--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাছ হৈছে বিশ্বৰ দীৰ্ঘজীৱী প্রাণীসমূহৰ ভিতৰত অন্যতম। কাছৰ সৰ্বাধিক জীৱনকাল ৩০০ বছৰ অথবা তাতোকৈয়ো বেছি হ'ব পাৰে। অৰ্থাৎ‍ একোটা কাছই মানুহৰ কেইবাটাও প্ৰজন্মৰ সংস্পৰ্শলৈ আহিব পাৰে। সেয়ে কাছক দীর্ঘায়ুৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 

ফেংছুইৰ মতে কাছৰ দেহৰ পৰা বিচ্ছুৰিত শক্তিয়ে মানুহৰ আয়ুস বৃদ্ধি কৰে। জীৱন্ত কাছ যিহেতু মানুহে ঘৰত ৰখাটো সম্ভৱ নহয়, সেয়ে কাছৰ মূৰ্তি ঘৰত ৰাখিলেও মানুহে সুফল লাভ কৰিব পাৰে। কাঠ, বাঁহ, ধাতু আদিৰে নিৰ্মাণ কৰা কাছৰ মূৰ্তি ঘৰৰ নিৰ্দিষ্ট স্থানত ৰাখিব লাগে। ফেংছুইৰ মতে উত্তৰ দিশটো হ'ল জল তথা সৌভাগ্যৰ অৱস্থানৰ দিশ ।

কাছ যিহেতু পানীত থাকে, সেইবাবে ঘৰৰ উত্তৰ দিশত কাছৰ মূৰ্তি স্থাপন কৰিলে ঘৰৰ সদস্যসকলে দীর্ঘজীৱন লাভ কৰাৰ লগতে সৌভাগ্য বৃদ্ধি পায়। একেদৰে ঘৰৰ ভিতৰৰ উত্তৰ দিশত কোনো পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰাখিলেও একে শুভ ফলেই লাভ কৰা যায়। 

আপোনাৰ শোৱনি কোঠাটো যদি উত্তৰ দিশে স্থপন কৰা হয় তেন্তে তেনে শোৱনি কোঠাৰ ভিতৰত পানীপূৰ্ণ পাত্ৰত কাছৰ মূৰ্তি ৰখাৰ সলনি মূৰ্তিটো এনেই ৰাখিলে সুফল পোৱা যাব। কাৰণ শোৱনি কোঠাত কেতিয়াও পানী ৰাখিব নালাগে। যদি আপোনাৰ ঘৰৰ উত্তৰ দিশে কোনো মুকলি ঠাই থাকে তেন্তে সেই ঠাইত এটা সৰু পুখুৰী অথবা জলাশয় সৃষ্টি কৰি তাত কাছ ৰাখিব পাৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ