--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰী মানেই পশ্চিমত প্ৰেমৰ মাহ। দেশ-বিদেশত ৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ প্ৰেম সপ্তাহ পালন কৰা হয়। যদিও প্ৰেম সপ্তাহ উদ্‌যাপন এক বিদেশী সংস্কৃতি, ভাৰতীয়সকলে এতিয়া এই ধাৰাক আকোঁৱালি লৈছে। সপ্তাহটো আৰম্ভ হয় ‘ৰ’জ ডে’ৰ পৰা।বহু ঠাইত কালিৰ দিনটোত প্ৰেমাস্পদক গোলাপ ফুল দিয়া দেখা গৈছে। গোলাপ হৈছে মৰম আৰু প্ৰেমৰ প্ৰতীক। ব্লিংকিটৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় বজাৰত গোলাপৰ চাহিদা বৃদ্ধিয়ে চলিত বৰ্ষৰ ৰ’জ ডেত সৰ্বকালৰ বিক্ৰী অতিক্ৰম কৰিছে।


ব্লিংকিটৰ চিইঅ’ আলৱিণ্ডাৰ ডিণ্ডছা জেই কয় যে চলিত বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত তেওঁৰ কোম্পানীত প্ৰতি মিনিটত ১০৮টা গোলাপ ফুলৰ থোপা বিক্ৰী হৈছিল। আলৱিণ্ডাৰে লগতে কয়, "২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত আমি যিমান পৰিমাণৰ গোলাপ বিক্ৰী কৰিছিলো, ২০২৪ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা পুৱা ১১ বজাৰ ভিতৰত আমি সিমান গোলাপ বিক্ৰী কৰিছিলোঁ।" আলৱিণ্ডাৰৰ এই পোষ্ট ভাইৰেল হোৱাৰ পাছত নেটিজেনে ধেমেলীয়া মন্তব্য কৰিবলৈ আৰম্ভ কৰে। এজন ব্যক্তিয়ে লিখিছে, "আপুনি নিজৰ সংস্কৃতিৰ বিষয়ে ইমান কথা কোৱা দেখা নাযায়!"আন এজন নেটিজেনে সুধিছে, "সেইদিনা গোলাপ ফুলৰ বিক্ৰী নে আন কিবা সামগ্ৰীৰো বিক্ৰী বাঢ়িল? " আন এজন নেটিজেনে লিখিছে, "সকলোৱে ইমানেই গোলাপ কিনিলে তথাপিও মই এটাও গোলাপ নাপালোঁ।''

কিন্তু কেৱল ‘ৰ’জ ডে’-এ নহয়, বহুজন ‘চকলেট ডে’ক লৈ অত্যন্ত উৎসাহী৷ আলৱিণ্ডাৰে লিখিছে, "৯ ফেব্ৰুৱাৰীতহে 'চকলেট ডে', কিন্তু তাৰ আগতেও আমাৰ এপত চকলেটৰ বিক্ৰী বৃদ্ধি পাইছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন