--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাণক্যই প্ৰায় ২,৫০০ বছৰৰ পূৰ্বেই মানুহৰ উপকাৰত অহাকৈ নানা পৰামৰ্শ দি গৈছে।  দৰাচলত প্ৰায়ভাগ মানুহৰ মনৰ ভিতৰত অনবৰতে অধিক ধন আহৰণ কৰাৰ বাসনাই ক্ৰিয়া কৰি থাকে। সেই বাবেই বহু মানুহে নাখাই হ'লেও ধন সঞ্চয় কৰে। ধন সঞ্চয় কৰিলেও পিছে তেনে বহু লোকে ধন দান কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰে।

 কিন্তু সেই ধন এদিন তেনে লোকৰ বাবে অর্থহীন হৈ পৰে। চকুত লগোৱা কাজল একে সময়তে বেছিকৈ লগোৱা নহয়। চকুত অলপ অলপকৈ কাজল সদায় লগোৱাৰ ফলত এদিন কাজল শেষ হৈ যায়। উই পোকে মাটিত এদিনতে উই হাফলু সৃষ্টি নকৰে। লাহে লাহে উই পোকে মাটিত বৃহৎ উই হাফলুৰ সৃষ্টি কৰে আৰু তাৰ মাজতেই আবদ্ধ হৈ বাহিৰলৈ ওলাব নোৱাৰা হৈ পৰে। 

সেয়ে উই পোকে উই হাফলু সৃষ্টি কৰা কাৰ্যও এক বৃথা কাৰ্যৰ বাদে আন একো নহয়। চাণক্যই এই শ্লোকৰ জৰিয়তে সেয়ে উই হাফলু আৰু কাজলৰ অৱস্থা প্ৰত্যক্ষ কৰি মানুহৰ সঞ্চিত ধন কিছু পৰিমাণে হ'লেও দান- ধ্যানত ব্যয় কৰিবলৈ কৈছে। লগতে চাণক্যই তেওঁৰ  শ্লোকৰ জৰিয়তে আঠুৱা চাই ঠেং মেলাৰ কথাও কৈছে।  আঠুৱা চাই ঠেং মেলা বুলি আমাৰ মাজত এষাৰি প্ৰবচন প্ৰচলন কৈছে। অর্থাৎ মানুহে সদায় উপাৰ্জনৰ সৈতে সংগতি ৰাখি খৰচ কৰিব লাগে। এক টকা উপার্জন কৰি দহ টকা খৰচ কৰা মানুহজন এটা সময়ত বিপদত পৰিবই। 

ধনৰ বলত একাধিক নাৰীৰ সৈতে অবৈধ সম্পর্ক ৰক্ষা কৰা লোক এজন মানসিকভাবে বিষাক্ত হৈ পৰাৰ লগতে নানান ৰোগতো আক্ৰান্ত হোৱাৰ ভয় থাকে বুলি চাণক্যই কৈছে। সেয়ে তেওঁ সৎ কামত ধন ব্যয় কৰাৰ লগতে সাধ্যনুসৰি দান কৰাৰ কথাও কৈ গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ