--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুৰ বিধান অনুসৰি ঘৰ নিৰ্মাণ কৰিলে ঘৰত সুখ-শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়। পাকঘৰ বা ৰান্ধনীশালতেই  আহাৰ তৈয়াৰ কৰা হয়৷ সেয়ে বাস্তু শাস্ত্ৰৰ মতে পাকঘৰটো সঠিক স্থানত সঠিকভাবে সজাই তুলিব লাগে৷ দৰাচলতে বাস্তুশাস্ত্ৰ এক বিজ্ঞান৷ আমাৰ দৈনন্দিন জীৱনৰ বহু সৰু-সুৰা কথাৰ ওপৰতে সুখ-সমৃদ্ধিৰ বিষয়সমূহো নিৰ্ভৰ কৰে৷ 

দৈনন্দিন জীৱনৰ তেনে বহু সৰু-সুৰা কথাই বাস্তুশাস্ত্ৰই নিৰ্ধাৰণ কৰি দিছে৷ বাস্তুশাস্ত্ৰৰ মতে ঘৰ খন সজাব পাৰিলে বহু সুফল পোৱা যায়৷ পাকঘৰ বা ৰান্ধনীশাল ঘৰ এখনৰ এৰাব নোৱাৰা অংগ৷ সেয়ে পাকঘৰটো ঘৰৰ সঠিক দিশত স্থাপন কৰাটো অতি গুৰুত্বপূৰ্ণ কথা৷

 বাস্তু শাস্ত্ৰই ৰান্ধনীশাল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ বিধান দিছে। ৰান্ধনীশালত পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন হয়। সেইবাবে পাকঘৰ বা ৰান্ধনীশাল সদায় অগ্নিদেৱতা যিটো দিশৰ অধিপতি সেই দিশত নিৰ্মাণ কৰিব লাগে। দক্ষিণ-পূব কোণটো নিয়ন্ত্ৰণ কৰে অগ্নিদেৱতাই। 

সেইবাবে এই কোণক অগ্নিস্থান বুলি কোৱা হয়। ঘৰৰ দক্ষিণ-পূর্ব কোণটোত সেইবাবে ৰান্ধনীশাল নিৰ্মাণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। উত্তৰ পূব কোণতো ৰান্ধনীশাল নিৰ্মাণ কৰিব পৰা যায়। ৰান্ধনীশাল কেতিয়াও ঘৰৰ মাজভাগত নিৰ্মাণ কৰিব নালাগে। 

খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত দিশৰ কথাটোৰ প্রতি বিশেষ মন দিব লাগে। সাধাৰণতে পূব মুৱাহৈ খাদ্য বস্তু প্ৰস্তুত কৰাটো অতি ভাল। কেতিয়াও উত্তৰ বা পশ্চিমমুৱা হৈ খাদ্যবস্তু প্ৰস্তুত কৰিব নালাগে। ৰান্ধনীশালৰ বিভিন্ন সা-সঁজুলি আদি ৰাখিবলৈ যদি কোনো আলমাৰী আদি ব্যৱহাৰ কৰা হয় তেন্তে তেনে আলমাৰী দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে। 

ফ্রীজ আদি ৰখাৰ ক্ষেত্ৰত সদায় ৰান্ধনীশালৰ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। খোৱা চকী, মেজ আদি ৰান্ধনীশালৰ পশ্চিম দিশত স্থাপন কৰিব লাগে। বাচন-বৰ্তন থোৱা স্থান ৰান্ধনীশালৰ দক্ষিণ দিশত হ'ব লাগে। একেদৰে জলাধাৰ, ফিল্টাৰ আদি ৰাজনীশালৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?