নয়াদিল্লী: যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত দেশে লাভ কৰিছে এক গুৰুত্বপূৰ্ণ সাফল্য। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত গোলবেল টিউবাৰকিউলোচিছ ৰিপ'ৰ্ট ২০২৬ অনুসৰি, ২০১৫ চনৰ তুলনাত ভাৰতত যক্ষ্মা ৰোগত মৃত্যুৰ হাৰ ৩৮ শতাংশ হ্ৰাস পাইছে। বিশ্বৰ সামগ্ৰিক হ্ৰাসৰ হাৰ ৩৫ শতাংশ হোৱাৰ বিপৰীতে ভাৰতৰ এই প্ৰদৰ্শন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ইয়াৰোপৰি ঔষধ-সংবেদনশীল যক্ষ্মা ৰোগীসকলৰ ক্ষেত্ৰত চিকিৎসাৰ সফলতৰ হাৰ ৯৪ শতাংশলৈ বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ অধীনত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলশ্ৰুতিত এই সাফল্য অর্জন সম্ভৱ হৈছে বুলি এক বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। এই যাত্ৰাত কৃত্ৰিম বুদ্ধিমত্তা বা এআইযুক্ত এক্স-ৰে'ৰ ব্যৱহাৰ, ক্ষিপ্ৰ ৰোগ নিৰ্ণয়, সময়মতে চিকিৎসা আৰম্ভ কৰা আৰু ৰোগীসকলক সঠিক যত্ন প্ৰদান কৰা আদি ব্যৱস্থায় বিশেষ ভূমিকা পালন কৰিছে। ইয়াৰ লগতে নি-ক্ষয় পোষণ যোজনা আৰু নি-ক্ষয় মিত্ৰ অভিযানৰ জৰিয়তে ৰোগীসকলক প্ৰয়োজনীয় পুষ্টিগত সহায়তা প্ৰদান কৰা হৈছে।