--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰই মানুহক সুখৰ সন্ধান কিদৰে কৰিব পাৰি তাৰেই বিধি দিছে। তেনে নিয়মসমূহ মানি চলিব পাৰিলেই সুখ বৃদ্ধি পাব পাৰে। ঘৰৰ দুৱাৰসমূহ উত্তৰ আৰু পূবত থকা সংখ্যাতকৈ দক্ষিণ আৰু পশ্চিমৰ সংখ্যা যেন কম হয়, সেই কথালৈ মন কৰিব।

ঘৰৰ ভিতৰৰ চাৰিওটা কোণ কিছু খালীকৈ ৰাখিব। যাতে ঘৰৰ চাৰিওটা কোণত মানুহে সহজে খোজকাঢ়ি থাকিব পাৰে।

ঘৰৰ উত্তৰ-পূব দিশত ৰেলিংযুক্ত চিৰি নাৰাখিব।
ঘৰত কিমানটা আলমাৰী ৰাখিব তাৰ কোনো নির্দিষ্ট সংখ্যা নাই। কিন্তু আলমাৰীসমূহ যাতে উত্তৰ বা পূব কোণত স্থাপন কৰা হয়, সেই কথাৰ প্ৰতি মন দিব।

মাটিৰ তলত কোনো কুঁৱা, জলাধাৰ আদি নিৰ্মাণ কৰিব লগা হ'লে সেয়া উত্তৰ-পূৰ, উত্তৰ বা পূব দিশে নিৰ্মাণ কৰিব।

ঘৰৰ ছেফটি টেংক কেতিয়াও উত্তৰ-পূব দিশত নিৰ্মাণ নকৰিব ঘৰৰ দক্ষিণ-পশ্চিম অংশত যদি কোনো জলাশয় থাকে তেন্তে সেই জলাশয় যাতে চকুত হঠাতে নপৰে তাৰ বাবে আৱৰণৰ ব্যৱস্থা কৰিব। যদি ঘৰৰ শোৱনি কোঠা উত্তৰ-পূব দিশত হয় তেন্তে তাত দেৱ-দেৱীৰ ছবি ৰাখিব। লগতে শুভ চিনো আঁৰি ৰাখিব পাৰে।

ঘৰৰ অতিথিয়ে বহিব পৰা কোঠা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে।

শোৱাৰ সময়ত সদায় মূৰ দক্ষিণ বা পূব দিশে ৰাখিব লাগে।

পঢ়া-শুনা কৰা কোঠা ঘৰৰ দক্ষিণ-পশ্চিম কোণত স্থাপন কৰিব লাগে।

ঘৰৰ প্ৰৱেশদ্বাৰ যেন খুব ডাঙৰ অথবা খুব সৰু নহয় তাৰ প্ৰতি মন দিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰ ছয় ফুট × তিনি ফুট জোখৰ হ'ব লাগে। 

যি স্থানত ঘৰ সজা হয় সেই মাটিৰ পৰা যেন কেতিয়াও দুর্গন্ধ নোলায় সেই কথাৰ প্ৰতি মন দিব লাগে।

ঘৰৰ কাম কৰা লোকসকলৰ বাবে থকা কোঠা উত্তৰ পশ্চিম বা দক্ষিণ পূব দিশত স্থাপন কৰিব লাগে।

ঘৰৰ বেলকনি দক্ষিণ বা পশ্চিম দিশত স্থাপন কৰিব নালাগে।

ঘৰৰ বাৰাণ্ডা সদায় উত্তৰ, পূব আৰু উত্তৰ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ দক্ষিণ-পূব দিশত কোনো খালী ঠাই এৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম