--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনৰ বাবে বহু অনুপম কথা কৈ গৈছে চাণক্যই। এতিয়াৰে পৰা প্ৰায় ২৫০০ বছৰ আগতেই  চাণক্যই মানুহৰ হিতৰ বাবে নানান কথা কৈ গৈছিল৷ যিবোৰ কথাৰ প্ৰাসংগিকতা আজিও আছে৷ চাণক্যই কৈছিল যে জীৱনত দুটা বস্তু আছে, যি দুটাৰ  অভাৱৰ বাবে এজন ব্যক্তিয়ে কেতিয়াও অনুশোচনা বা দুখ কৰিব নালাগে৷ কিয়নো ই ভৱিষ্যতে ব্যক্তিজনক দুবাৰ লাভাৱান্বিত  কৰিব। আচাৰ্য চাণক্যই  কি বিষয়ৰ বিষয়ে উল্লেখ কৰিছিল জানো আহক।

চাণক্যই কৈ গৈছে  যে যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু সততাৰে কাম সমাধা কৰাৰ  পিছতো প্ৰাপ্য সন্মান বা প্ৰশংসা নাপায়, তেন্তে  দুখ নকৰিব। যদি আপুনি কামৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে কাম সম্পূৰ্ণ কৰিছে, কিন্তু তাৰ পাছতো আপুনি উপযুক্ত সন্মান আৰু প্ৰাপ্য  নাপায়, বিচলিত নহ'ব। কাৰণ  ভৱিষ্যতে এই কঠোৰ পৰিশ্ৰমে আপোনাক অধিক  উচ্চতালৈ লৈ যাঅৰ্থাৎ যদি আপুনি ভাল কামৰ বাবে খ্যাতি বা প্ৰশংসা নাপায়, তেন্তে দুখ কৰাটো সমীচিন নহয়৷যিদৰে তেল পানীৰ সৈতে মিহলি কৰিলেও  তেলে  ইয়াৰ অস্তিত্বনেহেৰুৱায় , ঠিক তেনেদৰে  এজন উদাৰ,  পৰিশ্ৰমী, সৎ আৰু মানসিকভাবে সু-সজ্জিত ব্যক্তিয়ে তেওঁৰ কামৰ জৰিয়তে পৃথিৱীত তেওঁৰ পৰিচয় সৃষ্টি গঢ়ি তুলিবলৈ সক্ষম হয়৷ তেওঁক কোনেও বাধা দি ৰাখিব নোৱাৰে৷ 

দান হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। প্ৰতিজন মানুহে তেওঁৰ সামৰ্থ্য অনুসৰি দান কৰিব লাগে, সেয়েহে যিমান সম্ভৱ দান কৰিব লাগে ৷কিন্তু এক আন্তৰিক হৃদয়েৰে দান কৰিব লাগে৷   দাতব্য ধন দান কৰাৰ আনন্দ,তেতিয়াহে পোৱা যায় যেতিয়া যিকোনো বস্তু  স্বাৰ্থপৰ উদ্দেশ্য অবিহ
নে দান কৰা হয়। কেতিয়াও দুখ নকৰিব যে আপোনাৰ  দান কৰাৰ ক্ষমতা তেনেই সীমিত৷ কিয়নো আপুনি নিস্বাৰ্থ মনোভাৱৰ সৈতে এমুঠি খাদ্যশস্য দান কৰিলেও হাজাৰ বাৰ দিয়াৰ দৰে একেগুণ লাভ কৰিব। দান কৰাৰ বিনিময়ত একো পোৱাৰ ইচ্ছা কৰা উচিত নহয়।দান কৰা বস্তুকলৈ কেতিয়াও অনুশোচনা বা দুখ নকৰিব৷ দেখিব সুখ-সম্পদেৰে ভৰি পৰিছে আপোনাৰ জীৱন৷ চাণক্যৰ এনেবোৰ কথাই যুগ যুগ ধৰি মানুহক অনুপ্ৰাণিত কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ