--°C
Loading...
Listen to Article
2 min read
80%
৮/০২/২০২৪।। বৃহস্পতিবাৰ

মেষ- কামৰ বোজা বৃদ্ধি পাব। সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা আছে। পিতৃৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব। দাম্পত্য জীৱনত সুখৰ খবৰ আহিব পাৰে। খৰছৰ মাত্ৰা বাঢ়িব । শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।

বৃষ- সম্পত্তি ক্ৰয় কৰাৰ সময়ত সাৱধান হ’ব। গণেশৰ কৃপা থাকিব। সকলো কামেই আজি সুকলমে সমাপ্ত হ’ব। কোনো বেলেগ লোকে দিয়া পৰামৰ্শক চকু বন্ধ কৰি বিশ্বাস নকৰিব। শুভ সংখ্যা ১, শুভ ৰং বাদামী।

মিথুন- কৰ্মস্থানত সহনশীলতা বজাই ৰাখিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। দাম্পত্য জীৱনত সুখৰ সময় আহিব। পেটৰ সমস্যাই দেখা দিব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং আকাশী।

কৰ্কট- কোনো বিশেষ কামৰ বাবে আপুনি প্ৰেৰণা লাভ কৰিব। প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব। আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য বজায় চলিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। শুভ সংখ্যা ৮,শুভ ৰং মেৰুণ।

সিংহ- ধাৰলৈ দিয়া পইচা ঘূৰাই পাব। দীৰ্ঘদিন ধৰি অমীমাংসিত পৰিকল্পনা আৰম্ভ কৰাৰ সঠিক সময়। কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং কমলা।

কন্যা- কোনো ডাঙৰ সুযোগ হাতলৈ আহিব। খং কমাব। কৰ্মত বাধা আহিব। সিদ্ধান্ত লওঁতে সাৱধান হ’ব। গণেশক আৰাধনা কৰিব। বিপদত পৰা লোকক সহায় কৰিব। শুভ সংখ্যা ৩, শুভ ৰং বগা।


তুলা – দিনটো সাৱধানে থাকিব। কোনো ব্যক্তিৰ পৰা সহায় পাব। কৰ্মক্ষেত্ৰত পৰিস্থিতি জটিল হ’ব। শুভ সংখ্যা ৫, শুভ ৰং বেঙুণীয়া।

বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

ধনু – আজি বিদেশ যোৱাৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চ স্থান অধিকাৰ কৰিব। প্ৰেমাস্পদক সন্দেহ নকৰিব।শুভ সংখ্যা ৪, শুভ ৰং হালধীয়া।

মকৰ – আজি স্বাস্থ্য ঠিকে নাযাব। বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ৯, শুভ ৰং গেৰুৱা।

কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ'লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে কিছুমান কথাৰ পৰা দূৰত থাকক। শুভ সংখ্যা ৫, শুভ ৰং সোণালী।

মীন – আৰ্থিক স্থিতি শক্তিশালী হ’ব। খৰচত নিয়ন্ত্ৰণ কৰক। হঠাতে পুৰণি বন্ধুক লগ পাব পাৰে। কাম-কাজত পৰিৱৰ্তন আহিব।শুভ সংখ্যা ১, শুভ ৰং ৰঙা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ