলেট ডে’ক লৈ অত্যন্ত উৎসাহী৷ আলৱিণ্ডাৰে লিখিছে, "৯ ফেব্ৰুৱাৰীতহে 'চকলেট ডে', কিন্তু তাৰ আগতেও আমাৰ এপত চকলেটৰ বিক্ৰী বৃদ্ধি পাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ