--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুই বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। ফেংছুইৰ বিধান অনুসৰি ঘৰ এখন সজালে বহু শুভ ফল পোৱা যায়। বহুতে ঘৰত ঘৰত জাহাজৰ প্ৰতিকৃতি ৰাখে। জাহাজৰ প্ৰতিকৃতি ফেংছুইৰ মতে সৌভাগ্যৰ প্ৰতীক। আজিকালি বজাৰত ধাতু, কাঠ, বাঁহ আদিৰে নিৰ্মাণ কৰা জাহাজৰ বিভিন্ন ধৰণৰ সুদৃশ্য প্ৰতিকৃতি কিনিবলৈ পোৱা যায় । এনেধৰণৰ প্ৰতিকৃতি যদি ঘৰৰ বিভিন্ন কোঠাত সজাই ৰখা হয় তেন্তে সেয়া সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক হৈ পৰে। থকা ঘৰৰ লগতে কাৰ্যালয় আদিতো যদি জাহাজৰ প্ৰতিকৃতি ৰখা হয় তেন্তে অতি বিস্ময়কৰভাৱে সুখ আৰু সমৃদ্ধিয়ে আহি সকলোৰে লগ দিব।

অৱশ্যে জাহাজৰ প্ৰতিকৃতি পোনে পোনে বজাৰৰ পৰা কিনি আনি যিকোনো অৱস্থানত ঘৰত সজাই ৰাখিলেই সমৃদ্ধি নাহিব। জাহাজৰ প্রতিকৃতিৰ সন্মুখভাগ অর্থাৎ মুখ যাতে ঘৰৰ বাহিৰৰ দিশে নাথাকে সেই কথালৈ মন দিব লাগিব। জাহাজৰ সন্মুখভাগ যদি ঘৰৰ বাহিৰৰ দিশে ৰখা হয় তেন্তে সমৃদ্ধিয়ে ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ সলনি বাহিৰলৈহে যাব। 

সেয়ে জাহাজৰ সন্মুখভাগ ঘৰৰ ভিতৰৰ দিশে ৰাখিব লাগে যেন জাহাজখন ঘৰৰ ভিতৰলৈহে আহি আছে। টাইটানিক জাহাজৰ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু ঘটিছিল। আজিকালি বজাৰত টাইটানিক জাহাজৰ বহু প্ৰতিকৃতি পোৱা যায়। কিন্তু এনে টাইটানিক জাহাজৰ প্ৰতিকৃতি ঘৰত কেতিয়াও নাৰাখিব। দুৰ্ঘটনাত পতিত হোৱা জাহাজৰ প্ৰতিকৃতিয়ে শুভ ফলৰ সলনি অশুভ ফলহে দিব। 

সেয়ে জাহাজৰ মডেল নির্বাচন কৰোঁতে সাৱধান হ'ব। ঘৰত ৰাখিব বিচৰা জাহাজখনৰ আহি যাত্রীবাহী জাহাজৰ সলনি মাল পৰিবাহী জাহাজৰ আহি হ'লে বেছি ভাল হয়। জাহাজৰ লগত আপুনি কেতবোৰ নকল সোণৰ মুদ্ৰাও একেলগে ৰাখিব পাৰে । যদি নকল সোণৰ মুদ্ৰা পোৱা নাযায় তেন্তে সাধাৰণ মুদ্রাকেই জাহাজৰ সৈতে সজাই থ'লে লক্ষ্মী দেৱীয়ে ঘৰত সহজে প্ৰৱেশ কৰিব পাৰে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ