জাপান মাষ্টাৰ্ছ প্ৰতিযোগিতাত নিজৰ প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰিছে ভাৰতৰ শীৰ্ষস্থানীয় বেডমিণ্টন খেলুৱৈসকলে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ অভিজ্ঞ খেলুৱৈ কিদামম্বী শ্ৰীকান্ত আৰু যুৱ শ্বাটলাৰ লক্ষ্য সেনে।
অনুষ্ঠানটোত এক বৃহৎ আপছেট ঘটাই শ্ৰীকান্তেম বিশ্বৰ অষ্টম স্থানপ্ৰাপ্ত খেলুৱৈ কোডাই নাৰাওকাক পৰাজিত কৰিবলৈ সক্ষম হয়। নিজৰ সুন্দৰ খেল প্ৰদৰ্শন আৰু মানসিক দৃঢ়তাৰে উচ্চ ৰেংকিঙৰ প্ৰতিদ্বন্দীগৰাকীক হৰুৱাই পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হয় তেওঁ।
আনহাতে, শ্ৰীকান্তৰ লগতে ভাৰতৰ আনগৰাকী তাৰকা লক্ষ্য সেনেও নিজৰ মেচখনত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাখনৰ পৰৱৰ্তী পৰ্যায়ত এই বিজয়ী ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে খেলুৱৈ দুগৰাকীয়ে প্ৰস্তুতি চলাব।